ৰংমনৰ পিঠিত উঠি জোনবাইৰ দেশলৈ বুলি

  • Published on 19 Jul 2023
ৰংমনৰ পিঠিত উঠি জোনবাইৰ দেশলৈ বুলি

মা লা এজনী অতি মৰমলগা ছোৱালী। মাক-দেউতাকৰ বৰ মৰমৰ। সিহঁতৰ ঘৰ সোণচাপৰি গাঁৱত। সন্ধিয়া যেতিয়া নামে, তাই আকাশখনলৈ প্ৰায়ে চাই থাকে। আকাশত থকা জোনবাইটো তাইৰ বৰ ভাল লাগে। জোনবাইৰ দেশলৈ যাবলৈ মালাৰ ইমান যে মন যায়!

মালাহঁতৰ ঘৰৰ কাষতে ভীম ককাৰ ঘৰ। ভীম ককা মানুহজন ভীমৰ দৰেই শকত-আৱত। ককাহঁতৰ ঘৰত ৰংমন নামৰ হাতী এটা আছে। মালাই ৰংমনক বৰ ভাল পায়। ৰংমেনও মালাক বৰ ভাল পায়।

এদিন মালাই ঘৰৰ পৰা একাষি পকা কল লৈ গৈ ৰংমনক খাবলৈ দিলে। ৰংমনেও তাৰ শুঁৰডাল জোকাৰি জোকাৰি কলবোৰ খালে। কল খোৱাৰ পাছত মালাই ৰংমনক আনদিনা সোধাৰ দৰেই সুধিলে— “কলবোৰ খাই ভাল লাগিল নে ৰংমন?”
“বৰ ভাল লাগিল, বৰ ভাল লাগিল!”— ৰংমনে উত্তৰ দিলে। ৰংমনে কথা কোৱা দেখি মালাই বৰ আনন্দ পালে।

জোনবাইৰ দেশলৈ বুলি

“উৱা, তুমি কথা ক’বও পাৰা?”— তাই সুধিলে।
“অঁ, মই কথা ক’বও পাৰোঁ…।”— ৰংমনে ক’লে।
“তেতিয়াহ’লে তুমি ইমান দিনে কথা পতা নাছিলা কিয়?”— মালাই সুধিলে।
“মই কেৱল তোমাৰ লগতহে কথা পাতিম।”— মূৰটো জোকাৰি ৰংমনে ক’লে।
“মোৰ লগত কথা পাতিবা?”
“অঁ, কাৰণ তুমি যে মোক মৰম কৰা।”
“বাঃ, কিমান যে ভাল লাগিছে!”— কথাষাৰ কৈ মালাই আনন্দতে ৰংমনৰ শুঁৰডালত সাবটি ধৰিলে।

ৰংমনে ক’লে— “তুমি এতিয়া মোৰ পিঠিত বহা। তুমি যলৈকে যাব খোজা, তোমাক মই তালৈকে লৈ যাম।”
“সঁচানে ৰংমন?”— আচৰিত হৈ মালাই সুধিলে।
“একেবাৰে সঁচা।”

ৰংমনৰ কথা শুনি এইবাৰ মালাই ক’লে— “মোৰ যে সৌ জোনবাইৰ দেশলৈ যাবলৈ ইমান মন যায়!”
“জোনবাইৰ দেশলৈকে যাওঁ ব’লা। তুমি মোৰ পিঠিত উঠা।” এই বুলি কৈ ৰংমনে ‘বইট’ হৈ বহি দিলে। মালাই ৰংমনৰ পিঠিৰ ওপৰত বহি ল’লে।

বাঃ বাঃ… এতিয়া ৰংমন হাতী নহয়, যেন এটা ৰকেটহে! ঘপহ্কৈ সি আকাশৰ ফালে উৰি গ’ল। মালাৰ মনত কিমান যে আনন্দ!

মালাই এবাৰ তললৈ চালে। উৱা…, গাঁৱত থকা সিহঁতৰ ঘৰবোৰ ইয়াৰ পৰা সৰু একোটা জুইশলাৰ বাকচৰ দৰেই লাগিছে!

হঠাতে ক’ৰবাৰ পৰা বুঢ়া শগুন এটা আহি সিহঁতক আগভেটি ধৰিল। দীঘল বেঁকা ডিঙিটোৰে শগুনটো সমুখত দেখি মালাই বৰ ভয় খালে। ডাঙৰ ডেউকা দুখন মেলি বুঢ়া শগুনে মাত লগালে— “তহঁত কলৈ যাৱ? মই গম পাইছোঁ নহয়, জোনবাইৰ দেশলৈ যাৱ হ’বলা! মই যাবলৈ নিদিওঁ তহঁতক।”

“আমি যামেই।”— ৰংমনে ক’লে।
“যাবই খুজিছ যেতিয়া আগতে মোৰ লগত যুঁজিব লাগিব। মোক যুঁজত ঘটুৱাই থৈহে যাব পাৰিবি।”— শগুনে ক’লে।

বুঢ়া শগুনক এসেকা দিবলৈ ৰংমন সাজু হ’ল। ৰংমনৰ এই বিৰাট সাহস দেখি বুঢ়া শগুনে হে হে-কৈ হাঁহিলে। সি হাঁহি হাঁহিয়ে ক’লে— “মই তহঁতৰ সাহসৰহে পৰীক্ষা ল’লো। যা যা, জোনবাইৰ দেশলৈ সাহসী জনহে যাব পাৰে।”

আকাশৰ ওপৰলৈ মালাহঁত পুনৰ আগুৱাই গ’ল। সিহঁতে এইবাৰ ডাৱৰবোৰৰ মাজে মাজে সোমাই গ’ল। মালাই ডাৱৰবোৰ হাতেৰে চুলে। ইমান চেঁচা এইবোৰ! ডাৱৰ নহয় যেন আইচক্ৰীমহে!

অৱশেষত ৰংমন আৰু মালা গৈ জোনবাই পালেগৈ। ৰংমনে ‘বইট’ হৈ বহি দিলে। মালাই তাৰ পিঠিৰ পৰা নামি দিলে। জোনবাইৰ মাটিত ভৰি দিয়ে তাই চাৰিওফালে চালে। জোনবাইৰ গোটেই গাটো যেন এখন আহল-বহল উদং পথাৰহে! মাজে মাজে খলাবমা। ক’ৰবাত দ দ গাঁত। ইয়াত দেখোন ক’তো এডালো গছ নাই! নদী নাই, খাল-বিল-পুখুৰীও নাই!

মালাই দুয়োখন হাত দাঙি যেনি-তেনি দৌৰ মাৰিলে। তাই জোনবাইৰ দেশৰ পৰা অলপ মাটি হাতেৰে খামুচি ল’লে। মালাই এয়া তাইৰ সখীহঁতক দেখুৱাব। জোনবাইৰ দেশৰ পৰা অনা মাটি চাবলৈ পালে সখীহঁঁতে বৰ ৰং পাব!

“মালা, ব’লা এতিয়া আমি উভতি যাওঁ। ভীম ককাই মোক নেদেখিলে বৰ চিন্তা কৰিব।” ৰংমনে কথাষাৰ কৈ মালাক পিঠিত বহুৱাই পুনৰ পৃথিৱীলৈ বুলি উৰা মাৰিলে।

ৰকেট এটাৰ দৰে ৰংমন গৈ আছে। মালাই দূৰত থকা আপোন পৃথিৱীখনলৈ চালে। বাঃ, ইয়াৰ পৰা পৃথিৱীখন ইমান যে ধুনীয়া লাগিছে! ইমান যে সেউজীয়া আমাৰ পৃথিৱীখন…!