ধেমেলীয়া পদ্য

  • Published on 28 Apr 2024
ধেমেলীয়া পদ্য

১.
গোঁফৱালা সীতাৰামে কৰে গীতা পাঠ,
এই বয়সত সিনো কাটিবনে কাঠ?

২.
তেজ খাই অন্তৰ্ধান হ’ল চীনা-জোক,
এতিয়া কামত নাহে কৰিলেও শোক।

৩.
ৰহালৈ গৈ ৰঘু অহা নাই ঘূৰি,
সেই বেজাৰতে মাকে কান্দিছে ফেঁকুৰি।

মাছৰ বজাৰ

৪.
নামটো সোধোঁতে ক’লে— অনন্ত মাধৱ,
মহা দুষ্ট এজাকৰ পৰম বান্ধৱ।

৫.
নীহাৰে নামানে হাৰ— কথা বা কামত,
নাৰ মাছ কিনি আনে অধিক দামত।