যাদুৰ বাকচ

  • Published on 30 Jun 2023
যাদুৰ বাকচ

ক সদাগৰ আছিল। তেওঁৰ এটি মাত্র পুত্র। নাম আছিল মালেক। সদাগৰৰ মৃত্যুৰ পাছত মালেকে বিপুল সম্পত্তিৰ অধিকাৰী হৈ বন্ধু-বান্ধৱৰ সৈতে ফূৰ্তিত দিন কটাবলৈ ধৰিলে।

এদিন এজন বিদেশী মালেকৰ ওচৰলৈ আহিল। মালেকে বিদেশীৰ ভালদৰে পৰিচৰ্যা কৰিলে। আহাৰ খোৱাৰ পাছত বিদেশীজনে গল্পৰ ছলেৰে তেওঁৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতাৰ কথা মালেকক ক’লে ৷

বিদেশীৰ গল্প শুনি মালেক আচৰিত হ’ল ৷ দেশে দেশে ইমান বিস্ময়কৰ বস্তু আছে যে সেইবোৰৰ কথা শুনিলেই চাবলৈ মন যায়।

মালেকে বিদেশীক ক’লে— ‘আপোনাৰ নানা অভিজ্ঞতাৰ কথা শুনি মোৰো বিদেশ ভ্ৰমণ কৰিবলৈ খুব মন গৈছে; কিন্তু মোৰ বৰ ভয়। শুনিছোঁ, বাটত হেনো চোৰ-ডকাইতৰ ভয়। যিকোনো সময়তে বিপদ হ’ব পাৰে।’
‘সেই ভয় আপুনি নকৰিব। মই এনে ব্যৱস্থা কৰি দিম যে বাটত কোনো বিপদেই আপোনাৰ নহ’ব ৷ অৱশ্যে তাৰবাবে কিছু অর্থ ব্যয় কৰিব লাগিব।’—বিদেশীজনে ক’লে।

মালেকে উৎসাহ প্রকাশ কৰি সুধিলে— ‘তেনে ব্যৱস্থাও আছে নেকি? অর্থ ব্যয় কৰিবলৈ মই প্ৰস্তুত আছোঁ। কওক, কি ব্যৱস্থা কৰিব লাগিব?’
‘আপুনি ৰাতিপুৱাৰ লগে লগে এজন দক্ষ মিস্ত্ৰী লৈ আহিব।’— বিদেশীয়ে ক’লে।

মালেকে উৎসাহ প্রকাশ কৰি ৰাতিপুৱাৰ লগে লগে মিস্ত্রী এজন লৈ আহিল। বিদেশীজনে মিস্ত্ৰীজনৰ হতুৱাই সুন্দৰ অথচ লঘু এটা কাঠৰ বাকচ তৈয়াৰ কৰাই ল’লে।

বিদেশীজনে সেই বাকচৰ ভিতৰত কিছুমান যন্ত্রপাতি বহুৱাই সেইটো ছাদৰ ওপৰলৈ লৈ গ’ল। তাৰ পাছত সেই বাকচৰ ভিতৰত বহি তাৰ ঢাকোনখন বন্ধ কৰি দিলে। মুহূর্ততে অবাক কাণ্ড! সেই কাঠৰ বাকচটো আকাশৰ ওপৰলৈ উঠিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে মালেকৰ চকুৰ সমুখতে অদৃশ্য হৈ গ’ল সেই বাকচটো।

মালেকে এই অদ্ভুত কাণ্ড-কাৰখানা দেখি অবাক হৈ ভাবি থাকোঁতেই সেই বাকচটো তীব্র বেগেৰে পুনৰ উভতি আহিল।

বাকচটো আহি ছাদত নমাৰ লগে লগে ভিতৰৰ পৰা বিদেশীজন হাঁহি হাঁহি ওলাই আহি ক’লে— ‘এইবাৰ বুজিব পাৰিছেনে? অতি কম সময়ৰ ভিতৰতে আপুনি কিমান দেশ দেখি আহিব পাৰিব ইয়াৰ সহায়ত আৰু পথত কোনো বিপদো আপোনাৰ নহ’ব।’

মালেকে আনন্দিত হৈ ক’লে— ‘আপুনি ঠিকেই কৈছে। এনে এটা বস্তু পালে নির্ভয়ে পৃথিৱী ঘূৰি আহিব পাৰি। পৃথিৱীৰ যত যি আচৰিত বস্তু আছে, সকলো চাই আহিব পাৰি। এই বস্তুটো আপুনি মোৰ ওচৰত বিক্ৰী কৰক ৷’

বিদেশী মানুহজনে হাঁহি এটা মাৰি ক’লে— ‘এই বাকচটো আপোনাক বিক্ৰী কৰাত মোৰ কোনো বাধা নাই; কিন্তু ইয়াৰ মূল্য হিচাপে আপুনি মোক এহেজাৰ স্বৰ্ণ মুদ্ৰা দিব লাগিব।’

মালেকৰ টকাৰ অভাৱ নাছিল। তেওঁ লগে লগে সন্মত হ’ল।

ইয়াৰ পাছত বিদেশী আৰু মালেক দুয়ো বাকচৰ মাজত সোমাল। বিদেশীয়ে মালেকক কেনেদৰে বাকচটো চলাব লাগে, শিকাই দিলে। বিদেশীয়ে নিজে বাকচটো চলাই অতি সময়ৰ ভিতৰতে কেইবাখনো দেশ দেখুৱাই আকৌ যথা স্থানলৈ ঘূৰি আহিল।

মালেকে ক’লে— ‘আপুনি মোক যি দিলে, সেয়া অমূল্য সম্পদ। টকাৰে ইয়াৰ মূল্য বিচাৰ কৰা অসম্ভৱ। আপোনাক ইয়াৰ বাবে ধন্যবাদ জনাইছোঁ।’

বিদেশীয়ে এহেজাৰ সোণৰ মুদ্ৰা পাই মালেকৰ ওচৰৰ পৰা বিদায় লৈ গুচি গ’ল।

মালেকৰ বাকচটোত কেতিয়া উঠোঁ কেতিয়া উঠোঁ লাগি আছিল। পাছদিনাই তেওঁ দেশ ভ্ৰমণৰ বাবে বাহিৰ ওলাল। বহুত দেশ তেওঁ অতি কম দিনৰ ভিতৰতে চাই-চিতি আহিল। সকলো দেশতে দুই-এদিনকৈ থাকে আৰু গুচি যায় অন্য দেশলৈ। এনেদৰে বাকচটোৰ দ্বাৰা উৰোঁতে উৰোঁতে বিৰাট প্রাসাদ এটা দেখা পাই মালেকৰ কৌতূহল উপজিল। আৰু ভালদৰে প্রাসাদটো আৰু দেশখন চাবৰ বাবে ধীৰে ধীৰে এখন গভীৰ অৰণ্যৰ মাজত নামিল।

দেশখনৰ ৰজা আৰু দেশখনৰ নাম জানিবৰ কাৰণে তেওঁ নগৰৰ ফালে আগবাঢ়িল। বাটত এজনক দেখা পাই মালেকে সুধিলে— ‘ভাই, মই এজন বিদেশী। ৰাজপ্রাসাদলৈ যোৱাৰ বাট কোনটো দেখুৱাই দিবানে? আৰু এই সুন্দৰ ৰাজ্যখনৰ নাম কি বাৰু?’

‘এই দেশৰ নাম গজনী।’— মানুহজনে ক’লে।
‘প্রাসাদত ৰজা-ৰাণীৰ বাহিৰে আৰু কোন কোন থাকে?’— মালেকে পুনৰ সুধিলে।
‘সেই প্রাসাদটোত ৰজা-ৰাণী নাথাকে। তাত কেৱল ৰাজকন্যা আৰু তেওঁৰ ধাইমা আৰু দাস-দাসী থাকে।’
‘কিয়? এই প্রাসাদত ৰাজকন্যা অকলে থাকে কিয়?’— মালেকে আচৰিত হৈ সুধিলে।

পথিকে উত্তৰত ক’লে— ‘সেয়া এক ডাঙৰ কাহিনী। এজন ফকিৰে ৰাজকন্যাৰ শিশুকালতে ভাগ্য চাই কৈছিল যে কোনোবা এজন বেয়া মানুহে ৰাজকন্যাক চুৰ কৰি লৈ যাব। সেই কাৰণে অনেক টকা খৰচ কৰি চুলতানে এই প্রাসাদটো আচল প্রাসাদৰ পৰা অনেক দূৰত তৈয়াৰ কৰি তাৰ মাজত ৰাজকন্যাক লুকুৱাই থৈছে।’

পথিকজন আঁতৰি যোৱাৰ পাছত মালেকে চিন্তা কৰি কৰি প্রাসাদৰ ফালে আগুৱাই গ’ল। বন্দিনী ৰাজকন্যাক এবাৰ নিজ চকুৰে চাবলৈ নাপালে তেওঁ এই নগৰৰ পৰা কেতিয়াও আঁতৰি নাযায়।

প্রাসাদৰ ওচৰ পাই মালেকে অবাক হৈ চালে। এনে ৰাজপ্রাসাদ তেওঁ কেতিয়াও ক’তো দেখা নাই। এয়া যেন সপোন-পুৰীহে।

আকৌ উভতি আহিল সেই বনৰ মাজলৈ, য’ত তেওঁৰ বাকচটো আছিল। মালেকে বাকচটোৰ ওচৰতে বহি ক্ষণ গণিবলৈ ধৰিলে কেতিয়া ৰাতি হ’ব আৰু কেতিয়া প্রাসাদৰ সকলো লোক টোপনিৰ কোলাত ঢলি পৰিব৷

মাজনিশা সেই কাঠৰ বাকচত উঠি মালেক গৈ উপস্থিত হ’ল প্রাসাদৰ ছাদত। ছিৰিয়েদি নামি এটা ঘৰৰ ভিতৰত দেখিবলৈ পালে ৰাজকন্যা চেৰিণা শুই আছে। কোঠাৰ ভিতৰত এডাল মম জলি আছে। কিন্তু মমৰ জ্যোতিকো ম্লান কৰি দিছে ৰাজকন্যাৰ ৰূপৰ জ্যোতিয়ে।

ৰাজকন্যাৰ হঠাৎ টোপনি ভাগি যোৱাত সন্মুখত এজন অপৰিচিত যুৱকক দেখি ভয়ত চিঞৰি উঠিল। মালেক বিপাঙত পৰিল। ৰাজকন্যাৰ চিঞৰ শুনিলে এতিয়া আটাইবোৰ প্ৰহৰী লৱৰি আহিব। মালেকে লৰালৰিকৈ ৰাজকন্যাৰ মুখত হাতেৰে চেপি ধৰি ক’লে— ‘ভয় নকৰিবা কুঁৱৰী, মই ডকাইত নহওঁ। তোমাৰ ওচৰলৈ কোনো বেয়া উদ্দেশ্য লৈয়ো অহা নাই ৷ মই এজন বিদেশী ৰাজপুত্র, তোমাক এই বন্দিত্বৰ পৰা মুক্ত কৰিবৰ বাবেই মই ইয়ালৈ আহিছোঁ৷’

যাদুৰ বাকচ

মালেকৰ কথা শুনি ৰাজকন্যা চেৰিণাৰ ভাল লাগিল। তেৱোঁতো মনে মনে মুক্তিৰ দিন গণিছে। এনেকৈ বন্দী হৈ সোমাই থাকিবলৈ কাৰ ভাল লাগে? কি মজা! এতিয়া সকলোকে ফাঁকি দি এই ৰাজপুত্ৰৰ সৈতে আন এক ৰাজ্যলৈ গুচি যাবগৈ। কিন্তু মুহূৰ্তৰ ভিতৰতে ৰাজকন্যাৰ ভাবৰ পৰিৱৰ্তন ঘটিল। মনটো দমি গ’ল। চাৰিওফালে পালি-পহৰীয়াই ঘেৰি থকা এই প্রাসাদৰ পৰা ৰাজপুত্ৰই তেওঁক কিদৰে পলুৱাই নিব?

ৰাজকন্যাক চিন্তিত দেখি মালেকে কথাটো বুজি পালে৷ হাঁহি এটা মাৰি তেওঁ ৰাজকন্যাক ক’লে— ‘চিন্তা নকৰিবা৷ ম‍ই ইয়ালৈ যেনেদৰে আহিছোঁ, তেনেদৰেই ইয়াৰ পৰা তোমাক লৈ যাম। তোমাৰ নিশ্চয় কোনো আপত্তি নাই?’

ৰাজকন্যা চেৰিণা সন্তুষ্ট হ’ল মালেকৰ কথাত। দুয়ো অনেক সময় ধৰি কথা পাতিলে।

ইয়াৰ পাছত প্ৰতিনিশা মালেক প্রাসাদলৈ আহি চেৰিণাক লগ ধৰিলে।

এদিন নিশা মালেক ৰাজপ্রাসাদৰ ফালে বাকচটোত উঠি আকাশ পথেৰে আহি থাকোঁতে কোনোবা এজন প্ৰহৰীয়ে আকাশলৈ আতচ-বাজি উৰোৱাত সেই পোহৰত প্ৰহৰীহঁতে বাকচটো উৰি অহা দেখি হৈ-চৈ লগাই দিলে।

মালেকে কথা বিষম দেখি সেই ঠাইৰ পৰাই উভতিল। ৰাজকন্যাক আৰু দেখা নকৰিলে।

মালেকে চিন্তা কৰিলে, এনেদৰে সদায় প্রাসাদলৈ অহাটো উচিত হোৱা নাই। প্ৰহৰীবোৰৰ হাতত এদিন নহয় এদিন ধৰা পৰিবই। ধৰা পৰিলে আৰু ৰক্ষা নাই, চুলতানে ডিঙি নকটাকৈ নেৰে। গতিকে এইবাৰ গৈ ৰাজকন্যাক লৈ অহাই ভাল হ’ব। ৰাজকন্যাক লগত ল’ব নোৱাৰিলে তেওঁ দেশলৈকে উভতি নাযায়।

পাছদিনা মালেক নিশা ৰাজপ্রাসাদৰ ৰাজকন্যাৰ কোঠাত উপস্থিত হৈ আগদিনাৰ সকলো কথা বিবৰি ক’লে। লগতে ক’লে— ‘তুমি এতিয়া মোৰ লগত মোৰ ৰাজ্যলৈ যোৱাই ভাল হ’ব। নহ’লে আমি এদিন বিপদত পৰিম।’

যাদুৰ বাকচ

ৰাজকন্যা চেৰিণায়ো তাকে ভাবিছিল। গতিকে মালেকৰ কথাত হয়ভৰ দিয়াত মালেকে ৰাজকন্যাক প্রাসাদৰ ছাদলৈ তুলি আনি যাদুৰ বাকচটোত ভৰালে। মুহূর্ততে বাকচ উৰি আহি মালেকৰ ঘৰ পালেহি।

নিজৰ ঘৰ পাই মালেকে ৰাজকন্যাক সমস্ত কথা খুলি ক’লে। লগতে তেওঁ যে ৰাজকুমাৰ নহয়, তাকো স্বীকাৰ কৰিলে৷ কিন্তু ৰাজকন্যাই ভাগ্যত যি আছে, সেয়ে হ’ব বুলি মালেককে স্বামী ৰূপে গ্ৰহণ কৰিলে।

তাৰ পাছত দুয়ো সুখে-শান্তিৰে দিন পাৰ কৰিবলৈ ধৰিলে।

শব্দাৰ্থ:

  • বিস্ময়কৰ: আচৰিত, আশ্বৰ্যজনক
  • অভিজ্ঞতা: দেখি-শুনি হোৱা জ্ঞান
  • অর্থ: ধন, টকা-পইচা/ কোনো শব্দৰ তাৎপৰ্য
  • ব্যয়: খৰচ
  • প্ৰস্তুত: সাজু
  • অদ্ভুত: আচৰিত, আগেয়ে নোহোৱা
  • অমূল্য: অতি মূল্যবান, যাক টকা-পইচাৰে কিনিব নোৱাৰি
  • কৌতূহল: জানিবলৈ আগ্ৰহ
  • বন্দিত্ব: বন্দী কৰা থোৱা অৱস্থা, আটক কৰি থোৱা অৱস্থা

ৰঞ্জু হাজৰিকা বিশিষ্ট সাহিত্যিক। তেখেতে শিশুৰ বাবেও ভালেমান সাহিত্য ৰচনা কৰিছে।