গুণগুণৰ ভ্ৰমণ

  • Published on 19 May 2024
গুণগুণৰ ভ্ৰমণ

সকলোৰে আদৰৰ ছোৱালী
নাম গুণগুণ,
তাইৰ দৰে মেধাৱী ছোৱালী
আছে বাৰু কোন?

গুণগুণ মাকৰ সৈতে
ফুৰিবলৈ যাব,
নানা ঠাই ঘূৰি-ফুৰি
জ্ঞান বুটলিব।

মা যাব, আইতা যাব
আৰু যাব ককা,
কিমান যে ভাল লাগিব
উলাহে নধৰে হিয়া।

জৰাবাৰী, কমলাবাৰী
আৰু মাজুলীলৈ যাব,
দ্বিতীয়খন জগন্নাথো
এইবাৰ ভ্ৰমণ কৰিব।

লেটেকুপুখুৰী, বৰদোৱা
টিলিঙা মন্দিৰলৈও যাব,
শিৱসাগৰৰ স্মৃতি চিহ্নবোৰো
হেঁপাহ পলুৱাই চাব।

সকলো ঠাই ঘূৰি ফুৰি
পৰশুকুণ্ডলৈ যাব,
তাৰপাছতহে তেওঁলোক
ঘৰলৈ উভতিব।

পৰশুকুণ্ড কিয় বিখ্যাত
গুণগুণে জনা নাছিল,
ককাকেহে এই কথা
তাইক বুজাই দিছিল।

মাকক কাটি পৰশুৰামে
মুক্তি পোৱা নাছিল,
তালৈ গৈহে হেনো
মুক্তি পাইছিল।

তেতিয়াৰে পৰা সেই কুণ্ড
পৰশুকুণ্ড হয়,
তাত গা ধুলে হেনো
পাপ নাশ হয়।

প্ৰতিবছৰে গুণগুণে
মাকৰ সৈতে ফুৰিবলৈ যায়,
ঘূৰা-ফুৰা কৰিলেও যে
নানান জ্ঞান পায়।

সেইবাবে গুণগুণে
ভালদৰে পঢ়ে,
ভালদৰে পঢ়িলেহে যে
ঠাই ফুৰিব পাৰে।


জটিল শব্দৰ অৰ্থ:

পৰশু: কুঠাৰ
কুণ্ড: গাঁত