দীপু ডাঙৰ হ’ল
- Published on 31 May 2023
তাৰ দুবছৰীয়া জন্মদিনত পেহীয়েকে দিয়া চকীখনত আগফালৰ চোতালত বহি আছে দীপু। মানে দীপজ্যোতি কাকতি। সৰু টিপচী চৰাই দুটাই তাৰ কাষেদিয়েই বাৰে বাৰে উৰি অহা-যোৱা কৰি আছে।
‘তুমি যে মুখত শুকান বন এডাল লৈ উৰি আহাঁ, অকণমান পাছত আৰু এডাল নিয়া,— এইবোৰ কলৈ নি আছানো?’ দীপুৱে চৰাই এটাৰ ফালে চাই সুধিলে।
‘অ’ তুমি চকীত বহি লৈ তাকে চাই আছা নহয় দীপু দাদা?’— দাদা বুলি তাক প্ৰথম মাতিছে কোনোবাই। বৰ ভাল লাগি গ’ল দীপুৰ।
‘আমি তোমালোকৰ চোতালৰ সিফালৰ সৌ বগৰী গছজোপাত বাহ এটা সাজি আছোঁ। তালৈকে এইবোৰ কঢ়িয়াই আছোঁ বুজিছা?’ চৰাইটোৱে ৰংমনে ক’লে।
‘বাহ এটা সাজি আছা? বাহ মানে কিনো?’
‘বাহ মানে ঘৰ আক’। তোমালোকেহে ঘৰ বুলি কোৱা, আমি চৰাইবোৰে তাক বাহ বুলিহে কওঁ।’
আচলতে চৰাই দুটাই দীপুহঁতৰ পিছফালৰ চোতালত পৰি থকা পুৰণা ফুলঝাৰু এডালৰ সৰু সৰু আঁহবোৰ ঠোঁটেৰে আঁজুৰি ছিঙি লৈ উৰা মাৰে আগফালৰ চোতাললৈ।
‘বগৰী গছত দেখোন কাঁইট আছে, তোমালোকে তাত কিয় বাহ সাজিছা?’
‘সেই বাবেই সাজিছোঁ। তাত বাহ সাজিলে কাউৰীয়ে কণী নিব নোৱাৰিব।’
‘অ’ বুজিছোঁ বুজিছোঁ, ল’ৰা দেখাতহে সৰু, কিন্তু বৰ বুধিয়ক।’ — এই কথাটো তাক আইতাকে কয়।
‘হেৰা বোৱাৰী, সোণটোৰ চকীতে টোপনি গ’ল, লৈ যোৱাহিচোন।’ ককাকে চোতালৰ পৰাই ডাঙৰকৈ ক’লে। দীপুৰ মাকে আহি আলফুলকৈ দাঙি দীপুক ঘৰৰ ভিতৰলৈ লৈ গ’ল।