সাহস-প্ৰেৰণাৰ কাহিনী: অপৰাজেয়

  • Published on 18 Oct 2023
সাহস-প্ৰেৰণাৰ কাহিনী: অপৰাজেয়

‘অ পৰাজেয়’ শব্দটিৰ অৰ্থ হৈছে যি পৰাজয় বৰণ নকৰে। অৰ্থাৎ পৰাজয়ৰ ওচৰত হাৰ নমনাজনেই অপৰাজেয়। আজি আলোচনা কৰিবলৈ লৈছোঁ কিৰণ তামূলীয়ে ৰচনা কৰা আৰু নেচনেল বুক ট্ৰাষ্টে প্ৰকাশ কৰা ‘অপৰাজেয়’ নামৰ এখনি ৩২ পৃষ্ঠা জোৰা সুন্দৰ শিশু উপন্যাসৰ বিষয়ে।

কাহিনীটোৰ মূল চৰিত্ৰ এজন স্কুলীয়া ছাত্ৰ ৰাণা। এবছৰ আগতে পলিঅ’ হৈ তাৰ এখন ভৰি পঙ্গু হৈ পৰিল, যাৰ বাবে সি এবছৰ ধৰি স্কুললৈ যোৱাৰ পৰা বিৰত থাকিবলগা হ’ল। এতিয়া সি আগৰ দৰে খোজকাঢ়িব নোৱাৰে। ডাক্তৰে তাক এডাল পেং (দুডাল বাঁহত খাজ কাটি তাত ভৰি দি বাঁহ দুডাল হাতেৰে ধৰি খোজ দি যাব পৰা যতন) দিছে, যাতে সি খোজকাঢ়ি যাব পাৰে।

এবছৰৰ মূৰত সি আজি স্কুললৈ যাব, পুৱাৰে পৰা তাৰ মনত বহুত আনন্দ। নতুন সমসাজ (ইউনিফৰ্ম)যোৰ পিন্ধি দেউতাকৰ লগত সি স্কুললৈ গ’ল। তাৰ সকলো ভাল লাগিল, কিন্তু তাৰ মাজতে অলপ বেয়া লাগিল যে সি আগৰ দৰে এতিয়া খোজকাঢ়ি যাব নোৱাৰে। পেং অবিহনে তাৰ জীৱনটো যেন এতিয়া অচল— এই কথা ভাবি সি নকন্দাকৈ থাকিব নোৱাৰিলে। তাৰ দুখত সমভাগী হৈ প্ৰধান শিক্ষককে আদি কৰি শ্ৰেণী কেপ্তেইন, তাৰ লগৰ বন্ধুবোৰ, কণমানি ভাইটি-ভণ্টি — সকলোৱে কান্দিবলৈ বাধা দিয়াৰ লগতে তাক আগবাঢ়ি যাবলৈ উৎসাহ দিলে।

এদিন তেণ্ডুলকাৰ হোৱাৰ সপোন দেখা, সুনীল গাভাস্কাৰ হোৱাৰ সপোন দেখা ৰাণাৰ সপোনবোৰ পূৰণ নহ’ব নেকি, সেই লৈ সি চিন্তিত হ’ল। স্কুলত ক্ৰিকেট খেলৰ অনুশীলন হৈ আছিল। সিয়ো তালৈ গৈ গছ এডালৰ গুৰিত বহি থাকোঁতে কেবাজনো বন্ধু, ভাইটি-ভণ্টি তাৰ ওচৰলৈ আহিল। তেওঁলোকে উৎসাহ দিলে। “সি বেট ল’ব লাগিব, সিহঁত হ’ব ৰানাৰ”— এই কথাবোৰে যেন তাৰ ভাগি যাব খোজা মনটোক আকৌ গঢ়ি তুলিলে। তাৰ হেৰাই যোৱা দিনবোৰ ঘূৰি অহা যেন লাগিল।

ঘৰলৈ আহি সি সেয়ে তাৰ অতি মৰমৰ বেটখন উলিয়াই চাফ-চিকুণ কৰি গালত লগাই চালে। মাকে তাকে দেখি ভয় কৰি চিন্তা কৰিলেও বাপেকে যে তাক নিৰাশ নকৰে, সি সেই কথা জানে। সিদিনা সেই ভাল লগা কথাবোৰ ভাবি ভাবি কেতিয়া যে তাৰ টোপনি আহিল, গমেই নাপালে।

পাছদিনাৰ পৰা সি আগৰ ৰাণাজন হৈ পৰিল। স্কুললৈ গৈ খেলপথাৰৰ কাষত অলপ ঠাই উলিয়াই লৈ নিজৰ বন্ধুকেইজনৰ লগতে সৰু সৰু ল’ৰাকেইজনমানক কিদৰে বেট ধৰিব লাগে, বলিং কৰিব লাগে, ফিল্ডিং কৰিব লাগে, তাৰ অনুশীলনত লাগি পৰিল।

অপৰাজেয়
অপৰাজেয় শিশু উপন্যাস

লাহে লাহে তাৰ দিনবোৰ ভাললৈ আহিল, যিটো কিছুমানে বিচৰা নাছিল। সেয়ে সিহঁতে ‘ৰাণা লেঙেৰা’ বুলি ভেঙুচালি কৰা পোষ্টাৰ এখন স্কুলৰ কাষৰ আম গছজোপাত ওলোমাই তাৰ মনটো ভঙাৰ চেষ্টা কৰিলে। এই ঘটনাই তাক কষ্ট দিলে, যাৰ বাবে সি কেইবাদিনো স্কুল নোযোৱাকৈ থাকিল।

কেপ্তেইন ৰাজুৱে সেই পোষ্টাৰ আঁতৰাই মাকে শিশুক পলিঅ’ ঔষধ খুৱাই থকা পোষ্টাৰ এখন তাত ওলোমাই দিলে। কেৱল সেয়াই নহয়, ৰাজুৱে ৰাণাৰ ঘৰলৈ গৈ তাৰ খবৰ ল’লে, তাৰ পাছত তাক খেলিবৰ বাবে অলপ উলিয়াই আনিলে। ৰাণাক চাইকেলত উঠাই তাৰ ঘৰলৈ লৈ আনি তাৰ দেউতাক, ৰাজু আৰু ৰাণা তিনিও কিছু সময় খেলিলে। কিছু সময় খেলাৰ পাছত চাহ খোৱা সময়তহে ৰাণাই দেখিলে যে ৰাজুৰ দেউতাকৰ ভৰি এখন নাই! এখন নকল ভৰিৰ সহায়তে তেওঁ সকলো কৰিব পাৰে। এই দৃশ্যই তাক অধিক উৎসাহী কৰি তুলিলে।

এনেকুৱা নানান সাহস, উৎসাহ, প্ৰেৰণা বুটলি ৰাণা লাহে লাহে বহুত সাহসী হৈ পৰিল, আগৰ দৰে সি খেলত অংশগ্ৰহণ কৰি স্থান বুটলিবলৈও সক্ষম হ’ল। কেৱল সেয়াই নহয়, ৰাজুৰ দেউতাকে বিশেষভাবে সক্ষমসকলৰ বাবে আয়োজিত গুৱাহাটী নেহৰু ক্ৰীড়া মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ ৰাণাক অনুপ্ৰাণিত কৰিলে।

তিনিদিন অনুশীলন কৰাৰ পাছত খেল আৰম্ভ হ’ল। এখন-দুখনকৈ প্ৰতিখন খেলত জিকি অসম দলে ফাইনেল পালে। ফাইনেল খেল উদ্বোধন কৰিবলৈ আহিল শচীন তেণ্ডুলকাৰ। ৰাণা হৈছিল অসম দলৰ কেপ্তেইন। ইমান ওচৰৰ পৰা শচীন তেণ্ডুলকাৰৰ লগত কথা পাতি ৰাণা আৰু বেছি উৎসাহী হৈ পৰিল। অসম দলক পৰাজয়ৰ পৰা বচাই ৰাণাই আজুৰি আনিলে মেন অৱ দ্য মেচ্ছ (Man of the match)ৰ খিতাপ। তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়ে ৰাণাক শুভ-কামনা জনোৱাৰ লগতে তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনালে। ৰাণা হৈ পৰিল অসমৰ নয়নৰ মণি, বুকুৰ আপোন।

শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি ৰাণাই নিজৰ প্ৰতিভাৰে প্ৰমাণ কৰি দিলে যে সূৰুযৰ পোহৰক এখন কাপোৰে ঢাকি ৰাখিব নোৱাৰে। তাৰ বাবে ঘৰখনৰ পৰাও তেনে উৎসাহ-সাহস-প্ৰেৰণা পাব লাগিব, যিয়ে তেওঁক আকাশ স্পৰ্শ কৰাত সহায় কৰিব।

অপৰাজেয়
অপৰাজেয় শিশু উপন্যাস

মুঠতে, কণ কণ শিশুসকলক আগুৱাই নিয়াত ঘৰখনৰ উৎসাহ-সাহস-প্ৰেৰণা অতি দৰকাৰী। এনে উৎসাহ-সাহস-প্ৰেৰণাই সিহঁতৰ হেজাৰ শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি মানুহ কৰি তোলাত সহায় কৰে। সিহঁত হৈ পৰে— অপৰাজেয়!

অপৰাজেয়
শিশু উপন্যাস
লেখক: কিৰণ তামূলী
প্ৰকাশক: নেচনেল বুক ট্ৰাষ্ট
প্ৰথম প্ৰকাশ: ২০০৪
মূল্য: : ৬০টকা