মুনু, চুনু আৰু ভলৌ
- Published on 25 Jun 2023
ম ৰনৈৰ পাৰৰ মানুহ এঘৰত মুনু আৰু চুনু নামৰ দুটা মেকুৰী পোৱালি আছিল। মুনু-চুনুক মানুহঘৰে বৰ মৰমত ৰাখিছিল। সিহঁতক সদায় বিস্কুট আৰু মাছ খাবলৈ দিছিল। এদিন ভলৌ নামৰ কুকুৰ পোৱালি এটাও মানুহঘৰলৈ আহি থাকিবলৈ ল’লে।
মনু-চুনুৱে ভলৌ অহাটো বৰ ভাল পোৱা নাছিল। সিহঁতৰ উপায়ো নাছিল— গৃহস্থই থাকিবলৈ দিছে যেতিয়া সিহঁতে একো কৰিব নোৱাৰে। ভলৌক মাতে যদিও ভলৌৰ লগত সিহঁত দুটাই নেখেলে। ভলৌ সিহঁতৰ লগত খেলিবলৈ আহিলে সিহঁত দুটাই গছত উঠা খেলহে খেলে। ভলৌৱে যে গছত উঠিব নোৱাৰে, সিহঁতে জানে। সিহঁত দুটাই গছত উঠা-নমা খেল খেলে আৰু ভলৌৱে আমন-জিমনকৈ সিহঁতৰ খেলকে চাই থাকে।
মুনু-চুনুৱে ভলৌক গছত উঠিবলৈ জোৰ কৰে। ভলৌ নুঠে। তেতিয়া তাক মুনু-চুনুৱে ভয়পাদুৰা বুলি হাঁহে। ভলৌৱে একো নকয় । মনে মনে সিহঁতকে চাই থাকে। ভলৌৱে ভালকৈয়ে জানে— নোৱৰা কামটো কৰিবলৈ যোৱা মানে মূৰ্খামি কৰা।
মুনু-চুনুৱে তাক গছত উঠিব নোৱাৰে বুলি যিমানে জোকাই থাকে জোকাই থাকক। এটা সময়ত জোকাই জোকাই সিহঁত ভাগৰি যাব আৰু নোজোকোৱা হ’ব বুলি ভাবি ভলৌ মনে মনে থাকে।
এদিনৰ কথা। মুনু-চুনুৱে ক’ৰবাৰ পৰা প্লাষ্টিকৰ বল এটা আনি খেলি আছিল। ভলৌৰো বল খেলিবলৈ মন গ’ল। সি মুনু-চুনুক ক’লে— “মোকো খেলিবলৈ দিবানে?”
“আহা আহা, খেলিবা। এইটো বল মাৰা” বুলি কৈ মুনুৱে বলটো ভলৌৰ ফালে মাৰি পঠিয়ালে। ভলৌৱে একো তর্কিবই নোৱাৰিলে, বলটো আহি ভলৌৰ মূৰতে লাগিল। সি দুখ পাই চিঞৰি দিলে। কান্দিলেও। মুনু-চুনুৱে তাক কন্দা দেখি মুখ টিপি হাঁহিলে আৰু অকণমানতে কন্দা কান্দুৰা বুলি জোকাবলৈ ধৰিলে।
ভলৌৱে বুজি পালে, মুনুৱে ইচ্ছা কৰিয়েই তাৰ মূৰত পৰাকৈ বলটো মাৰি পঠাইছিল। তাৰ বৰ দুখ লাগিল । সি যিমানেই মুনু-চুনুৰ ওচৰ চাপিব বিচাৰে, সিমানেই মুনু-চুনুৱে তাক দূৰলৈ ঠেলি পঠিয়াই দিয়ে। মুনু-চুনুৱে তাক কিয় বেয়া পায়, সি বুজিবই পৰা নাই। কেনেকৈ কি কৰিলে সিহঁত দুটাই তাক ভাল পাব পাৰে, তাকে চিন্তা কৰি সি সিহঁতৰ খেলবোৰকে দূৰৈৰ পৰা চাই থাকে।
অৱশ্যে কেতিয়াবা কেতিয়াবা চুনুৱে তাৰ লগত হাঁহি-ধেমালি নকৰা নহয়, কৰে। চুনুৱে জঁপিয়াই তাৰ পিঠিত উঠে। তেতিয়া তাৰ মনটো ভাল লাগি যায়। চুনুক পিঠিত লৈ সি ঘূৰি ফুৰে। তাকে দেখি মুনুৱেও ময়ো খেলোঁ, ময়ো খেলোঁ বুলি চুনুক নামিবলৈ কৈ ভলৌৰ পিঠিত উঠে। মুনুৱে ভলৌক ভালকৈ ধৰাৰ চলেৰে জোৰে জোৰে তাৰ নখেৰে চিকুটে। ভলৌৱে বৰ দুখ পায়। মুনুক সি একো নকয়, লাহেকৈ মাটিত শুই দিয়ে। মুনুৱে তেতিয়া আকৌ জোকায় এলেহুৱা আৰু খেলিবলৈ দম নাইকিয়া বুলি।
ভলৌৱে মুনুক ভয় কৰে, কাৰণ সি বৰ নির্দয়। ঠিকতো নাই, কোন সময়ত কি কৰি দিয়ে। সেইকাৰণে পৰাপক্ষত সি মুনুৰ পৰা আঁতৰি থাকিবলৈ চেষ্ট কৰে।
মানুহঘৰৰ চোতালৰ এমূৰত থকা ভঁৰালঘৰটোৰ কাষতে মধুৰিআমৰ গছ এজোপা আছে। গছজোপাৰ ডালবোৰ তলৰ পৰাই আছে। মুনু-চুনুৱে এই গছজোপাত উঠি বৰ ভাল পায়। সিহঁতে ইটো ডালৰ পৰা সিটো ডাললৈ বগাই বগাই খেলি থাকে। এনেকৈ এদিন খেলি আছিল সিহঁত দুয়োটাই । ভলৌৱে সিহঁতৰ খেলকে চাই চাই হাঁহি আছিল।
গছজোপাৰ ডাল এটাত এডাল সাপ আছিল। মুনু-চুনুৱে সাপডাল দেখা নাছিল। এবাৰ মুনু গৈ সাপডালৰ মুখৰ ওচৰতে ওলালগৈ। ইমান ওচৰতে সাপ দেখি মুনুৰ ভয়ত জীৱ উৰি যোৱা যেন হ’ল। সি সাপ সাপ বুলি চিঞৰি পিছলৈ আহিবলৈ ধৰোঁতেই ডালটোৰ পৰা তললৈ সৰি পৰিল। চুনুৱে লৰালৰিকৈ গছৰ পৰা নামি ঘৰৰ ভিতৰলৈ দৌৰ দিলে। মুনুক চাবলৈ সি আৰু ওলাই নাহিল।
গছজোপাৰ তলত এটা দ গাঁত আছিল। মুনু সেই গাঁতটোতে পৰিলগৈ। সি বেছি দুখ নাপালে যদিও গাঁতটোৰ পৰা ওলাব নোৱৰা হ'ল। তাৰ তেতিয়াহে বৰ ভয় লাগিল ।
ভালৌৱে মুনুক পৰা দেখিয়েই তাৰ ওচৰলৈ দৌৰি গ’ল। সি মুনুক মাতিলে। তাৰ মাত শুনি মুনুৰ মনলৈ সাহস আহিল।
“মুনু, তুমি দুখ পাইছা নেকি?”— ভলৌৱে সুধিলে।
“নাই পোৱা ভলৌ। গাঁতৰ পৰা উঠিবহে পৰা নাই।”— মুনুৱে উত্তৰ দিলে।
ভলৌৱে তাক যিমান পাৰে সাহস যোগালে। উঠি আহিবৰ বাবে চেষ্টা কৰি থাকিবলৈ ক’লে। মুনুৱে গাঁতটোৰ পৰা ওলাবলৈ চেষ্টা কৰে যদিও বাৰে বাৰে খহি পৰে। তাকে দেখি ভলৌৰ মনলৈ এটা বুদ্ধি আহিল। সি মুনুক ক’লে— “মুনু, মই এটা বুদ্ধি বিচাৰি পাইছোঁ। তুমি মাথোঁ ধৈৰ্য ধৰা ।” কথাষাৰ কৈ ওচৰতে পৰি থকা গছৰ ডাল এটা ভলৌৱে কামুৰি চোঁচৰাই চোঁচৰাই লৈ আনিলে আৰু গাঁতটোৰ ভিতৰলৈ পেলাই দিলে।
“তুমি ডালটোৰে উঠি আহাঁচোন।” ভলৌৱে ক’লে।
মুনুৱে উঠি আহিবলৈ চেষ্টা কৰিলে যদিও উঠি আহিব নোৱাৰিলে। ভলৌৱে আকৌ ক’লে— “চিন্তা নকৰিবা মুনু। মই কিবা প্ৰকাৰে তোমাক গাঁতৰ পৰা উলিয়াই আনিমেই।”
ভলৌৱে ইফালে-সিফালে কিবা পাই নেকি চালে। সি অলপ আঁতৰত দীঘল ডাল এটা পৰি থকা দেখা পালে। ভলৌৱে ডালটো কোনোমতে টানি টানি বহু কষ্টেৰে গাঁতত পেলালে। আগৰ ডালটোৰ লগত লগ লাগি দীঘল জখলাৰ দৰে হৈ পৰিল। ভলৌৰ মুখত হাঁহি বিৰিঙি উঠিল। তাৰ কষ্ট সফল হ’ল। মুনু লাহে লাহে ডালটোৱেদি ওপৰলৈ উঠি আহিল।
মুনুৱে ওপৰলৈ আহি ফোঁপাইছিল। তাৰ ভাগৰ লাগিছিল। গাঁতৰ পৰা ওলাবলৈ চেষ্টা কৰোঁতে কিমানবাৰ যে খহি খহি পৰিছিল! তাৰ শৰীৰৰ দুখ পোৱা ঠাইবোৰ ভলৌৱে চাই চাই চেলেকি চেলেকি মৰম কৰি দিলে।
ভলৌৰ তাৰ প্ৰতি মৰম দেখি মুনুৰ চকুপানী ওলাই আহিল। ভলৌক কৰা দুৰ্ব্যৱহাৰবোৰ তাৰ মনলৈ আহিল। সি ভলৌক সাবটি ধৰি ক’লে— “তুমি মোক মাফ কৰি দিয়া ভলৌ। তোমাক মই বহুত কষ্ট দিছিলোঁ। তোমাৰ এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ। তুমিহে মোৰ প্রকৃত বন্ধু।”
মুনুৰ কথা শুনি ভলৌৰ বৰ ভাল লাগিল। সেয়েহে গুণী লোকে কয়— ধৈর্যৰ ফল সদায় মিঠা।
শব্দাৰ্থ:
- আমন-জিমনকৈ: মন মাৰি, বিমৰ্ষ মনেৰে
- ভয়পাদুৰা: অতি ভয়াতুৰ, অলপতে ভয় খোৱা
- তর্কিবই নোৱাৰিলে: ধৰিবই নোৱাৰিলে/ গমেই নাপালে
- নির্দয়: নিষ্ঠুৰ, দয়া-মৰম নথকা
- দুৰ্ব্যৱহাৰ: বেয়া ব্যৱহাৰ, বেয়া আচৰণ
- মাফ: ক্ষমা, দোষ এৰি দিয়া
লেখকৰ ঠিকনা: সূৰ্যপুৰ তিনিআলি, পাভৈ পথ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬