ধেমেলীয়া পদ্য ২
- Published on 12 Jun 2024
হাঁহে পাৰে মাহেকত কণী হেনো সাতটা,
মণিমালা আণ্টিয়ে সেয়ে কৰে ঠাট্টা।
সাপডালে কিনো চালে তুলি বাৰু ফেট?
ভেকোলাকে চালে চাগে ভৰাবলৈ পেট।
ঢেঁকীথোৰা বিক্ৰী কৰা মথুৰা খুৰাই,
বিক্ৰী হোৱা ঢেঁকীথোৰা নলয় ঘূৰাই।
‘ঘড়ীবোৰে কিয় বাৰু কৰে টিক টিক?’
নুসুধিবি এনে প্ৰশ্ন তই মালতীক।
এশ গুণ আছে যাৰ সিয়েই শগুন,
পাহৰিলে কিন্তু তোৰ ছিটিকিব ধুন।
ৰামধন মহাজনে ধনকেহে চিনে,
হাটত চায়হে মাছ, ভুলতো নিকিনে।
ধুৱাহাট বোলাখন এনেকুৱা ঠাই,
মোৱামাছ এপোৱাও পাবলৈ নাই।
ছাৰে আজি ক’ব হেনো সাধু ভাল ভাল,
শুনা যদি নকৰিবা কোনেও কোঢ়াল।
কেঁচুৱাৰ কান্দোনত সৰে গছপাত,
মাকৰ খবৰ নাই— বৈ আছে তাঁত।
গঁড়ালত হাঁহ আছে ডেৰকুৰিমান,
ভঁৰালত ধান নাই খুৱাওঁ পতান।