কৰ্মী লোককহে ভগৱানে সহায় কৰে
- Published on 10 Oct 2023
ব বহু পুৰণি দিনৰ কথা। সেই সময়ত বাট-পথবোৰ আজিকালিৰ দৰে সুচল নাছিল। বাৰিষা আহিলেই বৰষুণৰ বাবে বাট-পথবোৰ বোকাময় হৈ পৰে। ঠায়ে ঠায়ে বাটবোৰ পানীত ডুবি থাকে। যাতায়াত কৰাত বৰ অসুবিধা হয়। তেতিয়াৰ দিনত যাতায়াতৰ ব্যৱস্থা আছিল কেৱল জন্তুৱে টনা গৰুগাড়ী, ঘোঁৰাগাড়ী আদিহে। তদুপৰি জন্তুৰ পিঠিত উঠিও মানুহে ইঠাইৰ পৰা সিঠাইলৈ অহা-যোৱা বা বয়-বস্তু অনা-নিয়া কৰিছিল। এতিয়াৰ দৰে যান-বাহন তেতিয়া আৱিষ্কাৰ হোৱাই নাছিল।
সেই সময়ৰে বাৰিষা কালৰ এটা দিনৰ কথা। এজন গাৰোৱানে গৰুগাড়ী এখনত এসোপামান কপাহৰ বস্তা বোজাই কৰি ক’ৰবালৈ নি আছিল। বস্তাবোৰ সৰহ হোৱাৰ বাবে ওজন বৰ বেছি হৈছিল। গাড়ীখন আৰু গৰুহাললৈ চাই সিমানবোৰ বস্তা তাত বোজাই কৰিব নালাগিছিল। কপাহেৰে ভৰা গধুৰ গাড়ীখন গৰুহালে কোনোমতেহে বোকা ৰাস্তাটোৱেদি টানি নি আছিল। গাড়ীখনত গাৰোৱানজনো বহি গৈছিল, কাৰণ নামিলেই যে ভৰিত বোকা লাগিব। গাৰোৱানজনে নিজৰ আৰামটোৰ পিনেহে চাইছিল, গৰুহালৰ কষ্টৰ পিনে চোৱা নাছিল।
এপাকত গাড়ীখনৰ চকাহাল বেছিকৈ বোকা থকা ঠাই এডোখৰত সোমাই পৰিল। তেতিয়া গৰুহালে গাড়ীখন টানিব নোৱাৰি তাতে ৰৈ দিলে। সিহঁতো একো একোটা জীৱহে। দুখ-ভাগৰ সিহঁতৰোতো লাগে! গাৰোৱানে তাকেই নুবুজি খঙত একো নাই হৈ গৰুহালক নিৰ্দয়ভাৱে কোবাবলৈ ধৰিলে।
মাৰৰ কোবত গৰুহালে মৰোঁ-তৰোঁকৈ গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি গাড়ীখন আকৌ টনাত লাগিল। সেইদৰে কিছুদূৰ যোৱাৰ পাছত আকৌ গাড়ীৰ চকাহাল বোকাত বেছিকৈ সোমাই গ’ল। গৰু হালৰ ঠেংকেইটাও বোকাত এনেকৈ সোমাই পৰিল যে সিহঁতে লৰচৰেই কৰিব নোৱৰা হ’ল। যিমানেই সিহঁতে বোকাৰ পৰা ওলোৱাৰ চেষ্টা কৰিলে, সিমানেই বেছিকৈহে তললৈ সোমাই যাব ধৰিলে।
গাৰোৱানজনৰ পিটনেও এইবাৰ কামত নিদিয়া হ’ল। গৰুহালে লৰচৰেই নকৰে। ইপিনে গাৰোৱানজনে নিৰ্দিষ্ট সময়ত গন্তব্য স্থল পাবগৈ লাগে। কপাহৰ বস্তাখিনি তেওঁ নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট স্থানত পোৱাবগৈ নোৱাৰিলে বহুত লোকচানৰ সন্মুখীন হ’ব লাগিব।
এতিয়াও গন্তব্যস্থান পাবলৈ তিনি মাইলমান বাকী আছেই। কি কৰিব কি নকৰিব তাকে ভাবি-চিন্তি গাৰোৱানজন গাড়ীৰ ওপৰতে বহি ৰ’ল। নাই, কোনো উপায়েই তেওঁৰ মনলৈ নাহিল। হঠাৎ তেওঁ ভাবিলে— ভগৱানৰ বাহিৰে তেওঁক এই বিপদত উদ্ধাৰ কৰোঁতা কোনো নাই। তেওঁকেই প্ৰাৰ্থনা কৰিলে হয়তো এই সংকট কালত তেৱেঁই বোকাৰ পৰা গাড়ীখন উলিয়াই দিবহি।
ভবামতেই কাম। তেওঁ গাড়ীৰ ওপৰতে বহি একান্ত ভক্তি ভাৱেৰে ভগৱানক প্ৰাৰ্থনা কৰাত লাগিল। কিন্তু ভগৱানৰ কোনো সঁহাৰি নাই। তেওঁৰ ওচৰলৈ ভগৱান নাহিল।
কিংকৰ্তব্যবিমূঢ় হৈ তেওঁ ইফালে-সিফালে চাবলৈ ধৰিলে। এপাকত বহু আঁতৰত দেখিলে যে এজন কুলীৰ সাজ পিন্ধা মানুহ তেওঁৰ ফাললৈকে আহি আছে। গাৰোৱানৰ মনটো বৰ ভাল লাগিল। অন্ততঃ সেই মানুহজনকেই গাড়ীখন উঠোৱাত অলপ সহায় কৰি দিবলৈ ক’ব পৰা যাব, গাৰোৱানে ভাবিলে।
মানুহজন আহি ওচৰ পাওঁতে গাৰোৱানজনে মাত লগালে— “মহাশয় মোৰ গাড়ীখনৰ চকা দুটা বোকাত সোমাই গ’ল। বহু চেষ্টা কৰিও উঠাব পৰা নাই। গাড়ীখন উঠাবলৈ আপ্ৰাণ চেষ্টা কৰি কৰি গৰুহালো অৱশ হৈ পৰিল। মই সময়মতে গৈ গন্তব্য স্থানত গাড়ীত থকা কপাহৰ বস্তাখিনি পোৱাবগৈ নোৱাৰিলে বহু লোকচানৰ সন্মুখীন হ’ব লাগিব। গতিকে গাড়ীখন বোকাৰ পৰা উঠোৱাত মোক দয়া কৰি অলপ সহায় কৰি দিবনে?”
তেতিয়া মানুহজনে ক’লে— “হেৰৌ এলেহুৱা জীৱ, কপাহৰ বস্তাৰ লগতে গাড়ীৰ চকা আৰু তোৰ গৰুহাল বোকাত সোমাই আছে আৰু তই গাড়ীৰ ওপৰত আৰামত বহি আছ! নিজে নামি আহি অকণমান ঠেলি-হেঁচি চাবহি পৰা নাই? আহ নামি আহ আৰু এটা চকাত নিজে কান্ধ পাতি চকাটো দাঙি ধৰ, মই আনটো চকা দাঙি ধৰোঁ। দুয়োটাই একেলগে জোৰ দিলে গাড়ীখন সহজতে উঠাব পাৰিম। বিপদৰ সময়ত অকল ভগৱানে সহায় কৰি দিব বুলি ভাবি থাকিব নালাগে। নিজে হাতে-কামে কৰাজনকহে ভগৱানেও সহায় কৰিবলৈ ভাল পায়।”
মানুহজনৰ কথা মতেই গাৰোৱানজন গাড়ীৰ পৰা নামিল আৰু দুয়ো একেলগে বল প্ৰয়োগ কৰি গাড়ীখন সহজতে বোকাৰ পৰা তুলিলে। ইয়াৰ পাছতে মানুহজন থিতাতে অন্তৰ্ধান হৈ পৰিল।
কুলীৰ ৰূপত অহা সেই মানুহজন আচলতে ভগৱান আছিল। কৰ্মবিমুখ গাৰোৱানক শিক্ষা দিবলৈকে কুলীৰ ৰূপত সেই ঠাইলৈ আহিছিল।
লেখকৰ ঠিকনা: তপন বৰুৱা, বালিজান, চাৰিখেলীয়া, বিশ্বনাথ-৭৮৪১৭২, ফোন- ৯৩৬৫৩৬৭০৬০