যোগাযোগ

আমাৰ ইমেইল ঠিকনা: edit @kankhowa.in


কাণখোৱালৈ লেখা কেনেকৈ পঠাব:

লেখা ইউনিকোড ফণ্টেৰে টাইপ কৰি টেক্সট হিচাপে পঠাব। ইয়াৰ বাবে ইমেইলৰ চিঠি লিখা ঠাই (বডী)ত লেখাখিনি পেষ্ট কৰিও দিব পাৰে অথবা .txt, .doc/.docx, .odt ফাইল হিচাপে এটাশ্ব্ কৰিও দিব পাৰে। ইয়াৰ বাহিৰে পেজমেকাৰ ফাইল (.pmd/ .p65) হিচাপেও লেখা পঠাব পাৰে।


অনুগ্ৰহ কৰি মন কৰিব: লেখা পিডিএফ (.pdf) বা ইমেজ (.jpg/.png) হিচাপে প্ৰেৰণ নকৰিব। এনে ধৰণে পঠোৱা লেখা বিবেচনাৰ বাবে লোৱা নহয়।


লেখাৰ লগত লেখকৰ নাম, ডাক ঠিকনা আৰু ফোন নম্বৰ দিব। ফোন নম্বৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰাটো নিবিচাৰিলে, সেয়া উল্লেখ (‘প্ৰকাশৰ বাবে নহয়’) কৰি দিব।


আখৰ জোটাওঁতে এইকেইটা কথা মন কৰিব:

যতিচিন (দাৰি, কমা, চেমিকোলন, ডেশ্ব্, কলন)ৰ আগত কোনো স্পেচ দিব নালাগে আৰু যতিচিনৰ পিছত এটা স্পেচ দিব লাগে।


(উদাহৰণ: ‘যতিচিনৰ আগত স্পেচ দিব নালাগে আৰু পিছত দিব লাগে ,কিন্তু এই বাক্যটোত সেই নিয়মটো মনা হোৱা নাই —উদাহৰণ হিচাপে দেখুৱাবৰ বাবে ।’ এই বাক্যটো শুদ্ধকৈ জোটালে এনেকুৱা হ’ব লাগে: ‘যতিচিনৰ আগত স্পেচ দিব নালাগে আৰু পিছত দিব লাগে, এই বাক্যটোত সেই নিয়মটো মনা হৈছে— উদাহৰণ হিচাপে দেখুৱাবৰ বাবে।’


হাইফেনৰ আগতো বা পিছতো কোনো স্পেচ নিদিব। (উদাহৰণ: ঘৰ-দুৱাৰ)

আখৰ জোটাওঁতে হোৱা সচৰাচৰ হোৱা ভুল আৰু যতিচিনৰ ভুল ব্যৱহাৰ শুধৰাবৰ বাবে হেডছাৰ এপ ব্যৱহাৰ কৰিব পাৰে।