কিৰণ তামূলীৰ শিশু-সাহিত্যৰ মৌচাক

  • Published on 30 Apr 2024
কিৰণ তামূলীৰ শিশু-সাহিত্যৰ মৌচাক

ৰমৰ মইনাহঁত, আজি তোমালোকক পঢ়ি খুব ভাল লগা এখন কিতাপৰ কথা ক’ম। কিৰণ তামূলী শিশু-সাহিত্য ন্যাসৰ হৈ মৌচাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৌচাক মামা অৰ্থাৎ শান্তনু তামূলী। গ্ৰন্থখনৰ সম্পাদকীয়ত ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ শিশু আলোচনী দুখনৰ লগত জন্মলগ্নৰে পৰা ২০২১ চনলৈকে নিয়মীয়াভাৱে লিখা ডা° কিৰণময়ী তামূলীৰ জীৱন আৰু ৰচনাৰাজিৰ পৰিচয় দিয়া হৈছে।

‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ত ‘ডাক্তৰ অহাৰ আগতে’ শিতানৰ লেখিকা আৰু ‘ডা° পেহী’ নামেৰে শিশুৰ মাজত জনপ্ৰিয় হোৱা ডা° কিৰণময়ী তামূলীয়ে শিশু উপন্যাস ‘অপৰাজেয়’, ভ্ৰমণ কাহিনী ‘টেমছৰ দুয়োপাৰ’ আৰু ‘আমেৰিকা আমেৰিকা’, সাধুকথা ‘শহা আৰু কাছৰ দৌৰ’, লগতে ‘জনা-নজনা ৰোগৰ কথা’ নামৰ চিকিৎসা বিজ্ঞানৰ এখন অতি মূল্যৱান পুথি ৰচনা কৰিছে, যিখনে মইনাহঁতক সৰুৰে পৰাই সচৰাচৰ হৈ থকা ২২বিধ ৰোগ-ব্যাধিৰ প্ৰতি সচেতন কৰি তুলিব। গ্ৰন্থখনত কিৰণময়ী বাইদেউৰ উল্লিখিত আটাইকেইখন শিশুগ্ৰন্থ একেলগ কৰি সংকলনটো প্ৰকাশ কৰি উলিয়াইছে।

গ্ৰন্থখনৰ ভূমিকাত প্ৰশান্ত কুমাৰ মহন্তই কিৰণময়ী বাইদেউৰ পৰিচয় দাঙি ধৰিছে। লগতে তাত শিশু গ্ৰন্থকেইখনৰ বিষয়বস্তুৰ আভাস পোৱা যায়। গ্ৰন্থখনৰ প্ৰথম অংশত সম্পাদকীয়, ভূমিকাৰ পাছত বাইদেউৰ শিশু পুথিকেইখন আৰু দ্বিতীয় অংশত বৰ গুৰুত্বপূৰ্ণ বিষয় এটাই স্থান পাইছে। সেইটো হৈছে কিৰণ তামূলীৰ গ্ৰন্থসমূহৰ আলোচনা। বিভিন্ন কাকত-আলোচনীৰ পাতত বাইদেউৰ শিশু গ্ৰন্থকেইখনৰ আলোচনা বিভিন্নজনে কৰিছে। সম্পাদকে সেইসমূহ সংগ্ৰহ কৰি সংকলনখনত প্ৰকাশ কৰিছে। গ্ৰন্থখনৰ আলোচনাৰ পৰা শিশুসকল বিশেষভাৱে উপকৃত হ’ব, কাৰণ আলোচনাসমূহ পঢ়াৰ পাছত গ্ৰন্থ এখন পঢ়িলে কেনেদৰে গ্ৰন্থখনৰ ওপৰত আলোচনা আগবঢ়াব পাৰি, আশা কৰোঁ, সেই বিষয়ে শিকিব পাৰিব।

কিৰণ তামূলীৰ শিশু-সাহিত্যৰ মৌচাক

মুঠৰ ওপৰত মৌচাক প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা ‘কিৰণ তামূলীৰ শিশু-সাহিত্যৰ মৌচাক’ গ্ৰন্থখন শিশুসকলৰ বাবে এখন সৰ্বাংগসুন্দৰ গ্ৰন্থ। কেৱল শিশুৰ বাবেই নহয়, গ্ৰন্থখন অভিভাৱক বা ডাঙৰসকলৰ বাবেও সুপাঠ্য। আকৰ্ষণীয় বেটুপাতৰ গ্ৰন্থখন তোমালোকৰ মাজৰ কোনো কোনোৱে পঢ়িছা নিশ্চয়। যিসকলে পঢ়া নাই তেওঁলোকে গ্ৰন্থখন পঢ়িবা বুলি আশা ৰাখিলোঁ।