কুঁহি আৰু কেৰমন
- Published on 20 Jul 2023
কণমানি কুঁহিৰ মনটো আজি
পুৱাতে গোমোঠা মৰা,
একেটা কথাকে কৈ থাকে মাকে
নিতৌ ভিতৰৰ পৰা।
গাখীৰখিনি খাই হ’লনে নাই
মাকে আছে সুধি,
গোন্ধটো লৈ নাকটো কোঁচাই
কুঁহিয়ে পাঙিছে বুধি।
গাখীৰ খাই বেয়া পায় তাই
ঘৰত সৱেই জানে,
সৰু হ’ল বাবেই তাইৰ কথা
কোনেও নামানে।
ঘোটকৈ খাই খটম কৰি দিয়া—
ককাই আছে কৈ,
চকীত বহি দুই হাত মেলি
বাতৰি কাগজ লৈ।
এঢোক মাৰি লিপলাইনাৰ সানি
কুঁহি আছে ৰৈ,
হাতত গিলাচ পদূলিত চকু
কোন বা গৈছে কলৈ!
ভিতৰৰ পৰা আহি মাকে দেখি
হঠাত লগালে মাত,
সৌটো কেৰমন ৰাস্তাইদি গৈছে
মাতোনে এবাৰ তাক?
ঐ কেৰমন এইফালে আহ—
ক’বলৈহে পালে মাকে,
গাখীৰ খাই শেষ কৰি দিলে
কুঁহিয়ে ঢোকে ঢোকে।
জপৰা চুলি জধলা কাপোৰ
গলগলীয়া মাত,
‘ঐ মইনা’ বুলিলেই কেৰমনে
কুঁহিৰ হেৰাই মাত।