বিষয় সংগীত ৩: সংগীত মানে কি

  • Published on 16 Aug 2023
বিষয় সংগীত ৩: সংগীত মানে কি

পূৰ্বৰ খণ্ড: বিষয় সংগীত ২: সংগীত সাধনা

কণিহঁত, তোমালোকে জ্যোতি সংগীত, ৰাভা সংগীত আদি শুনিছা নহয়? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা আৰু সুৰ কৰা গীতসমূহক জ্যোতি সংগীত আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখা আৰু সুৰ কৰা গীতসমূহক ৰাভা সংগীত বোলা হয়। এই যে ‘সংগীত’ শব্দটো পাইছা, সংগীত মানেনো কি জানানে?

“গীতং, বাদ্যম চ নৃত্যম ত্রয়ং সংগীতমূষ্যতে।” অৰ্থাৎ গীত, বাদ্য আৰু নৃত্য— এই তিনি কলাক একেলগে সংগীত বোলা হয়। গীত শব্দৰ লগত সম শব্দ যোগ কৰি অৰ্থাৎ সম+গীত = সংগীত শব্দৰ উৎপত্তি হৈছে।

পণ্ডিত সাৰংগ দেৱে তেওঁৰ ‘সংগীত ৰত্নাকৰ’ গ্ৰন্থত লিখিছে— গীতৰ অধীন বাদ্য আৰু বাদ্যৰ অধীন নৃত্য। অৰ্থাৎ এই তিনিটা কলা এটা আনটোৰ লগত ওতপ্ৰোতভাৱে জড়িত। ইয়াৰ ভিতৰত গীতক প্ৰথম স্থান দিয়া হয়। সংগীতৰ মূল উপাদান স্বৰ, তাল আৰু সাহিত্য।

আমি গান এটা গাওঁতে লগত বাদ্য বজালে ভাল লাগে, নহয় জানো? ঠিক সেইদৰে নৃত্যৰ লগত গীত আৰু বাদ্য বাজিলে নৃত্যটো ভাল লগাৰ লগতে বিষয়টো বুজি পোৱা হয়।

প্ৰাচীন কালৰ পৰা সংগীতৰ প্ৰচাৰ চলি আহিছে। সংগীত পৃথিৱীৰ সকলো স্থানতে বিদ্যমান। সংগীত জীৱ তথা জড় জগতৰ প্ৰাণ। ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক কৈছিল যে যিসকল ভক্তই গীত গুণগুণাই থাকে, তেওঁ সেইসকল লোকৰ মাজত বিৰাজমান। স্বৰ্গৰ দেৱ-দেৱতা, গন্ধৰ্ৱ সকলো সংগীতত মগ্ন হৈ থাকে।

ভাৰতীয় সংগীত এক কালজয়ী কলা। এই সংগীতৰ অপাৰ শক্তি আছে। পাছত তোমালোকক সংগীতৰ শক্তিৰ বিষয়ে কিছু কথা জনাম। পঢ়ি ভাল পাবা নিশ্চয়।

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম’ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪