বিষয় সংগীত ২: সংগীত সাধনা

  • Published on 02 Aug 2023
বিষয় সংগীত ২:  সংগীত সাধনা

পূৰ্বৰ খণ্ড: বিষয় সংগীত ১: সংগীতৰ মূল সাতোটা স্বৰৰ বিষয়ে

সং গীত আমাৰ সকলোৰে প্ৰিয়। সংগীত অবিহনে মানৱ সমাজ অসম্পূৰ্ণ। ই মানুহৰ মানসিক পুষ্টি সাধন কৰে। সংগীতক ভিন্ন জনে ভিন্ন ৰূপত গ্ৰহণ কৰে,— কোনোৱে আত্মসন্তুষ্টি বাবে, কোনোৱে সাধনা হিচাপে, কোনোৱে সংগীতৰ মায়াজালত আবদ্ধ হৈ সংগীত সাধনাকে পেছা হিচাপে আঁকোৱালি লয়। আন কোনোৱে আকৌ সংগীতক জীৱনৰ সাৰথি তথা নিছা আৰু পেছা হিচাপে লৈ আগবাঢ়ে। সংগীত সাধনাৰ বিষয়ে আজি কিছু কথা জনোৱাৰ প্ৰয়াস কৰিছোঁ।

গীত, বাদ্য আৰু নৃত্য— এই তিনি কলাক একেলগে সংগীত বোলা হয়। বৈদিক কালৰে পৰা সংগীতে মানৱ জীৱনত এক বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। আদিতে সংগীত ভগৱানৰ উপাসনা আছিল, কালক্ৰমত মানুহৰ দৈনন্দিন জীৱনৰ সকলো ক্ষণতে এই বিষয়ে প্ৰভাৱ পেলায়। সংগীতৰ পৰিৱেশন কৌশল, নীতি-নিয়ম ৰক্ষা কৰি সংগীতত আত্মনিয়োগ কৰাই হ’ল সাধনা । তানসেন, বৈজু বাৱৰা আদি সংগীতৰ সাধক আছিল।

সাধনা মানে ধ্যান কৰা। সংগীত শুনা, গোৱা বা বজালে ধ্যান কৰাৰ দৰে হয়। বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে ধ্যানৰ দৰে সংগীত সাধনাৰ দ্বাৰা অকলশৰীয়া অনুভৱ দূৰ হোৱাৰ লগতে দুখ-দুৰ্গতি কমে আৰু মন বিচলিত হোৱাৰ পৰা মুক্ত হয়।

সংগীত

সংগীত সাধনা সম্পৰ্কত পণ্ডিতসকলে বিভিন্ন মত আগবঢ়াইছে। তাৰে কেইটামান উল্লেখ কৰা হ’ল:

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মতে, “মন-প্ৰাণ দিয়ো যাৰ সান্নিধ্য লাভ কৰিব নোৱাৰি, সংগীতৰ মাধ্যমেৰে তেওঁৰ চৰণ চুব পাৰি।”

ওস্তাদ গুলাম আলি খাঁ চাহাবে সংগীত সাধনাক ‘ৰিয়াজ’ বুলিছে। তেওঁৰ মতে, “সংগীত দেৱতাৰ প্ৰসাদ আৰু সৰস্বতীৰ দান।” বিখ্যাত বেহেলাবাদক ইহুদী মেনুহীনে ললিত কলাৰ ভিতৰত সংগীত সাধনাক উচ্চ আৰু কঠিন বুলিছে। মুনি কপিলদেৱৰ মতে, স্বৰ সাধনা হ’ল আত্মাক দৰ্শন কৰাৰ সৰ্বোত্তম উপায় । পাশ্চাত্য সংগীতৰ পণ্ডিতৰ মতে ভূমিষ্ঠ হোৱা শিশুৰ কান্দোনত ১২টি স্বৰৰ ভিতৰত থকা ২২টি শ্ৰুতি ধ্বনিত হয়।

সুষম আহাৰে মানুহৰ শৰীৰ ভালে ৰখাৰ দৰে সংগীতে মন ভালে ৰাখে। আমাৰ মগজুত কম্পন প্ৰবাহিত হৈ থাকে। সংগীতে মগজুৰ কম্পনক নিয়মিত কৰিব পাৰে। সংগীতৰ ভাষা হ’ল— সা, ৰে, গা, মা, পা, ধা, নি— এই সাতটা স্বৰ। দেখাত সহজ হ’লেও কণ্ঠত বা বাদ্যযন্ত্ৰত সঠিক স্থান দিবলৈ সাধনাৰ প্ৰয়োজন হয়। উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত ২২টি শ্ৰুতি, ১০টি ঠাট; দক্ষিণ ভাৰতীয় সংগীতত ৭২টি ঠাট আৰু অনেক ৰাগ পোৱা যায়।

জিন পৌলৰ মতে, “জীৱনৰ অন্ধকাৰময় নিশাত উপচি পৰা জোনাকেই হ’ল সংগীত।” সংগীতৰ সু-সংগঠিত ধ্বনিময়তাই মানুহৰ কাণৰ মাজেৰে গৈ হৃদয়ত দোলনি দি মগজুত টুকুৰিয়ায়। এই কলাৰ অপাৰ শক্তিৰ লগতে এনে মাধুৰ্য আছে, যি মানুহক সকলো দুখৰ পৰা উদ্ধাৰ কৰিব পাৰে।

পৰৱৰ্তী খণ্ড: বিষয় সংগীত ৩: সংগীত মানে কি

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম’ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪