ভেকুলী খহুৱা হোৱাৰ কাৰণ

  • Published on 04 Aug 2023
ভেকুলী খহুৱা হোৱাৰ কাৰণ

দিন এটা বাদুলিয়ে এজোপা লিচু গছৰ ডালত ওলমি জিৰণি লৈ আছিল। দুপৰীয়াৰ সময়। তেনেতে গছজোপাৰ তলত থকা ভেকুলী এটাই টোৰ-টোৰাই উঠিল। ভেকুলীটোৰ টোৰটোৰণিত ভয় খাই বাদুলিটো গছজোপাৰ পৰা ঢপঢপাই উৰি গ’ল। তাৰ পাখিৰ শব্দত টকৌ গছত বহি থকা কেৰ্কেটুৱা এটা চক খাই উঠিল। সি টকৌজোপাৰ পৰা পলাব খোজোঁতেই টকৌৰ থোক এটা তললৈ সৰি পৰিল। তলত এটা পহু চৰি আছিল। টকৌৰ থোকটো গৈ তাৰ গাতে পৰাত ভয় পাই পহুটোৱে দৌৰিবলৈ ধৰিলে। বাটত সি বাঁহৰ গাজ এটা ভাঙি থৈ গ’ল। বাঁহৰ গাজটোৱে কাষতে ৰৈ থকা কেঁকোৰা এটাৰ ঠেঙত আঘাত কৰিলেগৈ। কেঁকোৰাটোৱে বিষত তৎ নাপাই এডাল সাপৰ নেজতে কামোৰ মাৰি দিলে। কেঁকোৰাৰ কামোৰত সাপডালৰ নেজৰ এটুকুৰা ছিগি থাকিল। সাপডালে খঙত একো নাইকিয়া হৈ পাতসিয়া চৰাই এজনীৰ বাহত পাৰি থোৱা কণীকেইটা খাই পেলালে।

ভেকুলী খহুৱা হোৱাৰ কাৰণ

পাতসিয়া চৰাইজনীয়ে তেতিয়া উচুপি উচুপি চৰাই আৰু জন্তুবোৰৰ ওচৰত গোচৰ দিলেগৈ। সকলোবোৰ চৰাই-চিৰিকটি আৰু জীৱ মিলি এখন সভা পাতি কথাটো বিচাৰ কৰিবলৈ বহিল। বিচাৰক পতা হ’ল শিয়ালক। বিচাৰক শিয়াল মহোদয়ে প্রথমতে সাপক সুধিলে— “তুমি পাতসিয়া ভণ্টিৰ কণীকেইটা কিয় খালা?”

সাপে মূৰটো দোঁৱাই ক’লে— “মোৰ গাত একো দোষ নাই মহোদয়। কেঁকোৰাটোৱে মোৰ নেজডাল ছিঙি পেলোৱাতহে মই খঙতে কণীকেইটা খাই পেলাইছিলোঁ।”

বিচাৰকে এইবাৰ কেঁকোৰাক প্ৰশ্ন কৰিলে— “তুমি সাপৰ নেজডাল কিয় কামুৰি ছিঙি পেলালা?” কেঁকোৰাই উত্তৰ দিলে— “বাঁহৰ গাজটোৱে মোৰ ঠেং এটাত কোব মৰাত মই বিষত ৰ’ব নোৱাৰি সাপৰ নেজডালকে কামুৰি ধৰিছিলোঁ।” কেঁকোৰাই এনেকৈ কোৱাত বিচাৰক শিয়ালে এইবাৰ বাঁহৰ গাজটোক সুধিলে— “তুমি কেঁকোৰাৰ ঠেংটোত কিয় কোবাইছিলা?”
“পহুটোৱে মোক খুন্দা মাৰি বগৰাই দিয়াতহে মই কেঁকোৰাৰ ঠেঙত পৰিছিলোঁগৈ ।” বাঁহৰ গাঁজটোৰ উত্তৰত সন্তুষ্ট হৈ বিচাৰপতিয়ে পহুক সুধিলে— “তুমি বাঁহৰ গাজটো কিয় ভাঙিছিলা?”

“মোক ক্ষমা কৰক প্ৰভু ঈশ্বৰ। মোৰ গাত একেবাৰে দোষ নাই। টকৌৰ থোকটো হঠাতে মোৰ পিঠিত পৰাত মই ভয় খাই দৌৰ মাৰিছিলোঁ আৰু তেতিয়াই বাঁহৰ গাজটোত খুন্দা লগাত সেইটো ভাগি গৈছিল।”

ভেকুলী খহুৱা হোৱাৰ কাৰণ

পহুটোৰ পৰা উত্তৰ পোৱাত এইবাৰ টকৌৰ পাল পৰিল। টকৌৱে ফেঁকুৰি ফেঁকুৰি ক’লে— “কেৰ্কেটুৱা দাদাই মোক খাই আছিল। কিন্তু হঠাতে তেওঁৰ কি হ’ল জানো, মোক খাবলৈ এৰি মোৰ ঠাৰিডালতহে কামোৰ মাৰি দিলে। মই ছিগি পৰিলোঁ। পহুটো মোৰ ঠিক তলতে আছিল। গতিকে মোৰ গাতনো দোষ কি?”

“তুমি নাকান্দিবা টকৌ ভাইটি। তোমাৰ গাত দোষ নাই। এতিয়া কেৰ্কেটুৱাই কোৱাচোন, তুমি টকৌৰ ঠাৰিডালত কিয় কামুৰিছিলা?”— বিচাৰপতি শিয়ালে কেৰ্কেটুৱাক সুধিলে।

“কাৰণ বাদুলি বাইদেৱে ঢপঢপাই উৰি গৈ মোক ভয় খুৱাই দিছিল।”— কেৰ্কেটুৱাৰ উত্তৰ শুনি বিচাৰপতিয়ে এইবাৰ বাদুলিক সুধিলে— “তুমি কেৰ্কেটুৱাক কিয় ভয় খুৱাইছিলা?”

ভেকুলী খহুৱা হোৱাৰ কাৰণ

বাদুলিয়ে পাখী দুখন আগলৈ দি নমস্কাৰ কৰাৰ ভংগীত উত্তৰ দিলে— “মোৰ গাত দোষ জাপি নিদিব মহোদয়। মই মনে মনেই শুই আছিলোঁ। কিন্তু ভেকুলী বপুৰাই অকস্মাৎ টোৰ-টোৰাই উঠাত ম‍ই ভয় খাই উৰি গৈছিলোঁ ।”

বাদুলি, কেৰ্কেটুৱা, টকৌ, পহু, বাঁহৰ গাজ, কেঁকোৰা আৰু সাপ— এই আটাইবোৰৰে উত্তৰ শুনাৰ পাছত সমজুৱাসকলে বুজি পালে,— এই সকলোবোৰ অঘটনৰ মূলতে হ’ল ভেকুলীটো। অৱশ্যে ভেকুলীটোকো এটা সুযোগ দিয়া হ’ল। সি দুপৰীয়াৰ অসময়ত কিয় টোৰ-টোৰাইছিল বুলি সোধাত ক’লে— “এনেয়ে, ফূৰ্তিতে।”

ভেকুলীৰ উত্তৰটো শুনি কেৱে ভাল নাপালে। দুপৰীয়া সকলোৱে জিৰণি লোৱাৰ সময়ত নিজৰ ফূৰ্তিৰ কাৰণে অনাহকতে টোৰটোৰাই চিঞৰাটো উচিত হোৱা নাই। গতিকে সিয়েই অপৰাধী। ইয়াৰ কাৰণে ভেকুলীয়ে শান্তি পাব লাগিব।

ভেকুলী খহুৱা হোৱাৰ কাৰণ

ভেকুলীক শাস্তি দিয়া হ’ল। সমজুৱাসকলে ধৰি তাৰ গাত গৰম খাৰণি ঢালি দিলে। বিষত তৎ নাপাই সি চটফটাই জপিয়াবলৈ ধৰিলে। ওচৰতে এটা পুখুৰী আছিল। পানীত পৰিলে আৰাম পাব বুলি ভাবি ভেকুলীটোৱে পুখুৰীৰ পানীত জাপ মাৰি পৰিল। গৰমৰ পৰা হঠাতে ঠাণ্ডা পোৱাত তাৰ পিঠিখন খহুৱা আৰু খহতা হৈ পৰিল। তেতিয়াৰ পৰাই ভেকুলীৰ পিঠিখন খহুৱা হ’ল।

লেখকৰ ঠিকনা: ধ্ৰুৱজ্যোতি শৰ্মা, ভলাগুৰি সত্ৰ, কলিয়াবৰ, নগাঁও