গোপাল ভাঁড়ৰ সাধু: অমঙ্গলীয়া
- Published on 11 May 2024
ম ৰমৰ মইনাহঁত, আজি তোমালোকক গোপাল ভাঁড়ৰ সাধু এটা শুনাবলৈ লৈছোঁ। পিছে এই গোপাল ভাঁড় আকৌ কোন?
গোপাল ভাঁড় আছিল মধ্যযুগৰ পশ্চিমবংগৰ নদিয়া অঞ্চলৰ এজন বুধিয়ক আৰু ৰসাল ব্যক্তি। তেওঁক ৰসৰ সম্ৰাট বুলি কোৱা হয়। তেওঁৰ বিচক্ষণ বুদ্ধি আৰু সৎ সাহসৰ বাবে নদিয়াৰ ৰজা কৃষ্ণচন্দ্ৰই গোপাল ভাঁড়ক তেওঁৰ ৰাজসভাৰ নৱৰত্নৰ মাজত স্থান দিছিল। তেওঁৰ কাহিনী শুনিলে জনমানসে আনন্দ পায়। তেওঁৰ আচল নাম আছিল গোপাল চন্দ্ৰ প্ৰামাণিক। বাংলা সাহিত্যত গোপাল ভাঁড়ৰ প্ৰচুৰ সাধু পোৱা যায়।
এতিয়া সাধুটো শুনো আহাঁ।
মহাৰাজ কৃষ্ণচন্দ্ৰৰ এটা ডাঙৰ কু-সংস্কাৰ (অযৌক্তিক বিশ্বাস) আছিল। কোনোবাদিনা যদি তেওঁৰ কিবা অঘটন ঘটে, তেনেহ’লে তেওঁ ৰাতিপুৱাই প্ৰথম দেখা মানুহজনক সেই অঘটনৰ বাবে দোষী বুলি ভাবিছিল আৰু সেই মানুহজনক তাৰ বাবে শাস্তি বিহিছিল।
এদিন নাপিতে ৰজা কৃষ্ণচন্দ্ৰৰ দাঢ়ি খুৰাই থাকোঁতে নাপিতৰ অসাৱধানতাৰ বাবে ৰজাৰ গাল কাটিলে আৰু তেজ ওলাবলৈ ধৰিলে। সেই অঘটনৰ বাবে ৰজাই চিন্তা কৰি পালে যে সেইদিনা ৰাতিপুৱাই তেওঁ প্ৰথম গোপাল ভাঁড়ক দেখা পাইছিল। তেওঁৰ কু-সংস্কাৰ অনুসৰি ৰজাই গোপালক ধৰি আনিবলৈ চিপাহীক হুকুম দিলে। ৰজাৰ চিপাহীয়ে গোপালক ধৰি ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজাই গোপালক প্ৰাণদণ্ড (মৃত্যু) দিবলৈ হুকুম দিলে।
গোপাল আচৰিত হ’ল। তেওঁৰ কি অপৰাধৰ বাবে ৰজাই প্ৰাণ দণ্ড ঘোষণা কৰিছে তাক জানিব খুজিলে। মহাৰাজ কৃষ্ণচন্দ্ৰই ক’লে যে পুৱাই গোপালৰ অমঙ্গলীয়া মুখখন দেখা বাবে নাপিতে দাঢ়ি খুৰাওঁতে তেওঁৰ গাল কাটি তেজ ওলাল।
গোপালে দীঘলকৈ নিশ্বাস পেলাই ৰজাক ক’লে যে ৰাতিপুৱাই তেওঁ ৰজাৰ মুখখন দেখা পাইছিল, যাৰ ফলত গোপালে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে। তেনেহ’লে প্ৰকৃততে অমঙ্গলীয়া কোন?
মহাৰাজে গভীৰভাৱে চিন্তা কৰি চাই দেখিলে যে গোপালে সঠিক কথাই কৈছে। গোপালৰ যুক্তি কাটিব নোৱাৰি ৰজাই শাস্তি বাতিল কৰি গোপালক পুৰস্কাৰ দিলে।
মইনাহঁত, সাধুটোৰ পৰা আমি শিকিলো বাৰু? আমি শিকিলো যে কোনো মানু্হ অমঙ্গলীয়া নহয়। এইবিলাক মানুহৰ অন্ধবিশ্বাস। গোপালে ৰজাক যুক্তিৰে সেই কথাকে বুজাইছিল।