চিকু আৰু মিকু
- Published on 29 Feb 2024
খা ৰৈ নামৰ এখন নৈৰ পাৰৰ জোপোহানিৰ মাজত কপৌ চৰাই এহালে বাহ সাজিছিল। কপৌ চৰাইজনীয়ে কণী পাৰিলে আৰু এদিন কণী ফুটি পোৱালি ওলাল। সিহঁতে পোৱালি দুটাৰ নাম দিলে চিকু আৰু মিকু। চিকু বৰ উৎপতীয়া আৰু দুষ্ট স্বভাৱৰ। আনহাতে মিকু বৰ শান্ত আৰু বুজন স্বভাৱৰ। চিকুক লৈ মাক-দেউতাকৰ বৰ চিন্তা।
চিকু-মিকুৰ পাখি গজিছেহে, ভালকৈ উৰিব পৰা হোৱাই নাই। সিহঁতে নিজে খুঁটি খাবও পৰা নাছিল। দুয়োটাকে মাক-বাপেকে খুৱাই দিছিল।
চিকুৱে মাজে মাজে তাৰ অকণমানি ডেউকা দুখনেৰে ধপধপাই ধপধপাই উৰিব বিচাৰে যদিও নোৱাৰে। তাৰ চেষ্টা দেখি মাকহঁতে হাঁহে যদিও ভিতৰি ভয় খাই থাকে। কাৰণ সি যিহে খটখটীয়া, অঘটন হ’বলৈ বেছি সময় নালাগে। সেয়ে মাকে কয়— “অভ্যাস কৰি থাকা। কিন্তু বাহৰ পৰা ওলাবলৈ চেষ্টা নকৰিবা।”
চিকুৱে মাকক সোধে— “তোমালোকৰ দৰে আমি কেতিয়ানো উৰিব পাৰিম?”
মাকে তাক কয়— “আৰু অলপ ডাঙৰ হৈ লোৱা। তোমালোকৰ পাখিবোৰ ভালকৈ গজা নাই নহয়। পাখিবোৰ ভালকৈ গজিলেই আমাৰ লগত উৰি ফুৰিব পাৰিবা আৰু নিজে নিজেই খোৱা বস্তু বিচাৰি খাব পাৰিবা।”
মিকুৱে একো নকয়। মাকে কোৱা কথাবোৰ মনোযোগেৰে শুনি থাকে। চিকুলৈ তাৰো চিন্তা লাগে। মাকহঁত নাথাকিলে সি মিকুক বহুত দিগদাৰ দি থাকে। অকণমানি বাহটোত সি শান্তিৰে নাথাকে।
সি মিকুক কয়— “ঐ মিকু, মই সেই ডালটোলৈ যাওঁ। ইয়াৰ পৰা আকাশখন ভালকৈ দেখা নাপায়। তয়ো আহ।”
মিকুৱে তাৰ কথাত বৰ ভয় খায়। সি চিকুক কয়— “নালাগে যাব। মাহঁতে হাক দিছে নহয়। মই হ’লে নাযাওঁ দেই।”
মিকুৱে যিমান পাৰে চিকুক বুজায়। মাকহঁতে বাহৰ পৰা ওলাবলৈ হাক দিয়াৰ কথা বাৰে বাৰে সোঁৱৰাই দিয়ে।
চিকুৱে তাক ভয়পাদুৰা বুলি হাঁহে আৰু কয়— “তই থাক, মই যাওঁ।” এইবুলি সি যোৱাৰ নিচিনা কৰে। মিকুৱে ভয়তে কান্দি দিয়ে।
মাকহঁত নাথাকিলে চিকুৱে মিকুক এনেদৰেই ভয় খুৱাই থাকে। মাকে চিকুৰ দুষ্টমিবোৰ জানে বাবেই বেছি দূৰলৈ খোৱা বস্তু আনিবলৈ নাযায়। ঠিকতো নাই, সি কেনেবাকৈ উৰিবলৈ চেষ্টা কৰোঁতে যদি মাটিত পৰি যায়, কি যে হ’ব! ভাবিলেই মাকৰ বুকুখন ধপধপায়। সেয়ে মাকে সিহঁত দুয়োটাকে মৰম কৰি কয়— “আমি নাথাকিলে তোমালোক বাহৰ পৰা একদম নোলাবা দেই।”
চিকুৱে সোধে— “কিয় মা?”
মাকে কয়— “ঢোৰাকাউৰীয়ে যদি কেনেবাকৈ আমাৰ বাহটো দেখে, বৰ বিপদ হ’ব। সিহঁতে কিবা বুদ্ধি কৰি হ’লেও জোপোহাৰ মাজত সোমাই তোমালোকক ধৰি নিব। সেই কাৰণেই মই তোমালোকক হাক দি থাকো।”
দুয়োটাই মাকৰ কথাবোৰ শুনে যদিও চিকুৱে মিকুক ভয় খুৱাবলৈ হ’লে নেৰে।
এদিন দুপৰীয়া চিকুৱে এটা ডাঙৰ কাম কৰিলে। সিহঁতক টোপ খুৱাই মাক-বাপেকে বাহটোৰ ওচৰৰ ডাল এটাত জিৰণি লৈ আছিল। চিকুৱে বাহৰ পৰা মূৰ উলিয়াই মাজে মাজে মাকহঁতলৈ চাই থকা দেখি মিকুৱে ক’লে— “কিনো কৰি আছ? শুই থাকচোন।”
চিকুৱে ক’লে— “তই শুই থাক। মই মাহঁতৰ ওচৰলৈ যাওঁ।”
তাৰ কথা শুনি মিকুৱে আকৌ ক’লে— “মায়ে দেখোন আমাক বাহৰ পৰা ওলাবলৈ হাক দিছে।”
“একো নহয় অ’। তই চাই থাকচোন।”— এইবুলি কৈ চিকু লাহেকৈ বাহৰ পৰা ওলাই ডালটোলৈ যাব ধৰোঁতেই পিছলি পৰিল। মিকুৱে চিঞৰি দিলে।
মাক-বাপেকে আহি দেখিলে চিকু বাহটোৰ তলত অকণমানিডাল এটাত লাগি ওলমি আছে। ভাগ্য ভাল আছিল বাবেই তলত সৰি নপৰিল।
মাক-বাপেকে বহুত কষ্ট কৰি তাক বাহটোলৈ উঠাই আনিলে। চিকুৱে বহুত ভয় খাইছিল। মাকহঁতে হাক দিয়াৰ কাৰণটো সি বুজি পালে আৰু কেতিয়াও মাক-দেউতাকৰ অবাধ্য নহওঁ বুলি শপত খালে। সি মিকুক দুখ মনেৰে ক’লে— “তোক মই বৰ কষ্ট দিওঁ নহয় মিকু? মোক মাফ কৰি দে। তোৰ কথা নুশুনাৰ বাবেই আজি মোৰ এই ঘটনা ঘটিবলৈ পালে।”
মিকুৱে তাক সাবটি ধৰিলে আৰু আকাশখন দেখুৱাই ক’লে— “চা চা, ডাৱৰবোৰ ইমান ধুনীয়া লাগিছে। কপাহৰ দৰে জিলিকি আছে। আমি যেতিয়া ভালকৈ উৰিব পৰা হ’ম, তেতিয়া ডাৱৰ লগত লুকাভাকু খেলিম দেই।” এইবুলি সি চিকুক ভাকুটকুটাই দিলে।
লেখকৰ ঠিকনা: মাতু হাজৰিকা, সূৰ্যপুৰ তিনিআলি, পাভৈ পথ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬