গণিতৰ চাৰি প্ৰক্ৰিয়া

  • Published on 27 Jul 2023
গণিতৰ চাৰি প্ৰক্ৰিয়া

বি শ্বব্ৰহ্মাণ্ড বিশেষ গাণিতিক নিয়মৰ মাজেৰে গতিশীল অৱস্থাত আছে। আমিও আমাৰ বিভিন্ন কাম-কাজত বিশেষ নিয়ম কিছুমান মানি চলিবলৈ চেষ্টা কৰোঁ বা কৰি আহিছোঁ। উদাহৰণ স্বৰূপে, বিদ্যালয়ৰ প্ৰাতঃ সভাত পোন হৈ থিয় হ’ব লাগে, হাতযোৰ কৰিব লাগে, প্ৰাৰ্থনা কৰোঁতে চকু মুদি একান্ত মনেৰে নেদেখাজনক স্মৰণ কৰিব লাগে; জাতীয় সংগীত গোৱাৰ সময়ত থিয় হ’ব লাগে, একাগ্ৰ‌তাৰে গীতটো গাই ৫২ চেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ইত্যাদি।

ঠিক একেদৰে গণিতৰ সমস্যা সমাধান কৰিবলৈও কিছুমান নিয়ম ক্ৰম অনুসৰি মানি চলিব লাগে। আহাঁচোন চাওঁ, গণিতৰ চাৰি প্ৰক্ৰিয়াযুক্ত সমস্যা সমাধান কৰিবলৈ কেনেদৰে আৰু কি ক্ৰমত আগবাঢ়িব লাগে।

চাৰি প্ৰক্ৰিয়া হ’ল— যোগ (+), বিয়োগ (-), পূৰণ (×) আৰু হৰণ (÷)। গণিতৰ চাৰি প্ৰক্ৰিয়াত ক্ৰমে হৰণ, পূৰণ আৰু যোগ বা বিয়োগ— যিটো আগত থাকে, তাৰ কাম আগতে কৰিব লাগে। কোনো এটা ৰাশিত যদি দুটা বা তিনিটা প্ৰক্ৰিয়া থাকে, তেতিয়া সেই প্ৰক্ৰিয়াৰ ক্ৰম নিৰ্ধাৰণ কৰি কাৰ্য কৰিব লাগে। উদাহৰণ স্বৰূপে, 5×4+7 = 20+7 = 27— এই ৰাশিটোত প্ৰক্ৰিয়াৰ ক্ৰম অনুসৰি প্ৰথমে পূৰণৰ কাম, তাৰ পাছত যোগৰ কাম কৰা হৈছে। সেইদৰে—
18÷2-6÷3+4÷2 = 9-2+2 = 7+2 = 9
ইয়াত হৰণৰ প্ৰক্ৰিয়াসমূহ আগতে কৰি পাছত যোগ আৰু বিয়োগৰ কাম কৰা হৈছে।

গণিতৰ কিছুমান সমস্যা সমাধান কৰিবলৈ বন্ধনীৰ ব্যৱহাৰ কৰা হয়। আমি তিনি প্ৰকাৰৰ বন্ধনী ব্যৱহাৰ কৰি আহিছোঁ। প্ৰথম বন্ধনী বা সৰু বন্ধনী ‘( )’; দ্বিতীয় বন্ধনী বা মাজু বন্ধনী ‘’; তৃতীয় বন্ধনী বা বৰ বন্ধনী ‘[ ]’। বন্ধনীৰ ভিতৰত কোনো এটা প্ৰক্ৰিয়া আগতে কৰিব লগীয়া হ’লে দীৰ্ঘমাত্ৰা (——) ব্যৱহাৰ কৰা হয়। ক্ৰম অনুসৰি দীৰ্ঘমাত্ৰা, প্ৰথম বন্ধনী, দ্বিতীয় বন্ধনী, তৃতীয় বন্ধনীৰ কাম কৰিব লাগে। উদাহৰণ স্বৰূপে—
30-[15-10]
= 30-[15-10]
= 30-[15-10]
= 30-5
= 25

আকৌ গণিতৰ কিছুমান সমস্যা সমাধান কৰোঁতে আমি ‘ৰ’ (of )ৰ ব্যৱহাৰ কৰিব লগা হয়। গণিতত ‘ৰ’ক পূৰণ চিন হিচাপে ধৰা হয় আৰু সংখ্যা দুটাৰ মাজত ‘ৰ’ৰ পৰিৱৰ্তে × চিন ব্যৱহাৰ কৰা হয় আৰু সংখ্যা দুটা পূৰণ কৰা হয়। উদাহৰণ স্বৰূপে— 500 ৰ 2/5 = (500×2)/5 = 200।

সকলোবোৰ ক্ৰিয়াৰ ক্ৰম সহজে মনত থকা এটা শব্দৰে প্ৰকাশৰ কৰিব পাৰি। সেই শব্দটো গণিতৰ প্ৰক্ৰিয়াকেইটাৰ নামৰ ইংৰাজী শব্দটোৰ প্ৰথম আখৰেৰে গঠিত হৈছে। বন্ধনী (Bracket)ৰ B, ৰ (Of)ৰ O, হৰণ (Division)ৰ D, পূৰণ (Multiplication)ৰ M , যোগ (Addition)ৰ A আৰু বিয়োগ (Subtraction)ৰ S লগ হৈ গঠিত হোৱা BODMAS শব্দটোৱে প্ৰক্ৰিয়াকেইটাৰ ক্ৰম বুজাইছে।

ক্ৰম অনুসৰি গণিতৰ সমস্যা সমাধান নকৰিলে আমি শুদ্ধ উত্তৰ নাপাম। যেনেকৈ ভাষাৰ ক্ষেত্ৰত যতি চিহ্নৰ ব্যৱহাৰ শুদ্ধ নহ’লে সম্পূৰ্ণ বেলেগ অৰ্থ প্ৰকাশ পায়। উদাহৰণ স্বৰূপে, “য’তে ত’তে থূ পেলাবা নে? পেলালে বীজাণুৰ সংক্ৰমণ হ’ব পাৰে।”— এই বাক্যৰ যতি চিহ্নৰ ব্যৱহাৰ বেলেগ কৰাচোন, কি হয় চোৱা। “য’তে ত’তে থূ পেলাবা, নেপেলালে বীজাণুৰ সংক্ৰমণ হ’ব পাৰে।” বিপৰীত অৰ্থ প্ৰকাশ কৰা নাইনে বাৰু? একেদৰেই গণিতৰ ক্ষেত্ৰতো প্ৰক্ৰিয়াৰ ক্ৰম সলনি হ’লে শুদ্ধ সমাধান নাপাম। তলৰ সমস্যাটো আজৰি সময়ত কৰিবা শুদ্ধ ক্ৰম অনুসৰি (BODMAS প্ৰয়োগ কৰি) আৰু ভুলকৈ (ক্ৰমত নপৰাকৈ) দুয়োটা ৰূপতে। সমস্যাটো হৈছে—
5 ৰ [58-{7×8+(13-2 ৰ 6)}]।

উত্তৰৰ পাৰ্থক্য মন কৰিবলগীয়া!

লেখকৰ ঠিকনা: বন্দিতা শৰ্মা কন্দলি, চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়, তিতাবৰ