ৰহস্যময় হ্ৰদ

  • Published on 07 Dec 2023
ৰহস্যময় হ্ৰদ

হি মাংশু অহাৰ কথা আছে ৰূপক আৰু ৰূপাংকীহঁতৰ ঘৰলৈ। তিনিওটাই মিলি কিবা এটা প্ৰজেক্ট কৰিব। ৰূপকে মাকক হিমাংশুৱে ভাল পাই বাবে কে’ক এটা কৰিবলৈ কৈছে। সিহঁতে মাকক ইটো-সিটো আনি দি সহায় কৰি আছে। এপাকত ৰূপকে বিস্কুটৰ টেমাৰ পৰা বিস্কুট আনি ৰূপাংকীকো দি নিজেও খোৱা দেখি মাকে ক’লে— “তুমি বৰ চয়তান হৈছা দেই।”

মাকৰ কথা শুনি ৰূপাংকীয়ে ৰূপকলৈ চাই হাঁহিলে। ৰূপকেও হাঁহি হাঁহি মাকক ‘ডাঙৰ হৈছোঁ’ বুলি ক’লে।

‘অকল ডাঙৰ হ’লেই নহ’ব, পঢ়া-শুনাটো ডাঙৰ হ’ব লাগিব’ বুলি মাকে তাক ক’বলৈহে পালে, সি তপৰাই ক’লেই— “আমি পঢ়া-শুনাও সমানে কৰি গৈছোঁ দিয়া। বাৰু কোৱাচোন, বাৰ্মুডা ট্ৰায়েংগল মানে কি?”

মাকে চয়তান বুলি কওঁতে ৰূপকৰ মনত পৰি গৈছিল বাৰ্মুডা ত্ৰিভুজৰ কথা। ৰূপকৰ প্ৰশ্ন শুনি মাকে আচৰিত হৈ সুধিলে— “বাৰ্মুডা ট্ৰায়েংগলৰ বিষয়ে কেনেকৈ জানিলা? কোনে ক’লে?”
“কোনেও কোৱা নাই মা। আমি কিতাপ পঢ়ি জানিলোঁ আকৌ।”

ৰূপকে কোৱাৰ লগে লগেই ৰূপাংকীয়েও বৰ উলাহেৰে ক’লে— “মৌচাকত মা। ময়ো পঢ়িছোঁ।”
“হয় নেকি? বৰ ভাল কথা। এনেবোৰ কথা জানিবৰ বাবেই কিতাপ পঢ়িব লাগে বুজিছা। আজৰি সময়ত মোবাইলত গেম খেলি থকাতকৈ কিতাপ পঢ়িলে বহুত ভাল ভাল কথা জানিব পাৰিবা। তোমালোকৰ লগৰীয়া সকলকো গেম খেলি থকাতকৈ কিতাপ পঢ়িবলৈ ক’বা দেই।”— মাকে উৎসাহ দি ক’লে।

ৰহস্যময় হ্ৰদ

এৰা, মাকেই ঠিকেই কৈছে। ৰূপকৰ লগৰ হিমাংশুৱে মোবাইলত কিমান যে গেম খেলি থাকে। নতুন নতুন গেম উলিয়াই খেলি খেলি তাক কয়হি। ৰূপকে ভাবিলে, হিমাংশুক বাৰ্মুডা ট্ৰায়েংগলৰ বিষয়ে ক’ব লাগিব।

কি যে আচৰিত এই বাৰ্মুডা ত্ৰিভুজটো! ই উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অঞ্চল, য’ত ৰহস‍্যজনকভাৱে কেইবাখনো বিমান আৰু জাহাজ নাইকিয়া হৈছিল। আনকি অতি আচৰিত যে ইয়াৰ ওপৰেদি চৰাই উৰি গ’লেও হঠাৎ নাইকিয়া হৈ পৰে। কি কাৰণত এনে হয় ইয়াৰ কাৰণ বিজ্ঞানে সন্ধান কৰি আছে যদিও আজিলৈকে সঠিক উত্তৰ পাবলৈ সক্ষম হোৱা নাই। চুম্বকীয় শক্তিৰ ফলত এনে পৰিঘটনা হয় বুলি মানুহে অনুমান কৰিছিল আৰু কৰি আহিছে।

ৰূপকে যেতিয়া হিমাংশুক বাৰ্মুডা ট্ৰায়েংগলৰ বিষয়ে ক’লে, সি অতি আচৰিত হৈ মুখ মেলি তধা লাগি শুনিলে আৰু ৰূপকক সুধিলে— “চুম্বকে লোহাকহে আকৰ্ষণ কৰে। চৰাইক আকৰ্ষণ কৰিবলৈ চৰাইৰ গাত কিবা লোহা থাকে নেকি?”
ৰূপকে ক’লে— “কথাটো ময়ো বুজি পোৱা নাই। চৰাইক বাৰু কেনেকৈ আকৰ্ষণ কৰিব পাৰে!”

বাৰ্মুডা ট্ৰায়েংগল

  • বাৰ্মুডা ট্ৰায়েংগল | ছবি: ৱিকিমিডিয়া কমন্স

ইমান সময়ে ৰূপক আৰু হিমাংশুৰ কথা শুনি থকা ৰূপাংকীয়ে মাত লগালে— “আমাৰ উত্তৰ-পূৰ্বাঞ্চলতো যে বাৰ্মুডা ত্ৰিভুজৰ দৰে এটা ৰহস্যময় হ্ৰদ আছে, গম পোৱানে বাৰু? অৰুণাচলত থকা হ্ৰদটোত জীৱ-জন্তু নামিলেই নাইকিয়া হৈ যায়।”

হিমাংশু আকৌ আচৰিত হ’ল। সি ৰূপকক সুধিলে— “অৰুণাচলতো আছে নেকি?”
“অঁ। বাৰ্মুডা ত্ৰিভুজৰ দৰে এই হ্ৰদটো ৰহস্যময়।”— ৰূপকে এজন জ্ঞানী মানুহৰ দৰে উত্তৰ দিলে।
“অৰুণাচলৰ ক’ত আছে?”— হিমাংশুৱে সুধিলে।
“ম‍্যানমাৰ সীমান্তত।”— ৰূপাংকীয়ে লগে লগেই উত্তৰ দি দিলে।
“আমি চাবলৈ যাব পাৰিমনে?”— হিমাংশুৱে সুধিলে।
“পাৰিম চাগে। ডাঙৰ হ’লে আমি দুয়োটা যাম দে।”

ৰূপকে হিমাংশুক তেনেকৈ কোৱা শুনি ৰূপাংকীৰ ঠেহ লাগিল। তাই মুখখন ওফোন্দাই ঠেনঠেনিয়া মাতেৰে ক’লে— “তোমালোক দুটা যে যাবা, মোক মানে নিনিয়া?”

ৰূপাংকীৰ কথাত সিহঁতে ইটোৱে সিটোলৈ চালে। ৰূপকে তাইৰ ঠেহ ভঙিবলৈ ক’লে— “তোক আকৌ কিয় নিনিম? মোতকৈ তইহে ভালকৈ জান হ্ৰদটোৰ বিষয়ে। তোক নিনিলে দেখোন আমি হেৰাই থাকিম।”

ৰূপাংকীৰ মুখত হাঁহি বিৰিঙিল। তাই বৰ উলাহেৰে কৈ গ’ল— “জানা হিমাংশু দা, অৰুণাচলৰ চাংলাং জিলাত এই হ্ৰদটো আছে। বহুতে কয় ভাৰতৰ ৰহস‍্যাবৃত পৰ্যটনস্থলীৰ অন‍্যতম অৰুণাচলৰ নাৱাং য়াং (Nawang Yang) হ্ৰদ বা ‘লেক অৱ নো ৰিটাৰ্ন’। এই হ্ৰদটোত বহুত মানুহ হেৰাইছে। আৰু কি জানা, এই হ্ৰদক লৈ বহুত কাহিনী আছে।”

লেক অৱ ন’ ৰিটাৰ্ন ৰহস্যময়হ্ৰদ

  • লেক অৱ ন’ ৰিটাৰ্ন | ছবি: ৱিকিমিডিয়া কমন্স

ৰূপাংকীৰ কথা শুনি হিমাংশুৰ ভয়েই লাগিল। সি ভয়ে ভয়ে ক’লে— “এ… হয় নেকি! তালৈ গ’লে আকৌ আমিও হেৰাম নেকি?”
“ইস্ আমি কিয় হেৰাম? আমি হ্ৰদটোৰ একেবাৰে ওচৰলৈ নাযাওঁ নহয়। দূৰৰ পৰাহে চাম।”

ৰূপাংকীৰ কথা শুনি ৰূপকে ক’লে— “এতিয়া হ’ব দে। প্ৰথমে আমি ভালকৈ পঢ়ি-শুনি ডাঙৰ হৈ লওঁ। নাৱাং য়াং হ্ৰদটোৰ বিষয়ে ভালদৰে জানিবলৈ হ’লে কিতাপ পঢ়িব লাগিব। তাৰ পাছতহে তালৈ যোৱাটো ভাবিব লাগিব হিমাংশু।”

ৰূপকৰ কথা শুনি কেইমুহূৰ্তমান নিৰৱে থাকি হিমাংশুৱে মাত লগালে— “মই আৰু মবাইলত গেম নেখেলোঁ ৰূপক। দেউতাক ক’ম কিতাপ আনি দিবলৈ। আজিৰে পৰা গেম খেলা সময়খিনি কিতাপ পঢ়িম। তেতিয়া তোমালোকৰ দৰে বহুত কথা জানিব পাৰিম।”

ৰূপাংকীয়ে সেই মাহৰ মৌচাক আৰু সঁফুৰা দুখন আনি হিমাংশুক দেখুৱালে। সি মৌচাকত অকনিহঁতে অঁকা ছবিবোৰ দেখিলে আৰু মনতে ভাবিলে সি সিদিনা অঁকা ছবিখনো মৌচাকলৈ পঠিয়াই দিব!

লেখকৰ ঠিকনা: মাতু হাজৰিকা, সূৰ্যপুৰ তিনিআলি, পাভৈ পথ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬