কি যে ঘটিছিল To Me One Day

  • Published on 05 Aug 2023
কি যে ঘটিছিল To Me One Day

Once upon a time,
There was a man,
দেখাত সি সাইলাখ
ভূত এটা যেন।

He was very fat
And very tall
দেখিলেই বুজা যায়
গাত বহু বল।

In his hand he
Carries a stick,
কাক ক’ত কি কৰে
নাই কোনো ঠিক।

One evening he
Came to my home,
দেখি মোৰ অৱস্থাটো—
বহিম নে শুম!

Coming straight he
Knocked at my door,
দেখি পিছ দুৱাৰেদি
দিলোঁ মই দৌৰ।

He also began to
Run after me,
ভাগ্য মোৰ ভাল বাবে
পৰি গ’ল সি।

He was unable to
Stand and run,
এবাৰলৈ ৰক্ষা হ’ল
অমুকাৰ প্ৰাণ!