প্ৰায়োগিক গণিতজ্ঞ এৰিষ্ট’টল

  • Published on 26 May 2024
প্ৰায়োগিক গণিতজ্ঞ এৰিষ্ট’টল

গ্ৰী চ দেশৰ ষ্টাগিৰা নামৰ চহৰত খ্ৰীষ্টপূৰ্ব ৩৮৪ত এৰিষ্ট’টল (Aristotle)ৰ জন্ম হৈছিল। খ্ৰীষ্টপূৰ্ব মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ। অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ ৩৮৪ বছৰ আগতে এৰিষ্ট’টলৰ জন্ম হৈছিল।

এৰিষ্ট’টল অতি মেধাৱী আৰু কঠোৰ পৰিশ্ৰমী আছিল। তেওঁৰ পিতৃ আছিল নিকোমেচাচ। নিকোমেচাচ ইউৰোপৰ গ্ৰীচ দেশৰ ৰাজ্য মেচিডনৰ ৰজা এমিণ্টাচৰ ব্যক্তিগত চিকিৎসক আছিল। এমিণ্টাচ আছিল বিশ্ব বিখ্যাত বীৰ আলেকজেণ্ডাৰৰ ককাক। এৰিষ্ট’টলৰ মাকৰ নাম আছিল ফিষ্টিয়াচ। সৰুতেই দেউতাক ঢুকুৱাত মাক ফিষ্টিয়াচেই এৰিষ্ট’টলক ডাঙৰ কৰিছিল আৰু এৰিষ্ট’টল দেউতাকৰ দৰেই এজন নামজ্বলা ডাক্তৰ হোৱাটো তেওঁ কামনা কৰিছিল।

এৰিষ্ট’টলে প্ৰাথমিক শিক্ষা ঘৰতে মাক আৰু গৃহ শিক্ষকৰ পৰা গ্ৰহণ কৰে। ওঠৰ বছৰ বয়সত মাকে তেওঁক গ্ৰীচৰ ৰাজধানী এথেন্সলৈ পঠায়। এথেন্সত সকলো বিষয় অধ্যয়নৰ সুবিধা আছিল আৰু বিশ্বৰ বিদগ্ধ পণ্ডিতসকলো তাতেই আছিল। তাত তেওঁ গ্ৰীচৰ সুবিখ্যাত দাৰ্শনিক প্লেটোৰ প্ৰিয় শিষ্য হৈ পৰে। এৰিষ্ট’টলে এথেন্স বিশ্ববিদ্যালয়ত প্লেটোৰ লগত সুদীৰ্ঘ কুৰি (২০) বছৰ কাল থাকি দৰ্শনৰ নানা শাস্ত্ৰ অধ্যয়ন কৰাৰ লগতে আন আন বিষয়সমূহ, যেনে— সাহিত্য, ৰাজনীতি, গণিত, জ্যোতিৰ্বিদ্যা, উদ্ভিদ বিদ্যা, প্ৰাণীবিদ্যা, সমুদ্ৰ বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানো অধ্যয়ন কৰিছিল। তেওঁ বিজ্ঞান আৰু দৰ্শনত অগাধ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। এথেন্সত তেওঁ এক ভ্ৰাম্যমাণ দৰ্শন বিদ্যালয় স্থাপন কৰিছিল।

প্লেটোৰ মৃত্যুৰ পাছত এৰিষ্ট’টলে এথেন্স ত্যাগ কৰে। তাৰ পাছত তেওঁ পাৰস্যৰ যুৱৰাজ হাৰমিয়াচে এছিয়া মাইনৰৰ ওচৰত পাতি লোৱা ৰাজ্যতে থাকিবলৈ লয়। যুৱৰাজে এৰিষ্ট’টলক নিজ দৰবাৰত ৰখাৰ উপৰিও ৰাজপৰিয়ালৰ এগৰাকী কন্যা তেওঁলৈ বিয়া দিয়ে।

এছিয়া মাইনৰ সমুদ্ৰ পাৰৰ দেশ আছিল। এৰিষ্ট’টলে সেই সময়তে সামুদ্ৰিক জীৱৰ বিষয়ে গৱেষণা আৰম্ভ কৰে। তেওঁ গৱেষণা কৰা জীৱসমূহৰ ভিতৰত কেট-ফিচ, ইলেকট্ৰিক এল, এংগেলাৰ ফিচ, অক্টোপাচ, ডগ ফিচ আদিয়েই প্ৰধান। তেওঁ বহুতো পুথি ৰচনা কৰিছিল, কিন্তু বেছিভাগ পুথিয়েই সংৰক্ষণ কৰিব পৰা নাছিল। এৰিষ্ট’টলে বিশ্বাস কৰিছিল যে পদাৰ্থ বিজ্ঞান আৰু আধ্যাত্মবিদ্যা (metaphysics)ৰ মাজতেই গণিতৰ স্থান। তেওঁৰ গণিত চৰ্চাৰ মুখ্য উদ্দেশ্য আছিল পদাৰ্থ বিজ্ঞানত কেনেকৈ গণিত ব্যৱহাৰ কৰিব পাৰি, সেই বিষয়ে চিন্তা-চৰ্চা কৰা। গণিত সম্বন্ধীয় তেওঁৰ দুখন উল্লেখযোগ্য পুথি হৈছে বলবিজ্ঞানৰ সমস্যা (Mechanical Problems) আৰু আনখন হৈছে ৰেখাৰ অবিভাজ্যতা (Indivisibility of Lines)। সম্পাদিত ৰূপত দুয়োখন পুথি ছপা কৰি উলিওৱা হৈছে। এই দিশৰ পৰা এৰিষ্ট’টলক এজন প্ৰায়োগিক গণিতজ্ঞ (applied mathematician) হিচাপে আখ্যা দিয়া হৈছে।

এৰিষ্ট’টলৰ আগতে চিত্ৰ থকা কোনো পাঠ্যপুথি নাছিল। এৰিষ্ট’টলেই পোনপ্ৰথমে চিত্ৰযুক্ত পাঠ্যপুথি লিখিবলৈ আৰম্ভ কৰে। তেওঁ বুজিছিল যে বিজ্ঞানৰ কথাবোৰ চিত্ৰৰ সহায়ত ব্যাখ্যা নকৰিলে আনে বুজি পোৱাটো কঠিন হৈ পৰে। এৰিষ্ট’টলৰ আগলৈকে পাটীগণিত (arithmetic) আৰু জ্যামিতিৰ অধ্যয়ন বেলেগে বেলেগে হোৱা নাছিল। এৰিষ্ট’টলে এই বিষয় দুটাৰ স্বকীয় বৈশিষ্ট্য আৰু লক্ষণসমূহ আঙুলিয়াই দি পৃথকে পৃথকে অধ্যয়ন কৰাত গুৰুত্ব আৰোপ কৰে। আধুনিক গণিতৰ অতি গুৰুত্বপূৰ্ণ ধাৰণা অবিচ্ছিন্নতা (continuity)ৰ এটা গাণিতিক সংজ্ঞা দিবলৈ এৰিষ্ট’টলেই সৰ্বপ্ৰথমে চেষ্টা কৰিছিল।

গ্ৰীচ গ্ৰীচদেশৰ এক দৃশ্য

গ্ৰীচৰাজ এমিণ্টাচৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ফিলিপ মেচিডনৰ ৰজা হয়। খৃঃ পূঃ ৩৪২ত ফিলিপে তেওঁৰ পুত্ৰ আলেকজেণ্ডাৰক এৰিষ্ট’টলৰ ওচৰত শিক্ষা লাভ কৰিবলৈ পঠায়। আলেকজেণ্ডাৰে এৰিষ্ট’টলৰ লগত সাত বছৰ শিক্ষা গ্ৰহণ কৰাৰ পাছত ২১ বছৰ বয়সত মেচিডনৰ ৰজা হয়। সেই সময়তে এৰিষ্ট’টলো এথেন্সলৈ উভতি আহি নতুনকৈ স্কুল স্থাপন কৰে। এথেন্সত প্ৰায় তেৰ বছৰ কাল কাম কৰে। তেওঁ জীৱতত্ত্ব বিষয়ক বহু কিতাপ লিখে। গণিত আৰু বিজ্ঞানৰ বুৰঞ্জী প্ৰণয়নত এৰিষ্ট’টল বৰ আগ্ৰহী আছিল। সেয়ে তেওঁৰ কেইবাজনো বিখ্যাত ছাত্ৰই সেই সময়লৈকে হোৱা গণিতৰ ক্ৰমবিকাশৰ বুৰঞ্জী প্ৰণয়ন কৰিছিল।

এৰিষ্ট’টলে সৰ্বমুঠ ৫২০ প্ৰকাৰৰ বিভিন্ন জন্তুৰ বিৱৰণী লিখিছিল। তেওঁ নানা প্ৰাণী আৰু উদ্ভিদৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল, এইবোৰৰ গঠন আৰু প্ৰজনন কৌশল অধ্যয়ন কৰিছিল। ইয়াৰ আধাৰত প্ৰাণীসমূহৰ মাজত শ্ৰেণী বিভাজন কৰিছিল। এই বিষয়ৰ উল্লেখযোগ্য পুথিখন হৈছে— ‘হিষ্টোৰিয়া এনিমিলিয়াম’। এৰিষ্ট’টলক জীৱ-বিজ্ঞানৰ পোনপ্ৰথম বুনিয়াদ গঠন কৰোঁতা বুলি ক’ব পাৰি। আলেকজেণ্ডাৰৰ মৃত্যুৰ আগে আগে এথেন্স শত্ৰুৱে আক্ৰমণ কৰাত এৰিষ্ট’টলে ইউবিয়ালৈ পলাই যায়। ৬২ বছৰ বয়সত ইউবিয়া চহৰত এই গৰাকী মহান বিজ্ঞানীয়ে ইহলীলা সম্বৰণ কৰে।