বান্দৰ আৰু জোনাকী পৰুৱা

  • Published on 10 Aug 2023
বান্দৰ আৰু জোনাকী পৰুৱা

(ডিমাছা সাধু)

তীজতে বান্দৰ আৰু জোনাকী পৰুৱা নলে-গলে লগা বন্ধু আছিল৷ নিজৰ বাসস্থানৰপৰা বহু দূৰৰ এটা পাহাৰত দুয়ো ঝুমখেতি কৰিছিল৷ এদিন কথা পাতি পাতি ঝুম খেতি কৰি থাকোঁতে কেতিয়া যে গধূলি হ’ল, বান্দৰে গমকে নেপালে৷ ঘোপ মৰা আন্ধাৰে গোটেইখন আৱৰি ধৰিলে৷ এনে ঘোপ মৰা আন্ধাৰত বান্দৰ এতিয়া কেনেকৈ ঘৰলৈ যাব! আন্ধাৰত সিনো এজোপা গছৰপৰা আনজোপা গছলৈ কেনেকৈ জঁপিয়াব! গছৰ ডালবোৰ জানো আন্ধাৰত সি দেখা পাব! গছৰ ডাল বগাব পাৰিব জানো! বান্দৰ বৰ চিন্তাত পৰিল৷ তেতিয়া সি জোনাকী পৰুৱাক ক’লে— “বন্ধু, ইমান ঘোপ মৰা আন্ধাৰ, মই ঘৰলৈ কেনেকৈ যাম? তুমি কিন্তু মোক এৰি থৈ নেযাবা৷ মই বৰ বিপদত পৰিম৷’’ তেতিয়া জোনাকী পৰুৱাই বান্দৰক অভয় দি ক’লে— “বন্ধু, তুমি চিন্তা নকৰিবা৷ মোৰ শৰীৰত অন্য এক শক্তি আছে৷ এই শক্তিৰে মই আন্ধাৰত পোহৰ বিলাব পাৰোঁ৷ এই পোহৰতেই তুমি নিশ্চিন্ত মনে গছৰ ডাল বগাব পাৰিবা৷ এজোপা গছৰপৰা আনজোপা গছলৈ জঁপিয়াব পাৰিবা৷’’

সাধুকথা

জোনাকী পৰুৱাই দিয়া পোহৰত বান্দৰে এজোপা গছৰপৰা আনজোপালৈ জঁপিয়াই ডাল বগাই বগাই ঘৰলৈ বুলি আগবাঢ়িল৷ জোনাকী পৰুৱাই পোহৰ দিয়াৰ লগে লগে বান্দৰে এজোপা গছৰপৰা আন এজোপালৈ জাঁপ মাৰে৷ প্ৰথম অৱস্থাত লাহে লাহে, পাছলৈ খৰকৈ বান্দৰ আৰু জেনাকী পৰুৱা ঘৰলৈ বুলি আগবাঢ়িল৷ ঘৰ পাবলৈ বেছি দূৰ আৰু নাই, ঠিক তেনেকুৱাতে ঘটনাটো ঘটিল! বান্দৰে এজোপা গছলৈ জাঁপ মাৰোঁতে জোনাকী পৰুৱাই পোহৰ দিয়াত পলম হ’ল৷ বান্দৰে গছজোপা দেখা নেপালে৷ ফলত বান্দৰ তলৰ বোকাৰে ভৰ্তি দ খালত গৈ পৰিল৷ বান্দৰৰ মুখখনৰ বাহিৰে বাকী অংশ বোকাত সোমাই থাকিল৷ বহু চেষ্টা কৰিও সি বোকাৰপৰা ওলাব নোৱাৰিলে৷ জোনাকী পৰুৱাই কিন্তু পোহৰ দি আগলৈ গৈ থাকিল৷ সি বান্দৰ বোকাত সোমোৱাৰ কথা গমেই নেপালে৷ যেতিয়া গম পালে তেতিয়া জোনাকী পৰুৱা বহুদূৰ আগবাঢ়ি গ’ল৷ তাৰপাছত বান্দৰক বিচাৰি সি গোটেইখন চলাথ কৰিলে, কিন্তু ক’তো নেপালে৷ উপায় নাপাই জোনাকী পৰুৱাই ভাগৰে-জোগৰে ঘৰলৈ গৈ শুই থাকিল৷

ইফালে বোকাত পৰি ককবকাই থকা বান্দৰে সেইফালেদি গৈ থকা শিয়াল এটাক দেখি তাক বোকাৰপৰা উঠাবলৈ শিয়ালটোক অনুৰোধ কৰিলে৷ শিয়ালৰ সময় নাই, বান্দৰৰ লগত লাগি থাকিলে পোৱালিকেইটা ভোকত খাবলৈ নাপাই মৰিব বুলি কৈ শিয়াল গুচি গ’ল৷ ইফালে বহু চেষ্টা কৰিও বোকাৰপৰা ওলাব নোৱাৰি বান্দৰে কান্দিবলৈ ধৰিলে৷ কান্দি কান্দি এসময়ত বান্দৰ ভাগৰি পৰিল৷ তেনেতে নিচেই ওচৰেদি যোৱা গাহৰি এটা দেখি বান্দৰে অতি কাতৰভাৱে তাক বোকাৰপৰা উঠাবলৈ গাহৰিটোক অনুৰোধ জনালে৷ ইমান দ বোকাৰপৰা বান্দৰক উঠাব পৰা শকতি তাৰ গাত নাই বুলি কৈ গাহৰিটো গুচি গ’ল৷

ডিমাছা সাধু

  • অংকন: অমল মেধি

এনেদৰে বান্দৰৰ কাষেদি বনৰ বহু জন্তু পাৰ হৈ গ’ল৷ কিন্তু উদ্ধাৰ কৰোঁতা কোনো নোলাল৷ লাহে লাহে নিশা গভীৰ হৈ আহিল৷ বান্দৰটো ভাগৰত লেবেজান হৈ পৰিল৷ ঠিক তেনেকুৱাতে দিনৰ দিনটো চিকাৰ বিচাৰি নোপোৱা এটা ভোকাতুৰ বাঘ আহি সেই ঠাইত উপস্থিত হ’ল৷ ভোক আৰু ভাগৰত আতুৰ বাঘটোৱে সেই ঠাইতে জিৰণি ল’লে৷ বাঘটোক দেখি বান্দৰে ভাবিলে যে এনেদৰে বোকাত পোত গৈ মৰাতকৈ বাঘৰ আহাৰ হোৱাই ভাল, অন্ততঃ তাৰ শৰীৰটো কামত লাগিব৷ লগে লগে বাঘক উদ্দেশ্যি সি ক’লে— ‘‘বন্ধু, তুমি মোক যেনেতেনে বোকাৰপৰা উঠোৱা, নহ’লে মোৰ প্ৰাণ যাব৷ মন কৰিলে মোক আহাৰ হিচাপেও গ্ৰহণ কৰিব পাৰিবা৷’’

বান্দৰৰ কথা শুনি বাঘে ভাবিলে, “গোটেই দিনটোৱেই ঘূৰিলোঁ, অথচ ক’তো চিকাৰ এটা নোলাল৷ ইয়াক বোকাৰপৰা উঠালেই যদি মোৰ আহাৰ হয়, গতিকে পলম নকৰাই ভাল৷’’ এইবুলি একে জাঁপে বাঘে বান্দৰক বোকাৰপৰা উঠাই আনিলে৷ বোকাৰে লুতুৰি-পুতুৰি বান্দৰক পাৰত থৈ বাঘে ক’লে— ‘‘তুমি কৈছিলা নহয়, মন কৰিলে খাব পাৰিম বুলি৷ এতিয়া মই বৰ ভোকাতুৰ, গতিকে তোমাক খাম৷’’

বান্দৰে ক’লে— ‘‘ঠিক আছে বন্ধু, তুমি নিশ্চয় মোক খাব পাৰিবা৷ কিন্তু এতিয়া মই ইমান লেতেৰা হৈ আছোঁ যে খাবানো কেনেকৈ?’’ তাকে শুনি বাঘে বান্দৰক ওচৰৰ জুৰিটোলৈ নি পানীত জুবুৰিয়াই পৰিষ্কাৰ কৰি পেলালে৷ বান্দৰৰ গাৰ বোকা নোহোৱা হ’লত বাঘে বান্দৰক ক’লে— ‘‘বন্ধু, এতিয়া তোমাক খাম৷’’ তেতিয়া বান্দৰে ক’লে— ‘‘এতিয়াও দেখোন মোৰ গাতো তিতি আছে, খাবানো কেনেকৈ?’’ তেতিয়া বাঘে বান্দৰক ৰ’দত শুকুৱাই লৈ খাম বুলি কৈ জুৰিটোৰ পাৰৰ ডাঙৰ শিল এটাত শুকাবলৈ দিলে৷ বান্দৰৰ গা শুকুৱা দেখি বাঘ খাবলৈ সাজু হ’ল৷ তাকে দেখি বান্দৰে ক’লে— ‘‘এতিয়াও মোৰ কাষলতিৰ তল শুকুৱা নাই৷ কেনেকৈনো খাবা?’’ তাকে শুনি বাঘে বান্দৰক ওচৰৰ বাঁহগছজোপাৰ ওচৰলৈ নিলে৷ বান্দৰক হাত দুখনেৰে ওপৰৰ বাঁহত ধৰি থাকিবলৈ দি কাষলতিৰ তল শুকাবলৈ দিলে৷ সুযোগ বিচাৰি থকা বান্দৰে একেজাঁপে বাঁহগছৰ আগ পালেগৈ আৰু বাঘক ভেঙুচালি কৰি ক’লে— ‘‘অ’ বাঘ, অ’ বাঘ, মোৰ হাতখন খাবিনে? এয়া মোৰ হাত ল, খা!’’ কথাটো কৈ বান্দৰে হাতখন মেলি দিলে৷ বান্দৰে এইবাৰ ঠেংটো মেলি দি ক’লে— ‘‘অ’ বাঘ, ঠেংটো খাবি নে?’’ তেনেকৈ মূৰটো তললৈ দি বাঘক ‘‘মোৰ মূৰটো খাবিনে’’ বুলি সুধিলে৷ বান্দৰৰ কাণ্ড দেখি বাঘৰ খং চুলিৰ আগ পালেগৈ৷ বাঘে অকৃতজ্ঞ বান্দৰক এদিন যেনেতেনে মৰাৰ সংকল্প লৈ তাৰপৰা প্ৰস্থান কৰিলে৷

পাছত এই গোটেই ঘটনাৰ কথা গম পাই জোনাকী পৰুৱাই বান্দৰৰ খবৰ ল’বলৈ গ’ল যদিও বান্দৰে জোনাকী পৰুৱাক বৰ বেয়া ব্যৱহাৰ কৰিলে। জোনাকী পৰুৱাই বাৰে বাৰে তাৰ গাত যে দোষ নাই, নজনাতহে সেইদিনা তেনেকুৱা হ’ল, সেয়া ক’বলৈ চেষ্টা কৰিলে যদিও বান্দৰে জোনাকী পৰুৱাৰ কথাত গুৰুত্বই নিদিলে। বান্দৰে জোনাকী পৰুৱাৰ লগত আৰু বন্ধুত্ব নাৰাখে বুলি দম্ভালি মাৰিলে। জোনাকী পৰুৱাই চকুপানী টুকি বান্দৰৰ ওচৰৰপৰা গুচি আহিল।

বান্দৰ আৰু জোনাকী পৰুৱা

বহু দিনৰ পাছৰ কথা৷ এদিন বেপাৰী এজনে পাচি ভৰাই বজাৰলৈ বুলি শুকান মাছ আনি আছিল৷ বেপাৰীজনে নেদেখাকৈ মনে মনে বাঘ পিছে পিছে গৈ থাকিল৷ এটুকুৰা হাবিতলীয়া নিজান ঠাই পাই বাঘে বেপাৰীজনক খেদা ল’লে৷ বাঘ দেখি বেপাৰীজনে মাছৰ পাচিটো পেলাই ভিৰাই দৌৰ মাৰিলে৷ মানুহজন পলোৱাৰ পাছতে বাঘে মাছৰ পাচিটো বগৰাই পেলাই দি মাটিত সিঁচৰতি হৈ পৰা মাছখিনিৰ ওপৰত বাগৰিবলৈ ধৰিলে৷ তাৰপাছত সি অলপ দূৰ আগুৱাই গৈ এজোপা গছৰ তলত মৰাৰ ভেশছন ধৰি পৰি থাকিল৷ মাছৰ গোন্ধ পাই ভেনা মাখি আহি বাঘৰ গাত পৰিল৷

কিছু সময়ৰ পাছত সেই ফালেদি বান্দৰটো আহোঁতে গছৰ তলত বাঘক পৰি থকা দেখি সি চাবলৈ ধৰিলে৷ বাঘৰ কোনো সাৰ-সিকতি নেদেখি বান্দৰটো লাহে লাহে গছৰপৰা তললৈ নামি আহিল৷ বাঘটোৰ গাৰপৰা গেলা গোন্ধ ওলোৱা আৰু ভেনামাখি পৰি থকা দেখি বান্দৰে ভাবিলে যে বাঘটো নিশ্চয় মৰিল৷ সি নিৰ্ভয়ে বাঘৰ নিচেই ওচৰ চাপি আহি ক’বলৈ ধৰিলে— ‘‘ল বাঘ, মোৰ হাতখন খা৷ ল বাঘ, মোৰ ঠেংটো খা৷ ল বাঘ, মোৰ মূৰটো খা৷’’ সেইবুলি বান্দৰে মূৰটো বাঘৰ ফালে আগবঢ়াই দিয়াৰ লগে লগে মৰাৰ ভাও জুৰি পৰি থকা বাঘে একে থাপে তাক ধৰি মাৰি পেলালে আৰু কিছু সময়ৰ পাছত ভক্ষণ কৰিলে৷

বান্দৰ আৰু জোনাকী পৰুৱা

ওচৰতে বননিৰ আঁৰৰপৰা জোনাকী পৰুৱাই বন্ধুৰ বিলাই চাই আছিল৷ জোনাকীয়ে বাঘৰ হাতত বান্দৰৰ মৃত্যু দেখি মনতে ভাবিলে যে অকৃতজ্ঞ লোকৰ পৰিণতি এনেকুৱাই হয়৷

শব্দাৰ্থ:

  • ঝুমখেতি: পাহাৰ-পৰ্বতৰ হেলনীয়া গাৰ হাবি-বন কাটি, পুৰি সমান কৰি কৰা বাম খেতি
  • লেবেজান: অত্যন্ত ক্লান্ত হৈ মুখৰপৰা মাত নোলোৱাৰ দৰে হোৱা অৱস্থা
  • প্ৰস্থান: গুচি যোৱা
  • ভেশছন: ছদ্মবেশ; নিজৰ আচল ৰূপ সলনি কৰি অন্য ৰূপ লোৱা কাৰ্য

লেখকৰ ঠিকনা: দুলাল বৰা, পুৰণিগুদাম, নগাঁও