ষ্টিভ আৰু ৰ’জি

  • Published on 14 Jul 2023
ষ্টিভ আৰু ৰ’জি

খন হাবিৰ কাষৰ সৰু ঘৰ এটাত খেতিয়ক পৰিয়াল এটিয়ে বাস কৰিছিল। তেওঁলোকৰ ষ্টিভ আৰু ৰ’জি নামৰ দুটা সন্তান আছিল। ল’ৰা-ছোৱালী দুটা সৰু হৈ থাকোঁতেই সিহঁতৰ মাকৰ মৃত্যু হয়।

সিহঁতৰ যত্ন ল’বলৈ দেউতাকে আকৌ বিয়া পাতিলে। ষ্টিভ আৰু ৰ’জিৰ মাহীমাক কূটবুধীয়া আৰু হিংসাকুৰীয়া স্বভাৱৰ আছিল। মাহীমাকে ল’ৰা-ছোৱালী দুটাক মৰমৰ সলনি দুখ-কষ্টহে দিছিল। সিহঁত দেউতাকৰ মৰমতে জীয়াই আছিল। মাহীমাকে দেউতাকৰ আগত সদায় অভিযোগ কৰিছিল— ষ্টিভ আৰু ৰ’জিয়ে নিজৰ কাম নিজেই কৰিব লাগে। তেওঁ সিহঁতৰ যত্ন ল’ব নোৱাৰে। মাহীমাকৰ কথা শুনি দেউতাকে মনত বৰ আঘাত পাইছিল।

দিন বাগৰিল, এদিন মাহীমাকে দেউতাক ঘৰৰপৰা ওলাই যোৱাৰ পাছত ষ্টিভ আৰু ৰ’জিক হাবিলৈ লৈ গ’ল। ডাঠ হাবিৰ মাজলৈ গৈ থাকোঁতে এপাকত চল চাই মাহীমাক সিহঁতৰ মাজৰ পৰা আঁতৰি আহিল। সিহঁতে মাহীমাকক নেদেখি তেওঁক বিচাৰি ফুৰোঁতে ৰাস্তা বিচাৰি নোপোৱা হ’ল।

সিহঁত ডাঠ হাবিলৈ সোমাই যোৱাত মাহীমাক ঘৰলৈ ঘূৰি আহিল। গিৰীয়েক ঘৰলৈ অহাৰ পাছত তেওঁ গিৰীয়েকক ক’লে যে ল’ৰা-ছোৱালীহাল হাবিত দৌৰি ফুৰোঁতে হেৰাই গ’ল। গিৰীয়েকৰ বৰ দুখ লাগিল। তেওঁ দুয়োটাকে বিচাৰি হাবিলৈ ওলাই গ’ল, কিন্তু সিহঁতক ক’তো বিচাৰি নাপালে।

সাধু

ইফালে ষ্টিভ আৰু ৰ’জিয়ে হাবিৰ পৰা যিমানে ওলাই আহিবলৈ চেষ্টা কৰিছে, সিমানে সিহঁত ডাঠ হাবিলৈ গৈ আছে। এবাৰ ষ্টিভে ৰ’জিক ক’লে— ‘ৰ’জি, চোৱাচোন এই ডাঠ হাবিত আমি এটাও জীৱ-জন্তু দেখা নাই।’ তেনেতে এজোপা গছৰ আঁৰৰ পৰা এটি বাওনাই তাৰ কণমানি মূৰটো উলিয়াই ষ্টিভক সৰুকৈ ক’লে— ‘খুব সাৱধান হ’বা। যোৱা ৰাতি এজনী ডাইনীয়ে আহি হাবিৰ জীৱ-জন্তুবোৰ খাই শেষ কৰিলে। তোমালোকৰ দৰে সৰু ল’ৰা-ছোৱালী দেখিলে তাই খাই শেষ কৰিব।’

ৰ’জিয়ে বাওনাৰ কথা শুনি ভয়তে উচুপিবলৈ ধৰিলে। ষ্টিভে তাইক সাহস দি ক’লে— ‘ভয় নকৰিবা ৰ’জি, ডাইনীজনী আমাৰ ওচৰলৈ আহিলে আমি লাঠীৰে কোবাই তাইক মাৰি পেলাম।’ সি হাবিৰ পৰা এডাল লাঠি বুটলি ল’লে।

সিহঁত হাবিৰ মাজত ৰাস্তা বিচাৰি আগুৱাই যাবলৈ ধৰিলে। হঠাৎ এটা ধুনীয়া ঘৰ সিহঁতে দেখা পালে। ঘৰটোৰ বেৰবোৰ মিঠা মিঠা চকলেট, খিৰিকীবোৰ মিঠাই আৰু মূধচখন ৰঙা-নীলা কেকেৰে সজোৱা।

সাধু

ষ্টিভ আৰু ৰ’জিৰ বৰ ভোক লাগিছিল। সিহঁতে ভোকত বেৰৰপৰা চকলেটৰ টুকুৰা ভাঙি খাবলৈ ধৰিলে। হঠাৎ ঘৰটোৰ চকলেটৰ দুৱাৰখন খোল খালে আৰু
এটা মৰম লগা মাতেৰে কোনোবাই সিহঁতক ভিতৰলৈ মাতিলে। ভিতৰলৈ গৈ সিহঁতে দেখিলে যে এজনী ডাইনী সিহঁতৰ সন্মুখত থিয় হৈ আছে।

ডাইনীজনীয়ে কঠোৰ মাতেৰে ৰ’জিলৈ চাই ক’লে— ‘তই মোৰ লিগিৰী হবি।’ ষ্টিভলৈ আঙুলিয়াই ক’লে— ‘তই মোৰ আহাৰ হবি।’ ডাইনীজনীয়ে ষ্টিভক কাণত ধৰি আন্ধাৰ কোঠা এটাত ভৰাই থ’লে।

ডাইনীজনীয়ে ৰ’জিক এটা প্ৰকাণ্ড চৌকাত জুই ধৰিবলৈ ক’লে। ককায়েকক ডাইনীয়ে মাৰি পেলাব বুলি তাই উচুপিবলৈ ধৰিলে। তাইৰ মনত এটা বুদ্ধি খেলালে। ৰ’জিয়ে ডাইনীজনীক মৰমেৰে ক’লে— ‘আইতা, ইমান ডাঙৰ চৌকাত জুই কেনেকৈ জ্বলাব লাগে মই নাজানো, তুমি দেখুৱাই দিয়াচোন।’

সাধু

ডাইনীজনীয়ে চৌকাৰ ঢাকনিখন খুলি কেনেকৈ চৌকাৰ ভিতৰত খৰি পাৰিব লাগে দেখুৱাবৰ বাবে ভিতৰলৈ সোমাই গ’ল। ডাইনী চৌকাৰ ভিতৰত সোমোৱাৰ লগে লগে ৰ’জিয়ে উতলাই থোৱা পানীৰ টৌটো ডাইনীৰ গাৰ ওপৰত উবুৰিয়াই দি চৌকাৰ ঢাকনিখন বন্ধ কৰি দিলে।

ৰ’জি দৌৰি গৈ ষ্টিভক বন্ধ ঘৰৰ পৰা উলিয়াই চকলেটেৰে সজা ঘৰটোৰ পৰা পলাবলৈ ধৰিলে।

ইফালে দেউতাকে ল’ৰা-ছোৱালী দুটাক নাপাই অশান্তিত দিন কটাবলৈ ধৰিছিল। কিছু দিনৰ পাছত মাহীমাকৰ অসুখ হৈ মৃত্যু হ’ল। মৃত্যুৰ আগতে তেওঁ ষ্টিভ আৰু ৰ’জিক হাবিত এৰি অহাৰ কথা দেউতাকক ক’লে। দেউতাকে দিনে-ৰাতিয়ে সিহঁতক হাবিত বিচাৰি ফুৰিবলৈ ধৰিলে।

হঠাৎ তেওঁ ল’ৰা-ছোৱালীহালক এটা সৰু ঘৰৰপৰা দৌৰি অহা দেখা পালে। তেওঁ গৈ সিহঁতক সাবটি ধৰিলে। ষ্টিভ আৰু ৰ’জিয়ে দেউতাকক সিহঁতৰ লগত ঘটা সকলো ঘটনা ক’লে। দেউতাকে হাবিৰ ওচৰত কাম কৰা মানুহৰ সহায়ত ডাইনীৰ ঘৰটো পুৰি তাইক মাৰি পেলালে।

ইয়াৰ পাছত ষ্টিভ আৰু ৰ’জিয়ে দেউতাকৰ লগত আনন্দত দিন কটালে।

শব্দাৰ্থ:

  • কূটবুধীয়া: আনৰ অনিষ্ট কৰিবলৈ বুদ্ধি পঙা মানুহ, কুবুধীয়া
  • ডাইনী: এক প্ৰকাৰৰ ভূতুনী, ভূত পোহা তিৰোতা (মানুহৰ অন্ধবিশ্বাস মতে)
  • মূধচ: ঘৰৰ মূধ অৰ্থাৎ দুয়োখন চাল লগ খোৱা জোৰাত দিয়া ছাউনী
  • লিগিৰী: আলপৈচান ধৰা স্ত্ৰী

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম'ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪