বিষয় সংগীত ১: সংগীতৰ মূল সাতোটা স্বৰৰ বিষয়ে

  • Published on 19 Jul 2023
বিষয় সংগীত ১: সংগীতৰ মূল সাতোটা স্বৰৰ বিষয়ে

ৰমৰ অকণিহঁত, তোমালোকৰ কোনো কোনোৱে সংগীতৰ শিক্ষা লৈছা নিশ্চয়। তোমালোকে সংগীত কাক বোলে জানানে?

গীত, বাদ্য আৰু নৃত্য— এই তিনি কলাক একেলগে সংগীত বোলা হয়। এই তিনিও কলা এটা আনটোৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। গীতক কণ্ঠ সংগীত আখ্যা দিয়া হয়। কণ্ঠ অৰ্থাৎ ডিঙিৰ পৰা ওলোৱা ধ্বনি। কণ্ঠ সংগীতক ইংৰাজীত Vocal Music বোলা হয়।

সংগীতৰ মূল স্বৰ সাতটা। সেইকেইটা হৈছে— সা, ৰে, গা, মা, পা, ধা আৰু নি। এই সাতটা স্বৰৰ গুণাৱালীৰ বিষয়ে কিছু কথা জানোচোন আহাঁ।

সা, ৰে, গা, মা, পা, ধা আৰু নিৰ সাংগীতিক নাম ক্ৰমে— সা - ষড়জ, ৰে - ঋষভ, গা - গান্ধাৰ, মা - মধ্যম, পা - পঞ্চম, ধা - ধৈৱত আৰু নি - নিষাদ।

প্ৰাচীন মত অনুসৰি প্ৰথম স্বৰ ‘সা’ মৌৰা চৰাই (ময়ূৰ)ৰ কণ্ঠস্বৰৰ পৰা উৎপন্ন হৈছে। কোনোৰ মতে নাক, কণ্ঠ, বক্ষ, তালু, জিভা, দাঁত— এই ছটা স্থানৰ পৰা ধ্বনি ওলোৱা বাবে ‘সা’ স্বৰক ষড়জ (ষড় মানে ছয়) বোলে। এই স্বৰৰ অধিপতি গ্ৰহ ৰবি। ‘সা’ ৰাগ ৰস তথা নৱ ৰসৰ মূল ৰস। ইয়াৰ স্বৰূপ এটা। সেয়ে ই আচল স্বৰ।

চাতক চৰাইৰ মাতৰ পৰা ‘ৰে’ স্বৰ সৃষ্টি হৈছে। ‘ৰে’ স্বৰৰ স্বৰূপ দুটা। এটা শুদ্ধ, আনটো কোমল। ৰস কৰুণ। অধিপতি গ্ৰহ চন্দ্ৰ।

ছাগলীৰ কণ্ঠস্বৰৰ পৰা ‘গা’ স্বৰ সৃষ্টি হৈছে। ‘গা’ স্বৰৰ স্বৰূপ দুটা। এটা শুদ্ধ আৰু আনটো কোমল। ই শান্ত ৰসাত্মক ভাবাপন্ন আৰু কৰুণ। অধিপতি গ্ৰহ মঙ্গল।

‘মা’ ক্ৰৌঞ্চ চৰাইৰ কণ্ঠস্বৰ। কোনো কোনোৰ মতে, দেহৰ মধ্য স্থানৰ পৰা ধ্বনি উৎপন্ন হোৱাৰ বাবে ইয়াৰ নাম মধ্যম। অধিপতি গ্ৰহ বুধ। ভাব শৃংগাৰ। স্বৰূপ দুটা— শুদ্ধ ‘মা’ আৰু তীব্ৰ ‘মা’।

সংগীতৰ মূল সাতোটা স্বৰ

‘পা’ কুলি চৰাইৰ কণ্ঠস্বৰ। আন এক মত অনুসৰি দেহৰ পঞ্চম স্থান— নাভি, কণ্ঠ, ওঁঠ, শিৰ আৰু হৃদয়ৰ পৰা ধ্বনি উৎপন্ন হোৱাৰ বাবে ইয়াৰ নাম পঞ্চম। অধিপতি গ্ৰহ বৃহস্পতি। ভাব হাস্য আৰু কৰুণ। স্বৰূপ এটা, অচল স্বৰ।

ভেকুলীৰ মাতৰ পৰা ‘ধা’ স্বৰৰ সৃষ্টি হৈছে। কোনো কোনোৱে ঘোঁৰাৰ মাতৰ পৰা ‘ধা’ স্বৰৰ সৃষ্টি হোৱা বুলি কয়। অধিপতি গ্ৰহ শুক্ৰ। ভাব— কৰুণ, বিভৎস আৰু ভয়ানক। স্বৰূপ দুটা— এটা শুদ্ধ, আনটো কোমল।

হাতীৰ কণ্ঠস্বৰৰ পৰা ‘নি’ স্বৰৰ উৎপত্তি হৈছে। ইয়াৰ অধিপতি গ্ৰহ শনি। স্বৰূপ দুটা— শুদ্ধ আৰু কোমল। ভাব— কৰুণ, ৰৌদ্ৰ আৰু বীৰ।

উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰাণ প্ৰতিষ্ঠাপক প্ৰয়াত ডক্টৰ আল্লাউদ্দিন খাঁ চাহাবে নিজৰ ছাত্ৰ-ছাত্ৰীক স্বৰসমূহৰ দ্বাৰা ঈশ্বৰক ধ্যান কৰিবলৈ শিকাইছিল। তেখেতৰ মতে সা স্বৰ হ’ল জগতস্ৰষ্টা ব্ৰহ্মা, ৰে পালনকৰ্তা বিষ্ণু, গা দেৱাদিদেৱ মহাদেৱ, মা দেৱী সৰস্বতী, পা মাতা লক্ষ্মী, ধা বিঘ্নহৰ্তা গণেশ আৰু নি স্বৰ নিৰাকাৰ হৰি। সা স্বৰে সাকাৰ আৰু নি স্বৰে নিৰাকাৰ বুজায়।

দেখিলানে সপ্তস্বৰৰ মহিমা কিমান? বিদ্যালয়ৰ উচ্চ মাধ্যমিক স্তৰত সংগীত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। ভালকৈ শিকিলে বিদ্যালয়ত সংগীত বিষয়টো ল’ব পাৰিবা।

_কাণখোৱা_ৰ পৃষ্ঠাত তোমালোকক মাজে মাজে সংগীত বিষয়ত কিছু কথা ক’বলৈ চেষ্টা কৰিম। আশা কৰোঁ, তোমালোকে ভাল পাবা।

পৰৱৰ্তী খণ্ড: বিষয় সংগীত ২: সংগীত সাধনা

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম'ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪