আমি প্লাষ্টিক কিয় কমকৈ ব্যৱহাৰ কৰিব লাগে

  • Published on 02 Jun 2023
আমি প্লাষ্টিক কিয় কমকৈ ব্যৱহাৰ কৰিব লাগে

মা নুহে ব্যৱহাৰ কৰা বস্তুক লৈ কিছুমান যুগৰ নাম দিয়া হৈছে; যেনে— প্ৰস্তুৰ যুগ, লৌহ যুগ ইত্যাদি। সেই অনুযায়ী বৰ্তমানৰ যুগটোৰ এটা নাম দিব খুজিলে দেখোঁ যে আমি সম্প্ৰতি চোলাৰ বুটামটোৰ পৰা বহা চকীখনলৈকে সকলোবোৰেই প্লাষ্টিকৰ পৰা পাওঁ, সেই ফালৰ পৰা বৰ্তমানৰ যুগটোক প্লাষ্টিক যুগ বুলিবই পাৰি। আজিৰ পৰা ত্ৰিশ বছৰমান আগতে আজিৰ দৰে সণ্ঢালনিকৈ প্লাষ্টিকৰ সামগ্ৰী পোৱা নগৈছিল। সেই সময়ত ধাতৱ বস্তুহে বেছি দেখা গৈছিল। কিন্তু পাছলৈ ধাতুৰ ঠাই ল’বলৈ ধৰিলে প্লাষ্টিকে। কলমটোৰ পৰা চেণ্ডেললৈ, মগৰ পৰা বিচনালৈ— সকলোবোৰ প্লাষ্টিকে অধিকাৰ কৰিলে। পিছে অতি কম দিনৰ ভিতৰতে আশীৰ্বাদ যেন লগা প্লাষ্টিক অভিশাপলৈ ৰূপান্তৰিত হ’ল। প্লাষ্টিক অৱৰ্জনাই পৃথিৱী চানি ধৰিলে। এই আৱৰ্জনা সহজে নপচে বাবে ইয়াৰ নাম অপচনীয় আৱৰ্জনা হ’ল। এই অপচনীয় অৱৰ্জনাই ইমান গুৰুতৰ ৰূপ ধাৰণ কৰিলে যে এই বৰ্ষ (২০২৩)ৰ বিশ্ব পৰিৱেশ দিৱসৰ থীম ৰখা হৈছে— Solution to Plastic Pollution: Beat Plastic Pollution (প্লাষ্টিক প্ৰদূষণৰ সমাধান: প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰক)।

পিছে কথা হ’ল, আমি এনে অৱস্থাত পৰিলোঁ যে ইচ্ছা কৰিলেও আমি প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণকৈ এৰিব নোৱাৰোঁ। কিন্তু এৰিব নোৱাৰিলেও প্লাষ্টিকৰ ব্যৱহাৰ আমি কমাবই লাগিব। ইয়াৰ কাৰণবোৰ হৈছে:

(ক) প্লাষ্টিকৰ আৱৰ্জনা পচি নাযায় বাবে এইবোৰ পুৰি বা পুতি পেলোৱা হয়। প্লাষ্টিক পুৰিলে ইয়াৰ ধোঁৱা আৰু গোন্ধে বায়ু প্ৰদূষিত কৰে। পুতিলে মাটি প্ৰদূষিত হয়। এনে প্ৰদূষিত মাটিত হোৱা খেতিৰ ফচলতো প্লাষ্টিক সোমাই যায়। এনে প্ৰদূষণক মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ বোলে। প্লাষ্টিকৰ সৰু কণিকাবোৰ ইমান সৰু যে ইয়াক চকুৰে মনিব নোৱাৰি। প্লাষ্টিক পুৰিলে তৈয়াৰ হোৱা ধোঁৱাই বায়ুলৈ মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ আনিছে। অৰ্থাৎ আমি উশাহতো প্লাষ্টিক গ্ৰহণ কৰিব লগা হৈছে!

প্লাষ্টিক আৱৰ্জনা

  • প্লাষ্টিক আৱৰ্জনা

(খ) বিশ্বত বছৰি ৪০ কোটি টন প্লাষ্টিকৰ সামগ্ৰী তৈয়াৰ হয় আৰু ইয়াৰে ১.৫ কোটি টন অৱৰ্জনাত পৰিণত হৈ সাগৰত জমা হয়। ই সাগৰৰ পানী ইমানেই প্ৰদূষিত কৰিছে যে সাগৰীয় প্ৰাণীৰ প্ৰতি এশটাৰ ভিতৰত নব্বৈটা প্ৰাণীয়েই প্লাষ্টিক খাই মৰে। যিবোৰ সাগৰীয় মাছ মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে, সেই মাছবোৰৰ দেহতো প্লাষ্টিক প্ৰদূষণ হোৱাৰ ফলত মাছ খোৱা মানুহৰ দেহত প্লাষ্টিকৰ কণিকা সোমাইছে। ই মানুহৰ হাওঁফাও, যকৃত আদিত বেয়াকৈ ক্ৰিয়া কৰিছে। আনকি সাগৰৰ পানী বাষ্পীভুত কৰি যি নিমখ আমি তৈয়াৰ কৰিছোঁ, তাতো মাইক্ৰ’প্লাষ্টিকৰ কণিকা পোৱা গৈছে। অৰ্থাৎ প্লাষ্টিক কেৱল অশুৱনি আৱৰ্জনাই হৈ থকা নাই, ই হৈ পৰিছে মৃত্যুদূত!

প্লাষ্টিক প্ৰদূষণ

  • প্লাষ্টিকৰ বটল

(গ) আমি মিনাৰেল ৱাটাৰৰ বটল বুলি যিবোৰ বটল বুকুত সাবটি লৈ ফুৰোঁ, স্কুলবেগত লৈ ফুৰোঁ,— সেই বটলৰ পানীতো মাইক্ৰ’প্লাষ্টিক মিহলি হৈ থাকে। তেনে বটলৰ যিবোৰত ৰ’দৰ তাপ লাগে, তেনে বটলত মাইক্ৰ’প্লাষ্টিক আৰু বেছি থাকে। আনকি প্লাষ্টিকৰ পাইপেৰে অহা পানীতো মাইক্ৰ’প্লাষ্টিক মিহলি হৈ থাকে।

(ঘ) পলিথিনো প্লাষ্টিক আৱৰ্জনাই। বহুতে নামঘৰৰ মাহ-প্ৰসাদো পলিথনৰ মোনাত বান্ধি নিয়ে। তেনে কৰোঁতে আমি নজনাকৈয়ে মাইক্ৰ’প্লাষ্টিক খাই থাকোঁ। এটা হিচাপত কোৱা হৈছে যে প্ৰতি বছৰে যিমানবোৰ প্লাষ্টিক আৱৰ্জনা তৈয়াৰ হয়, তাৰ আধাই পলিথিনৰ মোনা। আমি পলিথিনৰ মোনা ব্যৱহাৰ কৰিবলৈ এৰিলেই আধা প্লাষ্টিক অৱৰ্জনা কমি যাব।

দেখা গৈছে যে মাত্ৰ কুৰিটামান বছৰৰ ভিতৰতে ৪৬০ কোটি বছৰ পুৰণি আৰু জীৱ জগত জীয়াই থাকিব পৰা একমাত্ৰ গ্ৰহটোৰ বায়ু, পানী, মাটি সকলোবোৰ প্ৰদূষিত হ’বলৈ ধৰিছে। গতিকে আমি প্লাষ্টিক ব্যৱহাৰৰ অভ্যাস এৰিবলৈ শপত ল’বই লাগিব।

শব্দাৰ্থ:

  • প্ৰস্তুৰ: শিল
  • লৌহ: লোহা
  • সণ্ঢালনি: সকলোৱে জনা-শুনা, মুকলি
  • ধাতৱ: ধাতুৰে নিৰ্মিত
  • থীম (Theme): বিষয়বস্তু, কেন্দ্ৰীয় বিষয়