তিনি সিদ্ধৰ চফৰ

  • Published on 03 May 2024
তিনি সিদ্ধৰ চফৰ

‘ছা ৰ, চাওঁ মোনা দুটা আমাক দিয়ক, আপোনাক ৰাস্তাটো পাৰ কৰাই দিওঁ।’

দুটা হাতত দুটা বজাৰ ভর্তি মোনা লৈ ব্যস্ত ৰাজপথটোৰ সিটো পাৰে থকা বাছষ্টপলৈ যাবলৈ সুযোগ বিচাৰি উচপিচ কৰি থকা বয়সস্থ মানুহজনে আচৰিত হৈ ল’ৰাকেইটাৰ মুখলৈ চালে। সুদীৰ্ঘ কাল শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট মানুহজনে ল’ৰাকেইটাৰ চকুলৈ চায়েই বুজি পালে যে সিহঁতৰ উদ্দেশ্য অসৎ নহয়। বিনা বাক্যব্যয়ে মানুহজনে মোনা দুটা সিহঁতক ল’বলৈ দিলে। গুণজিৎ আৰু গুলজাৰে মোনা দুটা ল’লে। গকুলে মানুহজনক দুই বাহুত ধৰি মানুহজনৰ ছাতিটো কাষলতিৰ চেপত লৈ অলপ খৰখেদাকৈ ৰাস্তাটো পাৰ হৈ আহিল।

‘ছাৰ, আপুনি ইয়াতে ৰওক, আমি আহোঁ।’— গকুলে ক’লে। ‘ৰবাচোন ৰ’বা বোপাহঁত। তোমালোকৰ চিনাকিটো দিয়াচোন।’— মানুহজনে ক’লে। ‘ছাৰ, আপুনি আমাক পাহৰিবই, কাৰণ আনি তৃতীয় শ্রেণীত থাকোঁতেই আপুনি স্কুলৰ পৰা অৱসৰ লৈছিল।’ ‘অ’, তাৰমানে তোমালোকে বৰনগৰ প্রাথমিক বিদ্যালয়ত পঢ়িছিলা? মই একেবাৰে চিনি পোৱা নাই।’— বয়সৰ ওচৰত হাৰ নমনা ৰঙিয়াল মানুহজনে হাঁহিমুখে ক’লে। ‘তোমালোকৰ বাৰু নামকেইটা কোৱাচোন, চিনি থওঁ।’

‘ছাৰ, আপুনি তই তই বুলি ক’লেহে বেছি ভাল লাগে। মোৰ নাম ছাৰ গুলজাৰ, গুলজাৰ আহমেদ।’ ‘অ’, হয় নে কি?’— ডাঙৰকৈ হাঁহি এটা মাৰি ছাৰে সুধিলে, ‘আৰু তহঁত দুটাৰ নাম?’

গুণজিৎ আৰু গকুলে নিজৰ নিজৰ নাম কৈ তিনিওটাই ছাৰৰ ভৰি চুই সেৱা জনালে। দুই হাতেৰে সিহঁত তিনিওটাক গাৰ কাষলৈ চপাই আনি মূৰত হাত ফুৰাই ছাৰে ক’লে, ‘শিক্ষক হিচাপে আজি মই বৰ আনন্দিত। মোৰ বিদ্যালয়ৰ তিনিজন ছাত্র অন্ততঃ সঁচা অৰ্থত শিক্ষিত হৈ উঠিছে। এতিয়া তহঁতে ক’ত পঢ়ি আছ, কিমান নম্বৰ পাইছ, সেইটো মোক নালাগে। কিন্তু এইটো খাটাং যে তহঁত এসময়ত সমাজত জিলিকি উঠিবি। তহঁতৰ আচৰণবোৰেই প্রকৃত শিক্ষালাভৰ পৰিচয়।’— ছাৰৰ চকু সেমেকি উঠিল।

ছাৰৰ পৰা বিদায় লৈ আহি থাকোঁতে গুলজাৰে ক’লে, ‘দেখিলি, ছাৰে কিমান দোৱা কৰিলে আমাক। মইহে ছাৰক প্রথমে দেখা পালোঁ, হয় নে নহয় ক।’ ‘হয়, তাতে কি হ’ল?’— গুণজিতে ক’লে। ‘কি হ’ল মানে?’— গুলজাৰে তপকৈ ক’লে। ‘তাক ছাৰে দিয়া আশীৰ্বাদৰ ভাগ বেছিকৈ দিব লাগিব, নহয় নে গুলজাৰ?’— গকুলে মাত লগালে। ‘বাৰু হ’ব দে, ঠাট্টা কৰিব নালাগে। মোৰ নজৰ কিন্তু বহুত চোকা আছে। মোৰ চকুত নপৰাকৈ কোনো সাৰি যাব নোৱাৰে।’ ‘বল, আমি ৰে’ল লাইনৰ কাষে কাষে যাওঁ, বহুত চমু হ’ব। এঘাৰ বজাৰ পৰা নহয় জানো গুণজিৎ?’— গকুলে প্রশ্ন কৰিলে। ‘এঘাৰ বুলি আয়োজন কৰোঁতে বাৰ বাজিবগৈ। এতিয়া দহ বাজিছেহে!’— গুলজাৰে ক’লে।

সিহঁত আহিছে সেউজ সংঘ নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে আয়োজন কৰা বক্তৃতা প্রতিযোগিতাত অংশ ল’বলৈ। অৱশ্যে অংশগ্রহণ কৰিব গুণজিতেহে। প্ৰতিযোগীৰ অংশগ্ৰহণৰ যোগ্যতা প্রমাণ-পত্ৰখন কালি স্কুল ছুটীৰ সময়ত আনিবলৈ অধ্যক্ষৰ ওচৰলৈ যাওঁতে ছাৰে কৈছিল, ‘কালিলৈ স্কুল বন্ধ নহয়, তোমালোক দুজনো লগত যাবা, আমাৰ স্কুললৈ প্ৰথম পুৰস্কাৰ আহিব লাগিব কিন্তু। বক্তৃতাৰ বিষয়— জৈব বৈচিত্র্য সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সেউজী ধৰণীৰ ভবিষ্যৎ।’ গুণজিতে অবশ্যে বিষয়টোৰ ওপৰত ইতিমধ্যে তথ্য-পাতি সংগ্ৰহ কৰি প্ৰস্তুত হৈছে।

সিহঁতে গৈ থকা ৰাস্তাটোৰ পৰা বাঁওফালে নামি ঠেক ৰাস্তা এটাৰে ৰে’ল লাইনৰ ফালে খোজ ল’লে। তিনিওটাই আঁতৰৰ পৰাই দেখিলে নামনিমুৱা ৰে’লগাড়ী এখন খুউব লাহে লাহে গৈ আছে, ষ্টেচনৰ ওচৰ পাইছেহি চাগৈ। হঠাৎ দেখিলে লৰ মাৰি ট্ৰেইনৰ পৰা নামি ল’ৰা এটাই ইফালে-সিফালে চাই সিহঁতৰ ফালে আহি আছে। ল’ৰাটোৰ হাতত সৰু এটা মোনা। বয়সত সিহঁততকৈ বেছি ডাঙৰো নহ’ব কিজানি ল’ৰাটো।

তিনি সিদ্ধ

প্রায় বিশ মিটাৰমান আঁতৰৰ পৰাই ল’ৰাটোৱে যেন সিহঁতক দেখা পাই অপ্রস্তুত হৈছে। চকু-মুখত এটা অপৰাধী ভাব ল’ৰাটোৰ। সিহঁত তিনিওটাই কথাটো লক্ষ্য কৰি আছে যদিও একো কথা আলোচনা কৰি থকা নাই। ল’ৰাটো ওচৰ পালত গুলজাৰে সুধিলে, ‘ভাইটি, চাওঁ এইফালে আহাচোন।’ ক’বলৈহে পালে, ল’ৰাটোৱে উভতি দৌৰ মাৰিলে।

গকুল, গুণজিৎ আৰু গুলজাৰেও লগে লগে তাক পিছে পিছে খেদি গ’ল। এশ মিটাৰমান দৌৰাৰ পাছত গকুলে গৈ তাৰ মলিয়ন স্পর্টিংটোৰ কলাৰতে ধৰি ল’ৰাটো ৰখাই দিলে। গুলজাৰে ফোঁপাই-জোপাই গৈ তাৰ হাতৰ মোনাটো থাপ মাৰি কাঢ়ি লৈ সুধিলে, ‘এয়া ব’ম আনিছ নে কি?’ সি নহয় বুজাবলৈ মূৰ জোকাৰিলে। ‘ইয়াত কি আছে’ বুলি কৈ গুলজাৰে মোনাটো খুলি চাব বিচাৰিলে।

‘নুখুলিব নুখুলিব, ওলাই যাব।’— ল’ৰাটোৱে ক’লে। ‘ৰঙা স্পৰ্টিং পিন্ধা দাদা এজনক দিবলৈ আনিছোঁ।’ ‘কি বস্তু?’— ধমকি দি সুধিলে গকুলে।

‘কেঁকোসাপ।’— ভয়ে ভয়ে ক’ল ল’ৰাটোৱে। লগে লগে গুণজিতে পেহীয়েকলৈ ফোন কৰি কথাটো জনাই দিলে। ল’ৰাটোৰ লগত বাক-বিতণ্ডা চলি থাকোঁতেই ইতিমধ্যে দুজন মানুহ বাইকত আহি উপস্থিত হ’লহি। তাৰে এজন ৰঙা স্পৰ্টিং পিন্ধা।

বাইকৰ পৰা নামি আহোঁতে মানুহজনে কৈ আহিল— ‘এই বুবু, তই এইফালে কিয় আহিলি, সিটো ফালেহে আমাৰ ঘৰ। বস্তুটো কি কৰিলি?’ ল’ৰাটোৱে ইংগিতেৰে গুলজাৰৰ ফালে দেখুৱাই দিলে। লগে লগে ইটো মানুহে গুলজাৰৰ হাতৰ পৰা মোনাটো থাপ মাৰি লৈ বুবুকো বাইকত বহুৱাই অহা বাটে গুচি গ’ল।

এনেতে গুণজিতৰ পেহীয়েক সাংবাদিক অনুভূতি পৰাশৰ পুলিচসহ ঘটনাস্থলীত উপস্থিত হ’লহি। গুণজিতৰ ম’বাইলৰ ফটো চাই পুলিচে ধৰিব পাৰিলে মানুহ দুটা কোন। পুলিচৰ গাড়ী সাংবাদিক দলসহ অপৰাধীৰ সন্ধানত গুচি গ’ল। গুণজিৎহঁত যথাসময়ত গৈ প্ৰতিযোগিতাস্থলী পালেগৈ। নিজৰ বক্তৃতাত গুণজিতে আহোঁতে বাটত পোৱা দুষ্প্রাপ্য বন্যপ্রাণী কেঁকোসাপৰ চোৰাং কাৰবাৰ চলি থকাৰ কথাটোও উল্লেখ কৰি দিলে।

সন্ধিয়া নিউজ চেনেলত বাতৰিটো প্ৰচাৰ হ’ল। ‘তিনিজন কিশোৰ ছাত্ৰৰ তৎপৰতাত মহানগৰীৰ মাজমজিয়াত দুষ্প্ৰাপ্য কেঁকোসাপৰ চোৰাং ব্যৱসায়ী চক্ৰ ধৰা পৰিল।’ গুণজিৎ, গকুল আৰু গুলজাৰৰ ঘৰলৈ চিনাকি মানুহৰ ফোনৰ উপৰি ফোন আহিবলৈ ধৰিলে।

ইফালে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত বক্তৃতা প্ৰতিযোগিতাৰ ফলাফলত গুণজিতে প্রথম স্থান লাভ কৰিলে। আৰু আন এটা ভাল লগা খবৰ হ’ল, এটা অসমীয়া নিউজ চেনেলে গকুল, গুণজিৎ আৰু গলজাৰক এইবাৰ ‘লগে-ভাগে এসাঁজ’ নামৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে। এই চেনেলটোৱে চেমনীয়াসকলক লৈ তিনি মাহৰ মূৰত চতুৰ্থ মাহটোৰ এটা ৰবিবাৰে লগে-ভাগে এসাঁজ নামৰ এটা ব্যতিক্রমী প্রীতিভোজৰ আয়োজন কৰে। অসমৰ বিভিন্ন ঠাইৰ যিসকল চেমনীয়া ল’ৰা-ছোৱালীয়ে সামাজিক দায়বদ্ধতা প্রকাশ পোৱা কাম কৰি জিলিকি উঠে, তেনে ল’ৰা-ছোৱালীক এই প্রীতিভোজলৈ আমন্ত্ৰণ জনাই পুৰস্কৃত কৰা হয়। এইবাৰ এওঁলোক তিনি বন্ধুলৈও আহিল এই সন্মান। ভাল কামৰ কদৰ সকলোতে আছে।