দুৰ্গোৎসৱ আৰু বৃক্ষপূজা

  • Published on 17 Oct 2023
দুৰ্গোৎসৱ আৰু বৃক্ষপূজা

প্ৰা চীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা। আনহাতে, দ+উ+ৰ+গ+আ=দুৰ্গা, ইয়াত দ শব্দৰ অৰ্থ দৈত্য নাশক, উ-কাৰৰ অৰ্থ বিঘিনি নাশক, ৰ— ৰোগ নাশক, গ— পাপ নাশক, অ— ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমানবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। যুগে যুগে হিন্দু ধৰ্মৰ শাক্তপন্থী লোকসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়- অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে।

দুৰ্গা পূজা চাৰি দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে— ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’-এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে।

সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ-সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত নবিধ শস্য, যেনে— কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই নবিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।

হিন্দু বিধিমতে ঘট স্থাপন কৰি কৰা পূজাত পঞ্চপল্লৱ ব্যৱহাৰ কৰা হয়। এই পঞ্চপল্লৱ হৈছে— আম, আঁহত, বৰ (বট), জৰি আৰু যজ্ঞডিমৰুৰে সৈতে পাঁচবিধ গছৰ সমষ্টি। পঞ্চপল্লৱ ঘট স্থাপন কৰোঁতে ঘটৰ সোঁমাজত আমৰ ঠালি দি তাৰ আশে-পাশে আন চাৰিবিধৰ ঠালি দিয়া হয়। পঞ্চপল্লৱ পঞ্চদেৱতাৰ নামত অৰ্পণ কৰা হয়। পঞ্চদেৱতা হৈছে— সূৰ্য, গণেশ, দুৰ্গা, শিৱ আৰু বিষ্ণু। তদুপৰি প্ৰতিটো ডালতে পাঁচখিলাকৈ পাত থাকিব লাগে বুলি বিশ্বাস কৰা হয়। দুৰ্গা পূজাত ঘট স্থাপন কৰোঁতে ঘটৰ পানীত ধান, শিলিখা আৰু কঁঠাল গছৰ পাতো দিয়া হয়।

প্ৰকৃতি দুৰ্গোৎসৱ দুৰ্গা পূজা

হিন্দু শাস্ত্ৰ মতে দানৱসকলে যেতিয়া স্বৰ্গ অধিকাৰ কৰি দেৱ-দেৱীসকলক স্বৰ্গৰ পৰা খেদি পঠিয়াইছিল, তেতিয়া তেওঁলোকে এই আঁহত গছৰ তলত আশ্ৰয় লৈছিল বুলি বিশ্বাস আছে। সেয়ে আঁহত গছক পৱিত্ৰ উদ্ভিদ হিচাপে গণ্য কৰি আহিছে। পূজা-পাৰ্বণত ব্যৱহৃত এই গছসমূহে জীৱ জগতৰ অৰ্থনৈতিক দিশত যথেষ্ট অৰিহণা যোগোৱাৰ উপৰিও সেইবোৰ কীট-পতংগ আৰু বিভিন্ন চৰাইৰ আশ্ৰয়স্থল। দেৱ-দেৱীৰ পূজাত পঞ্চপল্লৱ ব্যৱহাৰ কৰা হয় যাতে প্ৰকৃতিৰ বুকুৰ পৰা এই গছসমূহ হেৰাই নেযায়, বহু কাললৈ থাকি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰি সকলো প্ৰাণীৰে মংগল সাধন কৰিব পাৰে। দুৰ্গা পূজাত লাগে বাবেই ভক্তপ্ৰাণ লোকে এই গছ সমূহ সংৰক্ষণ কৰি আহিছে।

প্ৰকৃত ধাৰ্মিকে সদায় ধৰ্মৰ বাহ্যিকতাতকৈ অভ্যন্তৰীণ আৰু দৰ্শনগত, আধ্যাত্মিক দিশটোতহে প্ৰাধান্য দিয়ে। বৰ্তমান পূজাৰ যি বাহ্যিক ৰূপ দেখিবলৈ পোৱা যায়, এই ৰূপে পৰিৱেশ প্ৰদূষিতহে কৰিছে। সেয়ে দুৰ্গা পূজা উদযাপন হ’ব লাগিব মানুহৰ সমন্বয়-সম্প্ৰীতি, সুখ-সমৃদ্ধিৰ উদ্দেশে, সমাজৰ বিকাশ, পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত।

লেখকৰ ঠিকনা: বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও, গোলাঘাট