বৰগীত আৰু ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য
- Published on 13 Mar 2024
ম হাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ গীতসমূহক বৰগীত বোলা হয়। গুৰু দুজনাৰ গীতসমূহত তেওঁলোকৰ সমসাময়িক ভক্তসকলে নৱ বৈষ্ণৱ যুগত ৰচিত অন্যান্য গীতসমূহৰ পৰা পৃথক কৰিবৰ বাবে বৰগীত বিশেষণ প্ৰয়োগ কৰিছিল। ভাৱ, ভাষা, সুৰ, প্ৰকাশভংগী আৰু বিষয়বস্তুৰ গভীৰতাৰ ফালৰ পৰা গীতসমূহ আন গীততকৈ বৰ অৰ্থাৎ শ্ৰেষ্ঠ, সেয়ে মহাপুৰুষ দুজনাৰ ৰচিত গীতসমূহক বৰগীত আখ্যা দিয়া হয়।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণৰ লীলা আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ-চাতু্ৰীৰ বৰ্ণনা। পণ্ডিতসকলৰ মতে শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত বৰগীতৰ সংখ্যা একুৰি চৈধ্যটা (৩৪টা) আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীতৰ সংখ্যা নকুৰি এঘাৰটা (১৯১টা)।
বৰগীতৰ লক্ষণ:
- বৰগীত সমূহ শাস্ত্ৰীয় ৰাগ-তাল যুক্ত গীত।
- ইয়াৰ ভাষা ব্ৰজাৱলী।
- বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত।
- মহাপুৰুষ দুজনাৰ গীতসমূহক বৰগীত বোলে। এই গীতসমূহ নামধৰ্ম প্ৰচাৰৰ বাবে ৰচিত হৈছিল।
- বৰগীতসমূহ প্ৰধানতঃ ভক্তি ৰস প্ৰধান যদিও গীতসমূহত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰ সমাৱেশ ঘটিছে।
- মাধৱদেৱৰ বৰগীতসমূহত শিশু কৃষ্ণৰ লীলাৰ লগতে অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ দাঙি ধৰিছে।
- বৰগীতসমূহ চৈধ্য প্ৰসংগৰ অন্তৰ্গত।
ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য:
- ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা।
- শ্ৰীমন্ত শঙ্কৰদেৱৰ সময়ত অসম, বঙ্গ আৰু ওৰিশাত কৃত্ৰিম ভাষাৰ মাধ্যমত শ্ৰীকৃষ্ণ বিষয়ক গীত-পদৰ সৃষ্টি কৰা হৈছিল।
- এই কৃত্ৰিম ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়।
- ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ভাষা।
- মৈথিলীৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে।
- ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনিৰ প্ৰয়োগ হোৱা বাবে ই শ্ৰুতিমধুৰ।
লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম’ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪