ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণ: ভ্ৰাম্যমাণ বিশ্বকোষ হিচাপে খ্যাত ব্যক্তিজন

  • Published on 30 Aug 2023
ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণ: ভ্ৰাম্যমাণ বিশ্বকোষ হিচাপে খ্যাত ব্যক্তিজন

ৰমৰ অকণিহঁত, আমি স্বনামধন্য ব্যক্তিসকলক তেওঁলোকৰ জন্মদিন, মৃত্যুদিন বা মহৎ কাৰ্য সমাপন কৰা দিনটোত স্মৰণ কৰোঁ, নহয়নে বাৰু? আজি তেনে এজন ব্যক্তিৰ জীৱনাদৰ্শৰ কিছু কথা স্মৰণ কৰোঁ আহাঁ। কিয়নো আমি মহৎ লোকৰ জীৱনীসমূহ অধ্যয়ন কৰোঁ যদিও সকলো কথা মনত নাথাকে। সেয়ে বিদ্যালয়ত বিভিন্ন দিৱস পালন কৰি মহান ব্যক্তিসকলক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ চেষ্টা কৰোঁ।

আমাৰ খুব ভাল লগা দিৱস এটাই দুৱাৰত টোকৰ মাৰিছেহি। কি দিৱস বাৰু কোনে ক’বা প্ৰথমে? শিক্ষক দিৱস, নহয়নে বাৰু? স্বাধীন ভাৰতৰ দ্বিতীয়জনা ৰাষ্ট্ৰপতি, পণ্ডিত, দাৰ্শনিক আৰু শিক্ষাবিদ ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ ৫ ছেপ্তেম্বৰৰ জন্মদিনৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

১৮৮৮ চনত চেন্নাইৰ তিৰুটানি নামৰ ঠাইত জন্মগ্ৰহণ কৰা ৰাধাকৃষ্ণণৰ দেউতাকৰ নাম আছিল সৰ্ৱেপল্লী ‌বীৰস্বামী আৰু মাক আছিল চিদান্মা। প্ৰাথমিক শিক্ষা গাঁৱৰে প্ৰাইমেৰী স্কুলত সমাপ্ত কৰি ১৮৯৬ চনত সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা, ১৯০৪ চনত এফ এ, ১৯০৬ চনত বি এ আৰু ১৯০৯ চনত দৰ্শন বিভাগত বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষক হোৱাটো আছিল ৰাধাকৃষ্ণণৰ জীৱনৰ প্ৰধান লক্ষ্য। ১৯০৮ চনৰ পৰা মহীশূৰ বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক, ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পঞ্চম জৰ্জ আসনৰ অধ্যাপক, ১৯২৫ চনৰ পৰা ১৯২৮ চনলৈ ‘ইণ্ডিয়ান ফিল’চফিকেল কলেজৰ অধ্যক্ষ হয়। ১৯৩১ চনত ৰাধাকৃষ্ণণে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰে।

ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণ

  • ৰাধাকৃষ্ণণৰ কিতাপ

শিক্ষক হিচাপে ড° সৰ্ৱেপল্লী ৰাধাকৃষ্ণণ ছাত্ৰ-ছাত্ৰীৰ মাজত অতি জনপ্ৰিয় আছিল। মাতৃভাষা তেলুগুৰ উপৰি ইংৰাজী, সংস্কৃত, হিন্দী, আৰবী, পাৰ্চী, ফৰাচী, স্পেনিছ আদি ভাষাত তেওঁৰ সম্পূৰ্ণ দখল আছিল। ১৯৩৯ চনত ৰাধাকৃষ্ণণে দক্ষিণ আফ্ৰিকালৈ গৈ তাত থকা ভাৰতীয়সকলৰ নৈতিক অধিকাৰ, ভাৰতীয় ঐতিহ্য আদি বিভিন্ন বিষয়ত বক্তৃতা প্ৰদান কৰিছিল। ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈকে তেওঁ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ দুটা কাৰ্যকালৰ বাবে তেওঁ ভাৰতৰ উপ ৰাষ্ট্ৰপতি হয়। ১৯৬২ চনত ভাৰতৰ দ্বিতীয়জনা ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৫৪ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ৰে ড° ৰাধাকৃষ্ণণ বিভূষিত হয়। তেওঁ এজন মহান দাৰ্শনিক আৰু লেখক হিচাপে বিশ্বৰ সমাদৰ লাভ কৰিছিল।

ড° ৰাধাকৃষ্ণণৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে— ভাগৱত গীতা, ভাৰতীয় দৰ্শন, গৌতম বুদ্ধ, The Hindu View of Life, Religion and Culture আদি। ‘সময় অমূল্য ধন’— এই কথা উপলব্ধি কৰি অবাবত সময় খৰচ কৰা নাছিল। ছাত্ৰসকলৰ অধ্যয়নেই যে প্ৰধান কৰ্তব্য, সেই কথা তেওঁ গভীৰভাৱে লৈছিল, সেয়ে তেওঁ ‘ভ্ৰাম্যমাণ বিশ্বকোষ’ আখ্যা পাইছিল। এই জন মহান ব্যক্তিয়ে ১৯৭৫ চনৰ ১৭ এপ্ৰিলত ইহলীলা সম্বৰণ কৰে। তেওঁৰ আদৰ্শৰ প্ৰতি সন্মান জনাই ১৯৬২ চনৰ পৰা ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

লেখকৰ ঠিকনা: বন্দিতা শৰ্মা কন্দলি, চৰকাৰী অভ্যসন উচ্চ বুনিয়াদী বিদ্যালয়, তিতাবৰ