ফকৰা-যোজনাৰ পদ্য

  • Published on 26 Jun 2023
ফকৰা-যোজনাৰ পদ্য

১
অধিক মাছত বগলী কণা
সঁচাকৈয়ে হয়,
বেছি লোভ কৰিলে
বগলীৰ দশা হয়।

২
অতি ভক্তি চোৰৰ লক্ষণ
সকলোৱে কয়,
ভক্তি বেছি দেখিলে
বুজিবা নিশ্চয়।

৩
অতি দৰ্পে হত লংকা
হয় নিশ্চয়,
দৰ্প কৰিলে চূৰ্ণ
অৱশ্যেই হয়।

৪
আঁঠুৱা চাই সদায়
ঠেং মেলিবা,
সামৰ্থ্য অনুযায়ী কাম কৰিলে
অৱশ্যেই জিকিবা।

৫
বলতকৈ বুদ্ধি শ্ৰেয়ঃ
কোনে নাজানে,
বুদ্ধিৰ ওচৰত বলে
সদা হাৰ মানে।

৬
আপোন ভালে জগত ভাল
মনত ৰাখিবা,
নিজে ভাল হ’বলৈ
সদা যত্ন কৰিবা।

ফকৰা-যোজনাৰ পদ্য

৭
চেষ্টাৰ অসাধ্য একো নাই
জ্ঞানী লোকে কয়,
চেষ্টা কৰিলে বিজয়
হ’ব নিশ্চয়।

৮
উপকাৰীক অজগৰে খায়
সকলোৱে জানে,
অকৃতজ্ঞ লোকৰ পৰা
থাকিবা দূৰে দূৰে।

৯
পাপীৰ লগত দূতৰ শাস্তি
অৱশ্যেই হয়,
বেয়াৰ লগত ভালৰো
নানা কষ্ট হয়।

১০
পৰত আশ বনত বাস
মনত ৰাখিবা,
আনক আশা কৰিলে
দুখহে ভুঞ্জিবা।

ফকৰা-যোজনা

মইনাহঁত, তোমালোকে ফকৰা-যোজনা মানে কি জানানে? ফকৰা-যোজনা হৈছে সাৰুৱা উপদেশ থকা কিছুমান বাক্য বা উক্তি। এই উক্তিবোৰ মানুহৰ মুখে মুখে চলি থাকে। দিগন্ত বৈশ্যই তোমালোকৰ বাবে ৰচনা কৰা এই পদ্যটোত থকা ফকৰা-যোজনাকেইটা তোমালোকে ধৰিব পাৰিছানে? সেইকেইটা হৈছে:

  • অধিক মাছত বগলী কণা
  • অতি ভক্তি চোৰৰ লক্ষণ
  • আঁঠুৱা চাই ঠেং মেলিবা
  • বলতকৈ বুদ্ধি শ্ৰেয়ঃ
  • আপোন ভালে জগত ভাল
  • চেষ্টাৰ অসাধ্য একো নাই
  • উপকাৰীক অজগৰে খায়
  • পাপীৰ লগত দূতৰ শাস্তি
  • পৰত আশ বনত বাস

তোমালোকৰ ঘৰৰ ডাঙৰসকলক এনেকুৱা আন ফকৰা-যোজনাৰ কথা সুধিবাচোন।

শব্দাৰ্থ:

  • ফকৰা-যোজনা: সাৰুৱা উপদেশ থকা আৰু পৰম্পৰাগতভাৱে চলি অহা বাক্য বা উক্তি
  • দৰ্প: অহংকাৰ, গৰ্ব, মই বৰ ভাব
  • হত: লোপ পোৱা, নোহোৱা হৈ যোৱা, মৃত্যু হোৱা
  • চূৰ্ণ: কিবা বস্তু খুন্দি কৰা গুড়ি/ চূণ
  • শ্ৰেয়ঃ/ শ্ৰেয়: আনতকৈ ভাল, তুলনামূলকভাৱে ভাল/ কল্যাণ
  • সদা: সদায়, চিৰদিন
  • ভুঞ্জিবা: ভোগ কৰিবা

লেখকৰ ঠিকনা: দিগন্ত বৈশ্য, গাওঁ/ ডাক: শুৱালকুছি, পদ্মৰাম কাকতি পথ, কামৰূপ