বদনাম ভূতৰ গল্প
- Published on 09 Jun 2023
লুং লুঙীয়া বাটটোৱেদি অলপ দূৰ আহি সিহঁত দুটা বিলখনৰ পাৰ পালেহি৷ বিলখনৰ পাৰ পায়েই প্ৰথম কাম হিচাপে কিতাপৰ বেগ দুটা নলাটোত গছ-পাতেৰে কোনেও নেদেখাকৈ ঢাকি থ’লে৷ এতিয়া অলপ দূৰ গ’লেই ক’লাজামুৰ গছজোপা পাবগৈ৷ বিনোদে চোলাটো খুলি মনোজৰ হাতত দি ক’লে— “মই উঠোঁ মানে তই কচুপাত দুটা লৈ আহগৈ যা৷”
বিনোদ গছ বগোৱাত পাকৈত৷ মনোজৰ দায়িত্ব তলত সৰা ক’লাজামুবোৰ বোটলা৷ মনোজে ডাঙৰ চাই কচুপাত দুটা আনে মানে বিনোদে গছজোপাৰ আধা বগালেই৷
মনোজ আৰু বিনোদ নলে-গলে লগা বন্ধু৷ পঢ়াতো বেয়া নহয়, কিন্তু কেতিয়াবা সিহঁতৰ বুদ্ধিবোৰ অবাটে যায়৷ আজি কেইদিনমান ধৰি সিহঁত দুটাই এটা পৰিকল্পনা কৰি আছে— সুযোগ আৰু সুবিধা পালেই খটুৱাব বুদ্ধিটো৷ আজি হঠাৎ পাই গ’ল সুবিধাটো৷ আজি হেডছাৰ স্কুললৈ অহা নাই৷ বৰুৱা ছাৰকে মনোজৰ জ্বৰ বুলি কৈ ছুটী ল’লে৷ ঘৰত থৈ অহাৰ দায়িত্বও ল’লে বিনোদে৷ দ্বিতীয় ঘণ্টাৰ বে’ল পৰাৰ লগে লগেই সিহঁত স্কুলৰ পৰা বাহিৰ ওলাল…। আৰু এতিয়া এটা জামু গছৰ ওপৰত আৰু এটা তলত৷
“ঐ বিনোদ, সিটো ডালত উঠ।”— মনোজে তলৰ পৰা ক’লে৷
“মই সৰাম নহয়, তোৰ বোটলা কাম, বোটল।”— বিনোদৰ মাতত অভিভাৱকৰ সুৰ৷ কাৰণ সিহে গছৰ ওপৰত আছে৷ মনোজেও অকণমান সেও হৈ দিলে, কাৰণ সিও জানে— বিনোদে সৰাই দিলেহে সি জামু পাব৷
“হ’ব দে, তোৰ মতেই পাৰ৷”
মনোজে বিহলঙনি গছৰ মাজত পৰা ক’লাজামু বিচাৰি কচুপাতত গোটোৱাত লাগিল৷ আধা ঘণ্টামানৰ পাছত বিনোদ গছৰ পৰা নামিল৷ গছৰ পৰা চুঁচৰি নামোতে ছিগা বুকুৰ মাখি ছালৰ ওপৰত হাতখনেৰে লাহে লাহে ঘঁহি দিলে৷
“ঐ মূৰ্খ, চোলাটো খুলি ল৷”— বিনোদে মনোজক ক’লে৷
“হ’ব দে৷” এইবোৰ ক্ষেত্ৰত মনোজ অকণমান ওদা৷
“হ’ব মানে, চোলাটোত ক’লাজামুৰ দাগ লাগিলে কি কৰিবি? বৰ্তাহঁতে সুধিলে ক’ত লাগিল বুলি কবি?”
বিনোদৰ কথাখিনি মনোজৰ মনঃপুত হ’ল৷ সি লাহেকৈ চোলাটো খুলি বিনোদৰ নিচিনাকৈ কঁকালত বান্ধি ল’লে৷ এইবাৰ দুয়োটা ক’লাজামুৰে ভৰ্তি কচুপাতটো মাজত লৈ বহি ল’লে৷
বিলৰ পাৰৰ সেই নিৰ্জন ঠাইখনত ক’লাজামু খাই থাকোঁতেই হঠাৎ বিনোদৰ মনত পৰিল, এনেকুৱা ঠাইত থকা জামুগছবোৰতেই বোলে ভূত থাকে৷ তাৰ গাটো শিৰশিৰাই গ’ল৷ সি মনোজে গম নোপোৱাকৈ বুকুখনত অকণমান থুৱাই ল’লে৷ জমখলাৰ মুহিধৰ ককাই শিকোৱা বুদ্ধি এয়া৷ তাৰ ভয় ভয় লাগিলেও মনোজক একো নক’লে৷ সি জানে, মনোজৰ যিহে ভয়, এইবোৰ কথা ক’লে সি ইয়াতে কান্দিব৷ নাম নজনা চৰাই এটা পানীত জপংকৈ পৰিল৷ মনোজ একে জাপে আহি বিনোদৰ ওচৰ পালেহি৷
“ঐ বিনোদ সেইটো কি বাৰু?”— মনোজৰ মাতত কঁপনি৷
“কি হ’ল, ভয় লাগিছে নেকি?”— বিনোদে মনোজক সাহস দিলেও সি নিজেও গম পালে তাৰ মাতটো অকণমান কঁপিছে৷
“বিনোদ, যাওঁ ব’ল৷”
“জামুগাল কি কৰিবি?”— বিনোদেও নাযাওঁ বুলি নক’লে৷
“ঘৰলৈ লৈ যাম ব’ল৷” মনোজে কথাষাৰ সহজে কৈ থ’লে৷
“বৰমাহঁতে যদি সোধে, ক’ত পালি বুলি কবি?”— বিনোদে তাক খঙেৰে ক’লে৷ মনোজে তেতিয়াহে ভাবিলে, এৰা কথাটোতো হয়৷
“থাওক দে এইসোপা ইয়াতে।”
যিটো বস্তু পাবৰ কাৰণে সিহঁতে স্কুলৰ পৰা ফাকি দি এইকণ পাইছিলহি, এতিয়া সেই ক’লাজামুখিনিয়েই সিহঁতৰ কাৰণে গলগ্ৰহ হোৱা দি হ’ল৷ সেইখিনি তাতে এৰি দুইটা যাবৰ কাৰণে সাজু হ’ল৷ হঠাৎ দুইটাই দুইটাৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে৷ দুইটা লাহে লাহে কঁপিবলৈ ধৰিলে আৰু ‘ঔ মা মৰিলো’ বুলি বিম্বাশৱদে দৌৰিবলৈ ধৰিলে৷ দৌৰি দৌৰি আহি দুইটা নামঘৰৰ মুখৰ বকুলজোপাৰ তলত অচেতন হৈ পৰি গ’ল৷
বিনোদ আৰু মনোজক ভূতে পোৱা কথাটো গোটেই গাঁৱতে বিয়পি পৰিবলৈ বেছি সময় নালাগিল৷ দুয়োটাকে নি নামঘৰৰ ওচৰৰে কিনাৰাম হাজৰিকাৰ ঘৰত শুৱাই থৈছে৷ খবৰ কৰা মানুহৰে হাজৰিকাৰ চোতাল ভৰি পৰিছে। কোনোৱে ভূতৰ ওপৰত বক্তৃতা দিছে, কোনোৱে আকৌ দুয়োটাইনো কেনেকৈ এই ভৰদুপৰীয়া ক’ৰ পৰা আহিল, তাৰ আলোচনা কৰিছে৷ তাৰ মাজতে কোনোবাই সিহঁতৰ মাক-দেউতাকক সান্ত্বনা দিছে৷
মুহিধৰ পেহাই কোঠালিটোত সোমাই সৰিয়হ ছটিয়াই ছটিয়াই ভূত খেদা মন্ত্ৰ মাতিছে৷ এনে সময়তে বিনোদহঁতৰ স্কুলৰ বিজ্ঞানৰ শিক্ষক বৰুৱা ছাৰো সেইকণ পালেহি৷ মুহিধৰ পেহাই বৰুৱা ছাৰক পেটে পেটে বেয়া পায়, কাৰণ বৰুৱা ছাৰৰ মতে ভূত মানে ভ্ৰমহে৷ পেহাক দেখা মাত্ৰকে বৰুৱা ছাৰে সুধিলে— “পেহা কেনে দেখিলে?”
“কেনে মানে? সাংঘাটিক কথা— আচলজনাই পাইছিল৷ মই বুলিহে বচালো…৷”
বৰুৱা ছাৰ লাহে লাহে গৈ বিনোদ আৰু মনোজৰ ওচৰ পালেগৈ৷ অলপ সময় দুয়োটাকে নিৰীক্ষণ কৰাৰ পাছত তেওঁ ডাঃ শৰ্মাক ফোন কৰি মাতি পঠিয়ালে৷ ডাঃ শৰ্মাই দুয়োটাকে পৰীক্ষা কৰাৰ পাছত বৰুৱা ছাৰৰ লগত গুপুতে কিবা কথা পাতিলে৷ বৰুৱা ছাৰে ভবাটোৱেই হয়, সিহঁতে বেছিকৈ ভয় খোৱাৰ বাবে এনে হৈছে৷
সন্ধ্যালৈ দুয়োটা ক্ৰমে সুস্থ হ’ল৷ বৰুৱা ছাৰে সিহঁত দুইটা থকা কোঠাটোত সোমাই মনে মনে দুয়োটাৰ লগত কিছু সময় কথা পাতি ওলাই আহিল৷ বৰুৱা ছাৰ বাহিৰ ওলাই আহোঁতেই মুখামুখি হ’ল মুহিধৰ পেহাৰ৷ ছাৰক দেখিয়েই পেহাই মাত লগালে— “কি হে মাষ্টৰ, বিশ্বাস নকৰা? আজি গম পালাতো ভূত আছে নে নাই?”
বৰুৱা ছাৰেও সেও মনা যেন ভাবত ক’লে— “ভূত সঁচাকৈ আছে পেহা৷ পিছে ভূতটো মই ধৰা পেলালোঁ৷ ক’ত আছে তাকো গম পালোঁ৷ কালিলৈ তাক ধৰিবগৈ লাগিব৷ পিচে খুৰা, আপুনিও যাব লাগিব মোৰ লগত৷”
“মই কিয়?”— মুহিধৰ পেহা আচৰিত হ’ল৷
বৰুৱা ছাৰে বিনোদ আৰু মনোজৰ লগত অলপ সময় কথা পাতিয়েই গম পালে ভূতটো ক’ত আছে। তেওঁ এটা বুদ্ধি সাজিলে৷ পাছদিনা দুপৰীয়া মনোজ আৰু বিনোদক লৈ বৰুৱা ছাৰ ভূত বিচাৰি ওলাল৷ লগত মুহিধৰ পেহাও৷ পেহাই মাজে মাজে কয়— “হেৰা মাষ্টৰ, কথাটো ভাল হোৱা নাই নেকি হে?”
লাহে লাহে গৈ মনোজ আৰু বিনোদ জামুজোপাৰ তল পালেগৈ৷ সিহঁতে পৰা জামুবোৰ এতিয়াও সেই ভাগে পৰি আছে৷ নলাটোৰ তলত গছপাত দি ঢাকি থোৱা আছে কিতাপৰ বেগ দুটা৷
“হেৰা মাষ্টৰ, এই ভৰ দুপৰীয়া কথাটো বৰ ভাল নহ’ব নেকি হে? এতিয়া দেও-ভূত জিৰোৱাৰ সময়৷ তেৰাসৱক আমনি কৰিলে খং উঠিব৷” কথাখিনি কৈ কৈ মুহিধৰ পেহাই চুৰিয়াৰ খোচনিত বান্ধি অনা সৰিয়হৰ সৰু টুপলিটো হাতত ল’লে৷
“চিন্তা নকৰিব পেহা৷ আজি ভূত ধৰিহে ঘৰলৈ যাম৷”— বৰুৱা ছাৰে ক’লে, “অঁ এতিয়া সকলোৱে চকু মুদক৷”
মুহিধৰ পেহা, বিনোদ আৰু মনোজে ভয়ে ভয়ে চকু মুদিলে৷ অলপ পৰৰ পাছত বৰুৱা ছাৰে ক’লে— “পেহা, চকু মেলক৷ বিনোদ, মনোজ, তোমালোক দুটায়ো চকু মেলা৷ এতিয়া নিজৰ গাৰ ফালে চোৱাচোন৷”
মুহিধৰ পেহা, মনোজ আৰু বিনোদে নিজৰ গাৰ ফালে চাই থক্থক্কৈ কঁপিবলৈ ধৰিলে৷ সিহঁতৰ ছাঁবোৰ নাই৷ মনোজ আৰু বিনোদ দুয়োটাই সাবটা-সাবটি কৰি কঁপি থাকিল৷ বৰুৱা ছাৰে সিহঁতৰ পিঠিত লাহেকৈ হাত দি সুধিলে— “কি হ’ল তোমালোকৰ?”
“ছাৰ, আমাক আজিও ভূতে পালে৷”
বৰুৱা ছাৰে সুধিলে— “তোমালোকে কেনেকৈ গম পালা?”
সিহঁত দুটাই কঁপি কঁপি ক’লে— “আজিও আমাৰ ছাঁবোৰ নোহোৱা হৈ গ’ল৷ সিদিনাও আমাৰ ছাঁ এনেকৈয়ে নোহোৱা হৈ গৈছিল৷”
ইতিমধ্যে মুহিধৰ পেহাই সিহঁতে নুবুজা কিবা ভাষাত চিঞৰি চিঞৰি মন্ত্ৰ মাতি আছে৷
“পেহা ৰ’ব৷”— বৰুৱা ছাৰে এনেয়ে কিবা এটা মাতি গছজোপাৰ ওচৰত এপাক ঘূৰিলে, “মোৰ ফালে চাওকচোন৷ মোৰ ছাঁটোও দেখোন নাই৷” বৰুৱা ছাৰে হাঁহি হাঁহি ক’লে৷
এইবাৰ মুহিধৰ পেহাই আঁঠুকাঢ়ি ক’বলৈ ধৰিলে— “হেৰা, তুমি সঁচাসঁচি মাষ্টৰ হয়নে? নে মাষ্টৰৰ ৰূপ লৈ আমাক মাৰিবলৈ অহা সঁচাসঁচি ভূত?”
মুহিধৰ পেহাৰ অৱস্থা দেখি বৰুৱা ছাৰৰ হাঁহিমেই নে কান্দিমেই লাগিল৷ তেওঁ লাহে লাহে ক’বলৈ ধৰিলে— “অলপ পৰ ৰ’ব৷ ভূত নিজে নিজেই যাব৷”
অলপ সময়ৰ পাছতেই লাহে লাহে সিহঁতৰ ছাঁবোৰ দেখা গ’ল৷ আটাইকেইটাৰ মুখত হাঁহি বিৰিঙিল৷ বৰুৱা ছাৰ, মুহিধৰ পেহা, বিনোদ আৰু মনোজ গছজোপাৰ তলতে বহিল৷
“ভূতে পালে যে মানুহৰ ছাঁ নাইকিয়া হৈ যায় বুলি তোমালোকক কোনে ক’লে?”— ছাৰে সুধিলে। মনোজ আৰু বিনোদে কিবা ক’বলৈ লোৱাৰ আগতেই মুহিধৰ পেহাই ক’লে— “ময়ে কৈছিলো৷”
বৰুৱা ছাৰে লাহে লাহে ক’বলৈ ধৰিলে— “ছাঁটো নাইকিয়া হৈ যোৱাটো একো ভূত-প্ৰেতৰ কাম নহয়৷ আচল কথাটো হ’ল, দুপৰীয়া সূৰ্যটো মাজ আকাশত থাকে৷ যেতিয়া আমাৰ মূৰৰ ওপৰত সূৰ্যটোৰ পোহৰ পৰে আৰু আমাৰ ছাঁটো আমাৰ দেহৰ সৈতে মিলি যায়৷ সেইবাবে আমি আমাৰ ছাঁটো দেখা নাপাওঁ৷”
আচলতে বৰুৱা ছাৰে সিহঁত দুটাৰ লগত আগদিনা কথা পাতিয়েই গম পাইছিল ভূতটোনো কি! সেই কাৰণে মনোজ আৰু বিনোদক লৈ আহিছিল ভূতৰ ভ্ৰম খেদিবলৈ৷ লগতে লৈ আহিছিল মুহিধৰ পেহাকো৷ কথা পাতি পাতি সিহঁত পকা ৰাস্তা পালেহি৷
“পেহা যাওঁকগৈ৷ মই এওঁলোক দুটাক ঘৰত থৈ যাম৷” বৰুৱা ছাৰে মুহিধৰ পেহাৰ ফালে চাই ক’লে।
বৰুৱা ছাৰৰ লগত দুয়োটা গৈ ঘৰ সোমালগৈ৷ ঘৰত থৈ অহাৰ আগতে ছাৰে দুয়োটাকে ক’লে— “ভূত একেবাৰে নাই বুলি নাভাবিবা৷ স্কুলৰ পৰা মনে মনে অহা ল’ৰাবোৰক পোৱা ভূত এবিধো আছে৷ তাৰ নাম— বদনাম ভূত!”
শব্দাৰ্থ:
- ওদা: কামত নিপুণ নোহোৱা/ কম নিমখ থকা আঞ্জা
- গলগ্ৰহ: হাৰমাল, এৰিবও নোৱৰা ধৰিবও নোৱৰা আপদ বা দায়িত্ব
- বিম্বাশৱদে: তীব্ৰ গতিৰে দৌৰা
- ভ্ৰম: মনৰ ভুল, কিবা এটা বস্তু বা বিষয়ক বেলেগ বুলি ভবা