আমাৰ বিষয়ে

আমাৰ বিষয়ে

কৌতূহল জগাই তোলা, সৃষ্টিশীলতাক উৎসাহিত কৰা আৰু শিক্ষণৰ আনন্দ উদযাপন কৰা এখন ৰোমাঞ্চকৰ আৰু সজীৱ অনলাইন শিশু আলোচনী কাণখোৱালৈ আপোনাক স্বাগতম!

আমি বিশ্বাস কৰোঁ যে শিশুৰ জ্ঞানৰ প্ৰতি জন্মগত হেঁপাহ আৰু সীমাহীন কল্পনাশক্তি থাকে, যাক আমি আপডাল কৰিব বিচাৰিছোঁ। আমাৰ আলোচনীখনত জ্ঞানবৰ্ধক প্ৰবন্ধ, আকৰ্ষণীয় গল্প-পদ্য আৰু শিক্ষামূলক কাৰ্যকলাপৰ সমাহাৰেৰে শিশু আৰু কিশোৰ মানসক খোৰাক যোগাবলৈ চেষ্টা কৰা হৈছে। ৰঙীন আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় বিষয়বস্তুৰ সৈতে আমাৰ অনলাইন আলোচনীখনে শিশুসকলৰ বাবে এক নিৰৱচ্ছিন্ন আৰু নিবিড় অভিজ্ঞতা প্ৰদানৰ চেষ্টা কৰি যাব।

আপোনাৰ শিশুটি এজন উৎসুক পাঠকেই হওক বা এজন উদীয়মান শিল্পীয়ই হওক বা এজন কৌতুহলী অভিযাত্ৰী হওক বা কেৱল বিনোদনৰ সন্ধানীয়েই হওক,— কাণখোৱা তেওঁলোকৰ কল্পনাশক্তিক অনুপ্ৰাণিত কৰিবলৈ, তেওঁলোকৰ দিগন্ত বিস্তাৰ কৰিবলৈ, আৰু শিক্ষণৰ প্ৰতি আজীৱন প্ৰেম জগাই তুলিবলৈ নিখুঁত সংগী হৈ ৰ’ব।

এই আশাশুধীয়া যাত্ৰাত আমাৰ সৈতে যোগদান কৰক— আপোনাৰ লেখা-মেলা, মতামত-পৰামৰ্শৰে আমাক আনুপ্ৰাণিত কৰক।

কাণখোৱাৰ আঁৰত

ৰঞ্জু হাজৰিকা, শান্তনু তামূলী, নূপুৰ মোমাইদেউ (উপদেষ্টা)

ভূপেন শৰ্মা, ভূপেন্দ্ৰ নাথ হাজৰিকা, অনিৰ্বাণ দত্ত, প্ৰকল্প ৰঞ্জন ভাগৱতী, অভিজিত দত্ত (সদস্য)
দুলাল বৰা (পৰিচালন সম্পাদক)

পল্লৱপ্ৰাণ গোস্বামী (মুখ্য সম্পাদক)

সঘনে উত্থাপিত প্ৰশ্নসমূহ

আলোচনীখনৰ নাম কাণখোৱা কিয়?

কাণখোৱাত মই লিখিব পাৰিমনে?

কাণখোৱাৰ প্ৰকাশ কি ধৰণে হয়?

মোৰ দুটামান পৰামৰ্শ আছে, কেনেকৈ জনাম?

আপোনালোকৰ যোগাযোগৰ ঠিকনা কি?

লেখা কি ধৰণে পঠাব লাগে?