ঘাত-প্ৰতিঘাতৰ প্ৰতিদান
- Published on 19 Feb 2024
এ সময়ত এখন গাঁৱত এজন বৰ সহজ-সৰল হোজা খেতিয়ক আছিল। তেওঁ বৰ দুখীয়া আছিল, লোকৰ খেতি পথাৰত কাম কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কিন্তু খেতি কৰিবৰ বাবেও বতৰৰ ওপৰত নিৰ্ভৰ কৰি থাকিবলগীয়া হৈছিল; কাৰণ তেওঁৰ যি ঠাইত ঘৰ আছিল, তাত পানীৰ বৰ অভাৱ আছিল। তদুপৰি নানান ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে খেতি-বাতি প্ৰায়ে অনিষ্ট সাধন হৈছিল। সেয়ে খেতিয়কজনৰ মনত আছিল বৰ দুখ। তেওঁ দিনে-নিশাই ভগৱানক প্ৰাৰ্থনা কৰিছিল যাতে বৰষুণ দিয়ে, খেতিবোৰ ভাল হয় আৰু প্ৰাকৃতিক দুৰ্যোগো নহয়। কিয়নো এই সকলোবোৰ সৃষ্টিৰ মূলতে যে সৃষ্টিকৰ্তা পৰম ব্ৰহ্মা, সেই কথা তেওঁ ভালদৰে জানিছিল। এসময়ত ধাৰ্মিক খেতিয়কজনে আৰাধনাৰ বলত ভগৱান পৰম ব্ৰহ্মাৰ সাক্ষাৎ লাভ কৰিলে।
খেতিয়কজনক ভগৱানে সুধিলে— “হে মোৰ প্ৰিয় ভক্ত, মোক তুমি পৃথিৱীলৈ কিয় মাতিলা?” তেতিয়া খেতিয়কজনে ক’লে— “হে প্ৰভু, আপুনি এই গোটেই জগতখনৰ সৃষ্টিকৰ্তা। তথাপি আপুনি বতৰৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাৰাখে, সেইবাবে খেতি-বাতিৰ প্ৰচুৰ লোকচান হৈছে। আপুনি যদি বেয়া নেপায় বতৰৰ দায়িত্ব মোক দিয়ক, মই গোটেই গাঁৱতে শস্যৰে নদন-বদন কৰি দিম।”
খেতিয়কজনৰ কথা শুনি ভগৱান পৰম ব্ৰহ্মাই বৰ ৰস পালে আৰু এটা বছৰৰ বতৰৰ দায়িত্বভাৰ খেতিয়কজনৰ হাতত অৰ্পণ কৰিলে।
খেতিয়কজনে বৰ আনন্দ লাভ কৰিলে। পৰম আস্থা লৈ সময় মতে পথাৰত ধান সিঁচিলে। ভালদৰে পানীৰ যোগান ধৰিলে। সূৰ্যৰ তাপ, বৰষুণ আদিৰ লগতে নানান ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা যাতে ধান খেতিৰ একো অনিষ্ট নহয় তাৰ প্ৰতি চকু ৰাখিলে। সুস্থ পৰিৱেশ আৰু অনুকূল বাতাৱৰণ পাই ধান গছবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে। ধান গছবোৰ দেখি খেতিয়কৰ মনত বৰ আনন্দ লাগিল। মনতে ভাবিলে— ঈশ্বৰে এইবাৰ গম পাব ধান খেতি কেনেকৈ হয়। আৰু গাঁৱৰ মানুহেও মোক বহুত ভাল পাব। কথাবোৰ ভাবি ভাবি তেওঁ আনন্দত আত্মহাৰা হৈ উঠিল।
সময়ত সোণালী ধানেৰে পথাৰখন ভৰি পৰিল। গাঁৱৰ সকলোৱে মিলি গৰুৰে মৰণা মাৰি ধান চপাবলৈ লৈ আচৰিত হ’ল। ইমান ধুনীয়া ধানৰ শিহত দেখোন এটাও চাউল নাই, সকলোবোৰ পতান! খেতিয়কজনে গাঁৱৰ মানুহৰ ওচৰত বৰ লাজ পালে। মনৰ দুখত হতাশ হৈ তেওঁ পুনৰ আৰাধনা কৰি পৰম প্ৰভু ব্ৰহ্মাক লগ কৰিলে।
“ভক্ত এইবাৰ মোক তোমাৰ কিয় প্ৰয়োজন হ’ল?”— ব্ৰহ্মাই সুধিলে। খেতিয়কজনে কান্দি কান্দি ঈশ্বৰক ক’লে— “হে পৰম প্ৰভু পৰমেশ্বৰ, এইবাৰ মই ধানখেতিৰ বাবে ইমান কষ্ট কৰিলোঁ, সুস্থ এটা পৰিৱেশ দিলোঁ, তথাপি ধান গছবোৰত কিয় এটাও ফল নধৰিল?”
খেতিয়কজনৰ কথা শুনি প্ৰভু ব্ৰহ্মাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে— “শুনা বাছা, তুমি গছবোৰক ভাল পৰিৱেশ দিলা হয়, কিন্তু সিহঁতক তুমি কোনো ধৰণৰ সংঘৰ্ষৰ লগত যুঁজিবলৈ নিদিলা। যেতিয়া বতাহ, বৰষুণ বা ধুমুহা আহে, তেতিয়া ধান গছবোৰে হালি-জালি নিজৰ ভিতৰতে এক ধৰণৰ শক্তি উৎপন্ন কৰে আৰু সেই শক্তিৰ দ্বাৰা বীজৰ উৎপন্ন হয়। তুমি গছবোৰক সংঘৰ্ষ কৰিবলৈ নিদিলাই, সেয়েহে গছত ফলো নধৰিলে। আৰু শুনা, প্ৰকৃতিৰ সকলো জীৱ-জন্তু যিদৰে প্ৰতিকূল পৰিৱেশৰ লগত সংঘৰ্ষ কৰি জীয়াই আছে, ঠিক সেইদৰে তোমালোকে জীৱনত কিবা এটা পাবলৈ ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’লেহে সফল হ’ব পাৰিবা।”
খেতিয়কজনে ঈশ্বৰৰ কথা শুনি নিজৰ ভুল বুজি পালে। ঘাত-প্ৰতিঘাত পালেহে মানুহে জীৱনত সকলো শক্তিৰ প্ৰয়োগ কৰি সফলতা লাভ কৰিব পাৰে। এই কথা মনত ৰাখিব লাগে যে ঘাত-প্ৰতিঘাতে জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰে।
লেখকৰ ঠিকনা: ঝৰ্ণালী শৰ্মা বৰকটকী, তেজপুৰ বিশ্ববিদ্যালয় চৌহদ, তেজপুৰ