মোহিনী আৰু অসুৰ
- Published on 26 Oct 2023
শি শুসকলৰ পৃথিৱীখন আমোদজনক আৰু কৌতূহলেৰে পূৰ্ণ। কিবা এটা নতুন কথা জনাৰ; নতুন বস্তু, নতুন প্ৰাণী এটা দেখাৰ আশাই সিহঁতক কৌতূহলী কৰি তোলে। বিশেষকৈ অসুৰ, দৈত্য-দানৱ আদিৰ প্ৰতি সিহঁতৰ মন সদায়ে আকৰ্ষিত হৈ থাকে। তেনে এক কাহিনীৰে ৰচিত এখন গ্ৰন্থ— ‘মোহিনী আৰু অসুৰ’।
অতি কম পৃষ্ঠাৰ এইখনি গ্ৰন্থৰ কাহিনী অনুসৰি, এখন গাঁৱত ভষ্মাসুৰ নামৰ এটা অসুৰ আছিল। অসুৰ মানে কিম্ভূত-কিমাকাৰ এক ৰূপ, দেখিলে ভয় নলগাকৈ থাকিব নোৱাৰে। সি থাকে এটা গুহাত। মানুহক ভয় দেখুৱাই ভাল পোৱা ভষ্মাসুৰৰ কোনো বন্ধু নাই। সি দুটা কামেই কৰে: ভোক নলগালৈকে মানুহক ভয় খুৱাই থাকিব আৰু ভোক লাগিলেই যাকে মন যায় তাকেই ভোজন কৰিব। তদুপৰি তাৰ এক যাদুকৰী ক্ষমতা আছিল, সেয়া হ’ল তাৰ হাতখন যাৰ মূৰতেই থয়, সি ছাই হৈ যায়। তাৰ এই শক্তিৰ বাবে তাক দেখি সকলোৱে পলাই-পত্ৰং দিয়ে। এই কাৰ্যটোৱে তাক বৰ আনন্দ দিয়ে। ইয়ে তাৰ সমান যে কোনো শক্তিশালী নাই, সেই কথাই তাৰ মনত অহং ভাবৰ সৃষ্টি কৰে।
তাক দেখি ভয় নোখোৱা মানুহ সেই অঞ্চলত কেৱল এগৰাকীয়েই আছে। এজনী সৰু ছোৱালী,— তাইৰ নাম মোহিনী। দেখাত সৰু হ’লেও তাইৰ মনটো ডাঙৰ আৰু সাহসী। আনে ভয় কৰিলেও তাই ভষ্মাসুৰক ভয় নকৰে, তাইৰ মতে এদিন নহয় এদিন তাই তাক মাৰিবই। তাইৰ এই মনোবল দেখি আনে তাইক ঠাট্টা-মস্কৰা কৰে। তাইৰ আইতাকে কোৱা মতে, অসুৰটোৰ গাত হেনো একুৰি হাতীৰ বল, তাই তাক কি কৰিব পাৰিব? কিন্তু তাইৰ আত্মবিশ্বাস ইমান প্ৰবল যে এদিন নহয় এদিন তাক মাৰিবলৈ উপায় বিচাৰি পাব বুলি তাই ভাবে।
মোহিনীয়ে ভষ্মাসুৰক মাৰিবলৈ উপায় চিন্তিবলৈ ধৰিলে। এনেকৈ চিন্তা কৰি কৰি তাই এটা উপায় উলিয়ালে। কিন্তু কাকো তাই এই কথাৰ ভূ নিদিলে। মাথোঁ গাঁওবুঢ়াৰ ওচৰলৈ গৈ তাই ভষ্মাসুৰক মৰাৰ অনুমতি আৰু এযোৰ জুনুকা বিচাৰিলে। তাইৰ আকোৰ-গোঁজালি দেখি গাঁওবুঢ়াৰ লগতে বুঢ়া-মেথাসকলেও সহযোগ কৰিব বুলি কথা দিলে। তাইক অনুমতি দিয়াৰ লগতে তাই বিচৰা জুনুকাও আনি দিলে।
মোহিনীয়ে সাহস কৰি ভষ্মাসুৰৰ গুহা পালেগৈ। তাত উপস্থিত হৈ প্ৰথমবাৰৰ বাবে তাইৰ ভয় লাগিল। তথাপি বুকুত সাহস গোটাই লৈ তাৰ সন্মুখত তাই থিয় হ’ল। তাৰ কিম্ভূত-কিমাকাৰ ৰূপ দেখি মোহিনী আচৰিত হ’লেও কিদৰে তাক বশ কৰিব পাৰি, সেই চিন্তা কৰি তাৰ প্ৰশংসাত পঞ্চমুখ হ’ল। তাইৰ মুখত সি ধুনীয়া বুলি শুনি ভষ্মাসুৰ আনন্দত আত্মহাৰা হল। সি মোহিনীক বিয়া কৰাব খুজিলে। মোহিনীয়েও না নকৰিলে। কিন্তু তাই তাৰ বাবে এটা চৰ্ত দিলে। যদিহে তাই তাৰ লগত বিয়া হ’ব লাগে, সি তাইৰ লগত নাচিব লাগিব। তাইক পাবৰ বাবে সিয়ো নাচিব বুলি কথা দিলে।
কথামতে কাম। মোহিনীয়ে জুনুকা পিন্ধি ভষ্মাসুৰৰ লগত নাচিবলৈ ধৰিলে। এনেদৰে মোহিনীয়ে নাচি নাচি এটা সময়ত নিজৰ হাতখন নিজৰ মূৰৰ ওপৰত দিলে, তাকে দেখি ভষ্মাসুৰেও তাৰ হাতখন মূৰৰ ওপৰত দিলে। তাৰ লগে লগেই ভষ্মাসুৰ পুৰি ছাই হৈ গ’ল।
ভাবিলে আচৰিত হ’বলগীয়া কথা, যিটো কাম এখন গাঁৱৰ মানুহে লগ লাগি কৰিব নোৱাৰিলে, সেই কাম কণমানি মোহিনীয়ে বুদ্ধি আৰু সাহসৰ দ্বাৰা কৰি পেলালে। লগতে প্ৰমাণ কৰি দিলে যে বলতকৈ বুদ্ধিহে শ্ৰেষ্ঠ। বুদ্ধি নথকা বাবে গোটেই গাঁওখন ভষ্মাসুৰৰ অধীনত আছিল। তাইৰ বুদ্ধি আৰু সাহস অথলে নগ’ল। তাই যি প্ৰতিজ্ঞা কৰিছিল, সেয়া তাই পূৰণ কৰিহে এৰিলে।
সেয়ে, ক’ব পাৰি যে বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। সেয়ে, আমি যি কৰোঁ, সেই সকলো বুদ্ধিৰে কৰিব লাগে। বুদ্ধিৰে কৰিলে আমাৰ কষ্টও কম হয়, বলেৰে কৰিবলৈ গ’লে আমি অযথা কষ্ট কৰিবলগীয়া হয়। সেয়ে, স্থান-কাল-পাত্ৰ চাই আমি বুদ্ধি আৰু বলৰ প্ৰয়োগ কৰিব লাগে।
মোহিনী আৰু অসুৰ
লেখক: শান্তা ৰামেশ্বৰ ৰাও
অনুবাদ: প্ৰীতি বৰুৱা
বিষয়: শিশু-উপন্যাস
প্ৰথম প্ৰকাশ: ১৯৯৪ চন
প্ৰকাশক: নেচনেল বুক ট্ৰাষ্ট
মূল্য: ৪০ টকা
লেখকৰ ঠিকনা: দিগন্ত বৈশ্য, গাওঁ/ ডাক: শুৱালকুছি, পদ্মৰাম কাকতি পথ, কামৰূপ