কোনে কি কৈছে

  • Published on 07 May 2024
কোনে কি কৈছে

শুনা শুনা অকণিহঁত,
শুনা মন দি,
কোনে কি কৈছে
চোৱা ভাবি-গুণি।

ঘড়ীটোৱে কৈছে শুনা
টিক টিক টিক,
সময়ৰ কাম সময়ত কৰি
জীৱন কৰা ঠিক।

মোৰ দৰে বিশাল হোৱা—
আকাশখনে কয়,
জীৱন তেতিয়া ৰসাল
অৱশ্যেই হয়।

আকাশখনে কয়

সাগৰখনে কৈছে—
গভীৰ যদি পাৰা হ’ব,
জীৱনৰ অৰ্থ তেতিয়া
অৱশ্যেই ৰ’ব।

নদীখনে কৈছে—
থাকা মোৰ দৰে বৈ,
সুখ-দুখ, ভাল-বেয়া
সকলো লগত লৈ।

পোহৰবোৰে কৈছে—
আলোকময় হোৱা,
জীৱনবোৰ আলোকেৰে
উজলাই তোলা।