তৰা তিৰবিৰায় কিয়

  • Published on 09 Aug 2023
তৰা তিৰবিৰায় কিয়

ৰমৰ অকণিহঁত, মাঘৰ বিহুত আমি সকলোৱে মেজি জুইৰ সেক ল’লোঁ, নহয়নে বাৰু? ভোজৰ দিনা ৰাতি জুইৰ কাষত বহি থাকি দপ্দপ্কৈ জ্বলি থকা জুইকুৰাৰ মাজেৰে চাই পঠিয়াওঁতে বস্তুবোৰ কঁপি থকা দেখা পাইছিলোঁ। মন কৰিছিলানে ঘটনাটো? কিয় হয় বাৰু এনেকুৱা?

জুই জ্বলিলে জুইৰ কাষৰ বায়ুখিনিও গৰম হয়। গৰম বায়ু চেঁচা বায়ুতকৈ পাতল, সেয়ে এই গৰম বায়ু ওপৰলৈ উঠি যায় আৰু লগতে লৈ যায় খেৰ-কূটা, শুকান পাতৰ সৰু সৰু টুকুৰা। অৰ্থাৎ বতাহে ওপৰলৈ লৈ যোৱা দেখা পাওঁ। জুই শিখাৰ নিচেই ওপৰতে থকা বায়ুখিনি তাতোকৈ ওপৰৰ বতাহতকৈ বেছি গৰম হয়। যিহেতু গৰম বায়ু চেঁচা বায়ুতকৈ পাতল হয়, গতিকে গৰম বায়ুৰ ঘনত্বও কম হয় । পোহৰে যেতিয়া পাতল আৰু গধুৰ দুয়োটা মাধ্যমৰ মাজেদি গতি কৰে, তেতিয়া পোহৰৰ গতিৰ দিশৰ সামান্য সলনি হয়। ধৰা, তোমালোকে পকা পিচ দিয়া ৰাস্তাত চাইকেল চলাই গৈ থাকি শিলগুটি দি থোৱা ৰাস্তা পালা, তোমাৰ চাইকেলৰ গতি একে থাকিব নে? নিশ্চয় নাথাকে। কথাটো তেনেকুৱাই।

আকৌ পোহৰৰ কথালৈ আহোঁ। পানী থকা চৌবাচ্ছা এটাৰ তললৈ চালে তলিখন ওপৰলৈ উঠি অহা যেন লাগে। পানী থকা কাঁচৰ গিলাছত পেঞ্চিল এডাল ৰাখিলে বায়ু আৰু পানীৰ সন্ধিস্থলত পেঞ্চিলডাল বেঁকা হৈ যোৱা যেন লাগে। এয়া হৈছে পোহৰৰ গতিৰ বাবে হোৱা পৰিঘটনা। পোহৰে পানী আৰু বায়ু দুটা মাধ্যমৰ মাজেৰে গতি কৰোঁতে দিশৰ সলনি হৈছে। সেয়ে পানী আৰু বায়ুৰ সংযোগস্থলত পেঞ্চিলডাল সামান্য বেঁকা দেখি। একে কাৰণতে কাঁচৰ গিলাছৰ পানীত ডুবি থকা আমলখি এটা কাষৰ পৰা চালে ডাঙৰ দেখা পাম । তোমালোকে কৰি চাবাচোন।

এতিয়া আমি গম পালোঁ যে পোহৰে সকলো মাধ্যমতে একে দিশত গতি নকৰে। এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেঁকাকৈ গ’লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে।

এতিয়া আহোঁ আচল কথালৈ । তৰাৰ তিৰবিৰণি হয় তৰাৰ পোহৰ বায়ুমণ্ডলৰ মাজেদি পাৰ হৈ যাওঁতে হোৱা পোহৰৰ গতিৰ দিশৰ সলনিৰ বাবে। বায়ুৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় । অৰ্থাৎ বায়ু সুস্থিৰ অৱস্থাত নাথাকে। গতিকে তৰাৰ আপাত অৱস্থানো সুস্থিৰ নহৈ সামান্য ইফাল-সিফাল হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰৰ দিশ সলনি কৰি দিয়ে, গতিকে তৰাটোৰ আপাত অৱস্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়। দিগন্তৰ ওচৰত থকা অৱস্থাত চালে তৰাটো ইয়াৰ প্ৰকৃত অৱস্থানতকৈ কিছু ওপৰত থকা যেন লাগে।

পৃথিৱীৰ পৰা কোটি কোটি দূৰত্বত অৱস্থিত তৰাক পোহৰৰ বিন্দু হিচাপে ধৰিব পাৰি। তৰাৰ পোহৰৰ গতিৰ দিশ পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু আমাৰ চকুত সোমোৱা তৰাৰ পোহৰ কম-বেছি হয়। তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ‌ম্লান দেখা পোৱা যায়। তেতিয়াই তৰাটোৱে তিৰবিৰাই থকা যেন লাগে। আনহাতে গ্ৰহবোৰ পৃথিৱীৰ ওচৰত থকা বাবে সূৰ্যৰ পোহৰে ইয়াক উজ্জ্বল কৰে আৰু ডাঙৰ দেখা যায়। বিস্তৃত উৎসৰ পৰা অহা পোহৰৰ পৰিৱৰ্তনৰ গড়মান শূন্য হয় আৰু তিৰবিৰাই থকা নেদেখি স্থিৰ হৈ থকা দেখা যায়।

লেখকৰ ঠিকনা: বন্দিতা শৰ্মা কন্দলি, চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়, তিতাবৰ