চিকাৰী আৰু এহাল কপৌ চৰাই
- Published on 17 Sep 2023
এ সময়ত এজন চিকাৰীয়ে এখন হাবিত চিকাৰ ধৰিবৰ বাবে জাল পাতিছিল। তেওঁ জালখন এনেদৰে পাতিছিল যাতে কোনেও ধৰিব নোৱাৰে। জালখনৰ ওপৰত গছৰ ঠাল আৰু পাত পাৰি দিছিল।
এদিন এহাল কপৌ চৰাই উৰি আহি জালত পৰিল। লগে লগে সিহঁত জালখনত লাগি ধৰিলে। বেচেৰা কপৌ চৰাইহালে ইনাই-বিনাই কান্দিবলৈ ধৰিলে। সিহঁতৰ যে জীৱন শেষ, চিকাৰীয়ে যে ধৰি নি খাই পেলাব,— সেই কথা ভাবি ভাবি সিহঁতে উপায় বিচাৰিবলৈ ধৰিলে। এইদৰে থাকোঁতেই সিহঁতে দেখিলে যে অলপ আঁতৰতে এজোপা গছত এটা চৰাই বহি আছে। তাক দেখি কপৌ চৰাইহালে চিঞৰিবলৈ ধৰিলে।
কপৌহালৰ চিঞৰ শুনি চৰাইটো ওচৰলৈ আহিল আৰু ক’লে— ‘বন্ধুহঁত, চিন্তা নকৰিবা। মই কিবা উপায়েৰে তোমালোকক আজি মুকলি কৰিহে এৰিম।’ এইদৰে কৈ চৰাইটো উৰি গ’ল।
অলপ সময়ৰ পাছতে চৰাইটোৱে তাৰ সমনীয়া সকলোকে লগত লৈ আহি কপৌ চৰাইহালক জালখনৰ সৈতে একেলগে উৰুৱাই লৈ গ’ল আৰু সেই হাবিখনৰ কাষতে থকা নিগনি ককাইক কুটিবলৈ লগাই দিলে। নিগনি ককাইয়ে জালখন কুটি দিয়াৰ লগে লগে কপৌ চৰাইহাল মুকলি হৈ গছৰ ডালত বহিলগৈ আৰু তাহাঁতক সহায় কৰা সকলোকে ধন্যবাদ জনালে আৰু ক’লে— ‘বন্ধুসকল, আজি আমাৰ প্ৰাণ তোমালোকৰ বাবেহে বাচিল । আমি সদায় এনেদৰে মিলিজুলি থাকিম। ইজনে সিজনক বিপদত সহায় কৰিম। তেতিয়া কোনো শত্ৰুৱে আমাৰ অনিষ্ট কৰিব নোৱাৰে।’
ইয়াৰ পাছত সকলোৱে ফূৰ্তি কৰিবলৈ ধৰিলে। ইফালে চিকাৰীয়ে চিকাৰ ধৰিব নোৱাৰি দুখ মনেৰে ঘৰলৈ উভতি গ’ল।
দেখিলানে মইনাহঁত, মিলিজুলি কৰিলে সকলো কাম সহজতে সমাধান হয়। জীৱনত এষাৰ কথা সদায় মনত ৰাখিবা— ‘একতাই পৰম বল’।
লেখকৰ ঠিকনা: ঝৰ্ণালী শৰ্মা বৰকটকী, তেজপুৰ বিশ্ববিদ্যালয় চৌহদ, তেজপুৰ