লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি

  • Published on 18 Jul 2023
লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি

হু পুৰণি দিনৰ কথা। এখন ৰাজ্যত এজন বৰ প্ৰতাপী আৰু প্ৰজাৰঞ্জক ৰজা আছিল। তেওঁ বৰ দয়ালু আছিল। প্ৰজাসকলক তেওঁ বৰ ভাল পাইছিল আৰু নিজৰ সন্তানৰ দৰেই তেওঁ প্ৰজাসকলক মৰম কৰিছিল। সঘনে প্ৰজাৰ সুখ-দুখ, অভাৱ-অভিযোগৰ খবৰ লৈছিল। বিনিময়ত প্ৰজাসকলেও ৰজাক বৰ ভাল পাইছিল আৰু শ্ৰদ্ধা কৰিছিল।

সেইখন ৰাজ্যতে দুজন বৰ ভাল ভাস্কৰ্য শিল্পী আছিল। তেওঁলোকে নিৰ্মাণ কৰা সুন্দৰ সুন্দৰ ভাস্কৰ্যসমূহ ৰজাই বৰ ভাল পাইছিল। ভাস্কৰ্য শিল্পী দুজনৰ এজনৰ নাম আছিল চন্দ্ৰ আৰু আনজনৰ নাম আছিল লক্ষ্মণ। দুয়োৰে কামবোৰ ইমানেই নিখুঁত আছিল যে কোনজন শ্ৰেষ্ঠ, তাক নিৰ্ণয় কৰা বৰ কঠিন আছিল।

এদিন ৰজাই এখন ভাস্কৰ্য শিল্পৰ প্ৰতিযোগিতা পতাৰ কথা ভাবিলে। প্ৰতিযোগিতা পাতিলেহে চন্দ্ৰ আৰু লক্ষ্মণৰ কোনজন শ্ৰেষ্ঠ, গম পোৱা যাব। তদুপৰি শ্ৰেষ্ঠজনক পুৰস্কৃতও কৰিব পৰা যাব।

প্ৰতিযোগিতাৰ দিন-বাৰ আৰু সময় নিৰ্দিষ্ট কৰি ৰজাৰ নিৰ্দেশত ৰাজ্যৰ চৌদিশে ঢোল পিটি প্ৰতিযোগিতাখনৰ কথা সকলোকে জনাই দিয়া হ’ল। লগতে প্ৰজাসকলকো সদলবলে নিৰ্দিষ্ট সময়ত প্ৰতিযোগিতাস্থলীত উপস্থিত থাকিবলৈ আহ্বান কৰা হ’ল।

ৰজাঘৰীয়া ঘোষণা ৰাজ্যৰ সকলোৱে গম পালে। ভাস্কৰ্য শিল্পী চন্দ্ৰ অতি নিকৃষ্ট মনৰ মানুহ আছিল। সি মনতে থিৰাং কৰিলে যে যিকোনো উপায়েৰে এই প্ৰতিযোগিতাত লক্ষ্মণক হৰুৱাবই লাগিব। কেনেবাকৈ যদি সি নিজে হাৰিবলগা হয়, তেতিয়া অত প্ৰজাৰ মাজত তাৰ সন্মানটো ক’ত থাকিব? লক্ষ্মণ কিন্তু চন্দ্ৰৰ দৰে অসৎ নাছিল। সি এই প্ৰতিযোগিতাত হৰা বা জিকাৰ বিষয়ে একো কথাই ভবা নাছিল।

ধুৰন্ধৰ চন্দ্ৰই বেয়া অভিপ্ৰায়েৰে প্ৰতিযোগিতাৰ ঠিক আগদিনা গধূলি পৰত লক্ষ্মণৰ ঘৰলৈ আহিল আৰু লক্ষ্মণক মিছাকৈয়ে ক’লে— “হে’ৰা বন্ধু লক্ষ্মণ, কাইলৈতো প্ৰতিযোগিতাৰ দিন পালেহিয়েই। মই ঘৰত মোৰ হাতুৰী-বটালিকে ধৰি হাতিয়াৰখিনি বিচাৰি পোৱা নাই। কাইলৈ দিনত বিচাৰিলে নিশ্চয় পাম। সেয়েহে ৰাতিটোৰ বাবে তোমাৰ হাতিয়াৰখিনিকে দিয়াচোন। দুই-এটা কাম কৰি চাম আৰু কাইলে পুৱা তোমাক ঘূৰাই দিমহি।”

সহজ-সৰল লক্ষ্মণে চন্দ্ৰৰ কূটবুদ্ধি বুজি নাপালে। সি ধৰাই-মেলি সাজু কৰি ৰখা হাতিয়াৰখিনি চন্দ্ৰক আনন্দ মনেৰে দি দিলে। কাৰণ চন্দ্ৰ বিপদত পৰাটো লক্ষ্মণে কামনা কৰা নাছিল। ৰাতিপুৱালৈ ঘূৰাই দিব যেতিয়া চিন্তা কৰিবলগীয়ানো কিটো আছে?

নিকৃষ্ট মানসিকতাৰ চন্দ্ৰই ৰাতিটোৰ ভিতৰতে লক্ষ্মণৰ হাতিয়াৰখিনি যধে-মধে য’তে-ত’তে মাৰি একেবাৰে ভোটা কৰি পেলালে আৰু নিজৰখিনি ধৰাই-মেলি চোকা কৰি ৰাখিলে।

পাছদিনা ৰাতিপুৱা চন্দ্ৰ আৰু লক্ষ্মণ ৰাজসভাত গৈ উপস্থিত হ’লগৈ। দৰ্শকসকলো আহি উপস্থিত। প্ৰতিযোগিতা আৰম্ভ হ’বলৈ বেছি সময় নাই। ঠিক তেনে সময়তে চন্দ্ৰই লক্ষ্মণক তাৰ হাতিয়াৰখিনি ঘূৰাই দিলে।

লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি

নিজৰ হাতিয়াৰখিনিৰ অৱস্থা দেখি লক্ষ্মণ তেনেই অবাক হৈ পৰিল। কি কৰিব এতিয়া? ধৰাই-মেলি ল’বলৈকো সময় নহ’ব! কাৰণ প্ৰতিযোগিতা আৰম্ভ হ’বৰ হ’লেই।

তেনেতে ৰজাই ঘোষণা কৰিলে— “এতিয়া আমাৰ প্ৰতিযোগিতা আৰম্ভ কৰা হ’ব। ভাস্কৰ্য শিল্পী দুজনে ইজনৰ হাতিয়াৰখিনি সিজনৰ লগত সলনা-সলনি কৰি লওক। কাৰণ নিজৰ নিজৰ হাতিয়াৰেৰে সকলোৱেই ভালকৈ কাম কৰিব পাৰে। আনৰ হাতিয়াৰেৰে কাম কৰিব পৰাজনহে প্ৰকৃততে ভাল শিল্পী।”

বেচেৰা চন্দ্ৰ এতিয়াহে পৰি গ’ল ফাঁকত। তাৰ মূৰ ঘূৰাই গ’ল। আনক বিপদত পেলাবলৈ গৈ সি নিজেহে দেখোন বিপদত পৰিল এতিয়া।

প্ৰতিযোগিতাত লক্ষ্মণেই বিজয়ী হ’ল। ৰজাই লক্ষ্মণক ভালদৰে পুৰস্কৃত কৰিলে।

সেয়েহে কোৱা হয়— ‘লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি’।

শব্দাৰ্থ:

  • প্ৰজাৰঞ্জক: প্ৰজাৰ মনত সন্তোষ দিব পৰা, প্ৰজাৰ কল্যাণৰ বাবে কাম কৰা ৰজা
  • ভাস্কৰ্য শিল্পী: শিল, ধাতু আদি কাটি মূৰ্তি সজা শিল্পী
  • হাতিয়াৰ: কাম কৰাৰ সা-সৰঞ্জাম, আহিলা
  • লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি: আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰ ক্ষতি হোৱা

লেখকৰ ঠিকনা: তপন বৰুৱা, বালিজান, চাৰিখেলীয়া, বিশ্বনাথ-৭৮৪১৭২, ফোন- ৯৩৬৫৩৬৭০৬০