অন্ধবিশ্বাস

  • Published on 29 Apr 2024
অন্ধবিশ্বাস

লাশে এখন নতুন চাইকেল পালে। তাৰ আনন্দৰ সীমা নাই। স্কুলৰ পৰা আহি সি সদায় এপাক চাইকেলখন চলায়। এদিন সি চাইকেল চলাই থাকোঁতে কোনোবাই তাক মতা যেন পালে। সি ৰ’ল। পিছলৈ ঘূৰি চাই দেখিলে মানুহ এজন তাৰ ফালে আগবাঢ়ি আহিছে। সি চাইকেলৰ পৰা নামিল। মানুহজনে তাক ক’লে— “মোক চিনি পাইছানে ভাইটি?”

পলাশে অলপ সময় ৰৈ চিন্তা কৰিলে, কোন হ’ব পাৰে বাৰু!

মানুহজনে আকৌ ক’লে— “তুমি মোক পাহৰিছা ভাইটি। মই তোমাক কেতিয়াও নাপাহৰোঁ। তুমি মোৰ বহুত ডাঙৰ উপকাৰ কৰি দিলা।”

পলাশে একো মনত পেলাব পৰা নাই। সি ক’লে— “খুৰা, মই ঠিক ধৰিব পৰা নাই। বাৰু, ব’লকচোন আমাৰ ঘৰলৈ।”

“মই তোমালোকৰ ঘৰলৈকে আহিছোঁ। তুমি যে মোক এদিন ব্ৰেড আৰু পানী খাবলৈ দিছিলা, মনত পৰিছেনে? তেতিয়া তুমি অকণমান সৰু আছিলা কিন্তু মনটো তোমাৰ ডাঙৰ আছিল।”

ছবি

কথাবোৰ মনত পৰি গ’ল পলাশৰ। দুবছৰৰ আগতে এদিন সিহঁতৰ ঘৰৰ চোতালত মানুহ এজনে পানী পানী কৈ চিঞৰিছিল। মাক ঘৰত নাছিল। দেউতাকে পিছফালে কিবা কাম কৰি আছিল। পলাশে মানুহজনক পানী এগিলাচ দিলেহি। পানী গিলাচ খাই মানুহজনে ক’লে— “বৰ ভোক লাগিছে। কিবা খাবলৈ পোৱা হ’লে! ঘৰত মা আছেনে ভাইটি?”

‘মা নাই, আপুনি বহকচোন’ বুলি কৈ পলাশ ভিতৰলৈ সোমাই গ’ল। কি কৰিব এতিয়া সি! মাকো নাই। ব্ৰেড আছিল। তাকে বাটাৰ সানি পানী এগিলাচৰ সৈতে মানুহজনক খাবলৈ দিলেগৈ। মানুহজনে খাই থাকোঁতে পলাশে দেউতাকক মাতি আনিলেগৈ।

দেউতাকে মানুহজনৰ লগত কথা পাতি গম পালে যে মানুহজনক গাঁৱৰ পৰা খেদি দিছে। দুদিন একো নোখোৱাকৈ আছে। হাতত পইচাও নাই কিনি খাবলৈ। দুঘৰ মানত সোমাই পানী বিচাৰিছিল। পানী দিয়াটো দূৰৰে কথা, তেওঁক গালি পাৰি খেদিহে দিলে। খোজ কাঢ়িবলৈ শক্তি নোহোৱা হৈছিল মানুহজনৰ। ইতিমধ্যে পলাশৰ মাক আহি পালেহি। পলাশৰ মাকে মানুহজনক ভালকৈয়ে চাহ-জলপান খাবলৈ দিলে। ওচৰৰে দুই-এজন লোক পলাশহঁতৰ ঘৰলৈ আহিল। মানুহজনে তেওঁক গাঁৱৰ মানুহে ডাইনী বুলি সন্দেহ কৰা কাহিনীটো ক’লে।

পলাশে তেতিয়া ডাইনী মানে কি একো বুজি পোৱা নাছিল। দেউতাকে তাক ডাইনী বুলি একো বস্তুৱেই যে নাই, সেয়া ভালকৈ বুজাই দিলে। ই কিছুমান মানুহৰ অন্ধবিশ্বাসৰ বাহিৰে একো নহয়।

পলাশৰ অন্ধবিশ্বাসৰ বলি হোৱা মানুহজনলৈ বৰ বেয়া লাগিল। সি ঢুলঢুলীয়া চকুৰে দেউতাকক সুধিলে— “দেউতা, মানুহজন এতিয়া কলৈ যাব? যদি কেনেবাকৈ গাঁৱৰ মানুহে মাৰি পেলায়, তেতিয়া কি হ’ব!” “আমি তেখেতক সুৰক্ষা দিব লাগিব। এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য।”

দেউতাকৰ কথা শুনি মানুহজনৰ জীৱন ৰক্ষা পৰিব বুলি পলাশৰ মনটো ভাল লাগি গ’ল।

পলাশৰ দেউতাকহঁতে অন্ধবিশ্বাসে সমাজৰ এচামক কিদৰে প্ৰভাৱিত কৰে আৰু এই অন্ধবিশ্বাসে মানুহক কিদৰে উদ্মাদ কৰি তোলে, এই সকলোবোৰ টিভি আৰু বাতৰি কাকতত পঢ়াৰ কথা আলোচনা কৰিলে।

পলাশৰ দেউতাকেই আগভাগ লৈ মানুহজনৰ বাবে চহৰতে কাম কৰা আৰু থকাৰ ব‍্যৱস্থা কৰি দিলে।

আজি বহুদিনৰ মূৰত মানুহজনক লগ পাই পলাশৰ বৰ ভাল লাগিল। মানুহজনৰ সৈতে হাঁহি হাঁহি কথা পাতি সি ঘৰ পালেহি।

পলাশে ভাবিলে, এই খুৰাজনৰ দৰে কিমান যে মানুহ অন্ধবিশ্বাসৰ বলি হৈ আছে! কথাবোৰ তাৰ সকলো বন্ধুকে ক’ব আৰু এতিয়াৰ পৰাই সিহঁতে লগ লাগি অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজি যাব বুলি মনতে পণ ল’লে।