জগৰাবাৰীৰ ভূতৰ কাণ্ড
- Published on 21 Jun 2023

জগৰাবাৰী ভূতৰ হাবি
কৰি থৈ আজি খালী
ৰংমেলা চাবলৈ ওলাল সকলো
চহৰৰৰ নেহৰুবালি।
দীঘলঠেঙীয়া ভূতে পুৱাতে
দিলেহি হুলিয়াজাৰি
ওলাহঁত সকলো টিলিকা-টিলিকী
এৰি থৈ জগৰাবাৰী।
জগৰাবাৰীতে চৈধ্য পুৰুষে
জীৱন কৰিলে পাত
জয়াল ঠাইৰ বাসিন্দা সকলো
কন্ধ, কোমোৰা, বাক।
- পিংকি বাবলু ৰাঘৱ বাখৰ/ বাঘৰ আগতেল খোৱা...
আধুনিকতাৰ নাই উমঘাম
বাং-বিং ভূতৰ মাত
ডিনাৰ চাপাৰ বুলি কথা নাই
খাই মাথোন মাৰ ভাত।
ফুচকা ভেলপুৰি জেলেপী কচুৰি
নাপালে মুখত দি
বিস্কুট ভুজিয়া চাওমিন লবিয়া
তৰ্কাৰ সোৱাদ কি।
ওলা সকলো হিলদল ভাঙি
লওঁ পোহৰৰ বাট
ভূত হ’লো বুলি এন্ধাৰতেই কিয়
জীৱন কৰিম পাত?
ভূতুনিহঁতো ওলাল সকলো
পো-পোৱালি লৈ
তাৰে এজনীয়ে পাহৰাতে গ'ল
দুৱাৰখন খুলি থৈ।
পিংকি বাবলু ৰাঘৱ বাখৰ
বাঘৰ আগতেল খোৱা
ভয়-ভিত নাই, কাম সিহঁতৰ
মাথোন পিতপিতাই ফুৰা।
- খোলা দুৱাৰ পাই আটাইমখাই/ সোমাই গ’ল ভিতৰলৈ...
খোলা দুৱাৰ পাই আটাইমখাই
সোমাই গ’ল ভিতৰলৈ
সাৰি-শব্দ নাই দুৱাৰখন দেখোন
জাপ খালে ভুটংকৈ।
কাণ্ড দেখি চাৰি সিদ্ধই
ইটোৱে সিটোলৈ চাই
চকুৱে চকুৱে প্ৰশ্ন কৰিলে
এতিয়া কি কৰা যায়?
শব্দাৰ্থ:
- হুলিয়াজাৰি: ঘোষণা, প্ৰচাৰ/ অপৰাধীক চিনাক্ত কৰিবলৈ দেহৰ বৰ্ণনা দি কৰা ঘোষণা
- কন্ধ: এবিধ মূৰ নোহোৱা ভূত (মানুহৰ অন্ধবিশ্বাস মতে)
- কোমোৰা: এবিধ ভূত (মানুহৰ অন্ধবিশ্বাস মতে)
- বাক: মাছ খোৱা এবিধ ভূত (মানুহৰ অন্ধবিশ্বাস মতে)