K-ৰ কবিতা

  • Published on 19 Aug 2023
K-ৰ কবিতা

(ডাঙৰ ডাঙৰকৈ পঢ়া)

K-ৰকেটুৱা K-ৰকেটুৱা
K-লেই কৰিছা দুখ?
K-ৰেলা তুমি K-নেকৈ খাবা
K-নেবা লাগিব মুখ!

K-তেকী পেহীয়ে K-তিয়াবা যদি
K-টেপা হাতত লয়,
K-হেৰুখন্দাৰ K-টেঙী খুৰীয়ে
K-লেই কৰিব ভয়?

K-ৰাহীত ঢালি K-ৰাচিন তেল
K-কোৰাৰ ভাজি মূৰ,
K-হু কাইটিয়ে K-ৰাকৈ চোৱাত
K-নিবা পলাল চোৰ।

K-টেৰা-জেঙেৰা K-ওটৰ মতে
K-লেহুৱাইহে কৰে,
K-ৰুণীয়া লাউ K-লেই বেচিব
K-শৱক হলধৰে?

K-ৰেলুৱাডাল K-নি যায় বাৰু
K-চা লেকেচিৰে মাৰ,
K-ৰপায়ে তাক K-চা কিল দিলে
K-চ লোৱা সাধ্য কাৰ?