সত্যনাথ বৰাৰ ‘সাৰথি’: জীৱন বাটৰ লগৰী

  • Published on 22 Aug 2023
সত্যনাথ বৰাৰ ‘সাৰথি’: জীৱন বাটৰ লগৰী

সমীয়া সাহিত্যৰ মহান গ্ৰন্থসমূহৰ ভিতৰত সত্যনাথ বৰা (জন্ম: ১৮৬০, মৃত্যু: ১৯২৫)ৰ ‘সাৰথি’ এখনি লেখত ল’বলগীয়া গ্ৰন্থ। মানৱ জীৱনৰ দিক-দৰ্শকৰূপী এই গ্ৰন্থখনি চাৰিটা ভাগত ভগোৱা হৈছে। প্ৰথম ভাগত ৮টা, দ্বিতীয় ভাগত ৯টা, তৃতীয় ভাগত ১০টা আৰু চতুৰ্থ ভাগত ৭টা প্ৰবন্ধৰে সৰ্বমুঠ ৩১টা প্ৰবন্ধ এই গ্ৰন্থত সন্নিবিষ্ট হৈছে।

১ম ভাগত মনুষ্য জীৱনৰ লক্ষ্য, বিদ্যা, পুথি অধ্যয়ন,বৰ লোকৰ চৰিত্ৰ অধ্যয়ন, বস্তুবিজ্ঞান অধ্যয়ন, বিশ্ব অধ্যয়ন, দেশ ভ্ৰমণ আৰু চিন্তাৰ বিষয়ে আলোকপাত কৰা হৈছে, যিবোৰৰ যোগেদি মানুহে কিদৰে জীৱনত উদ্গতি কৰি আগুৱাই যাব পাৰিব, তাৰ বহল ব্যাখ্যা আগবঢ়োৱা হৈছে। এই দিশবোৰ মানি চলিলে মানুহে জীৱনত উদ্গতি নকৰাৰ অৰ্থ থাকিব নোৱাৰে।

২য় ভাগত চৰিত্ৰ, দয়া, ন্যায়শীলতা, ক্ৰোধ, লোভ, অহংকাৰ, মিছলীয়া চৰিত্ৰ শুধৰণৰ উপায় আৰু অন্যৰ প্ৰতি ব্যৱহাৰ আদি বিষয়ে আলোচনা কৰা হৈছে। মানৱ জীৱনৰ উদ্গতিত এইসমূহে সাৰথিৰ দৰে কাম কৰি জীৱনটো আগুৱাই লৈ যায়। উদাহৰণ স্বৰূপে, খং বা ক্ৰোধ এক দুষ্ট প্রবৃত্তি, কিন্তু মানৱ জীৱনত ইয়াৰ প্ৰয়োজনীয়তাও নুই কৰিব নোৱাৰি। সৎভাৱে ব্যৱহাৰ কৰিব জানিলে ই মহৌষধৰ দৰে কাম কৰে।

সাৰথি

৩য় ভাগত কৰ্ম, শ্ৰম, উৎসাহ, অভ্যাস, ছেগ, হেমাহি, প্ৰতিজ্ঞা, কৰ্তব্য জ্ঞান, ধনৰ ব্যৱহাৰ আৰু ৰাগীয়াল বস্তুৰ ওপৰত আলোচনা কৰা হৈছে। এই আটাইবোৰ দিশৰেই আমাৰ জীৱনত প্ৰয়োজন আছে। এইবোৰৰ ভাল-বেয়া দিশবোৰ আমি নিজে ঠাৱৰ কৰি জীৱনৰ উদ্গতিত তাক হাতিয়াৰ স্বৰূপে ব্যৱহাৰ কৰিব লাগিব।

৪ৰ্থ ভাগত সত্যনাথ বৰাদেৱে স্বাস্থ্য, বাসৰ ঠাই, বাসৰ ঘৰ, ভোজন, শয়ন, শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা আৰু ব্যায়াম সম্পৰ্কে আলোকপাত কৰিছে। এটি সুন্দৰ স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি এটি নিৰোগী জীৱন সজাই তুলিব পাৰিলেহে পূৰ্ণাংগ মানৱ জীৱনৰ অধিকাৰী হৈ জীৱনত উন্নতি কৰিব পাৰি।

‘সাৰথি’ত উল্লেখিত চাৰিটা ভাগৰ প্ৰতিটো প্ৰবন্ধৰ প্ৰতিটো শাৰীয়েই ইমান গুৰুত্বপূৰ্ণ যে সেই সমূহৰ এটা শাৰী বাদ দিও আলোচনা কৰা সম্ভৱ নহয়। তথাপি আমি ইয়াত দুই-এটা প্ৰবন্ধৰ এটি-দুটি বাক্য কবলৈ চেষ্টা কৰিম।

‘সাৰথি’ৰ অন্তৰ্গত প্ৰথম ভাগৰ প্ৰথম প্ৰবন্ধ ‘মনুষ্য জীৱনৰ লক্ষ্য’ত বৰাদেৱে লিখিছে— “সংসাৰত উদ্গতি কৰাই মানুহৰ জীৱনৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদ্গতিৰ ওৰ আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম।” অৰ্থাৎ উদ্গতি মানে অন্ন-বস্ত্ৰ-গৃহৰ সা-সুবিধা হ’লে হাত সাবটি বহি থকা নহয়। বৰং কিদৰে সৎভাৱে আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰি, তাৰ বাবে চেষ্টা কৰা উচিত। মনুষ্য জাতিৰ উদ্গতিৰ কোনো নিৰ্দিষ্ট সীমা নাই, আচলতে লাগি থকাটোৱেই উদ্গতিৰ দুৱাৰ। সেয়ে কোৱা হয়— লাগি থাকিলে মাগি নাখায়।

‘পুথি অধ্যয়ন’ প্ৰবন্ধত বৰাদেৱে লিখিছে— “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়। মূলধন নহ’লে যিদৰে ধন আৰ্জিবলৈ টান, তেনেদৰে পুথি অধ্যয়ন নহ’লে বিদ্যা আৰ্জিবলৈ টান।”

অহংকাৰ সম্পৰ্কে ক’বলৈ গৈ লেখকে কৈছে যে অহংকাৰী মানুহৰ পৰম বিভূতি হৈছে অহংকাৰ, সেয়া অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে। অহংকাৰীয়ে কেতিয়াও আনৰ অনুগ্ৰহ মানি ল’বলৈ টান পায়।

তৃতীয় ভাগৰ ‘শ্ৰম’ প্ৰবন্ধত বৰাদেৱে লিখিছে— “শ্ৰমেই হৈছে সিদ্ধিৰ অমোঘ অস্ত্ৰ, কু-চিন্তাৰ পৰম ঔষধ। ই অসাধ্যকো সাধন কৰে। পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ।”

ভোজন সম্পৰ্কে ক’বলৈ গৈ লেখকে লিখিছে— “ভোকত ভাত, পিয়াহত পানী; ই নহ’লে কোনেও জীৱন ধৰিব নোৱাৰে। কিন্তু সেয়ে অতিৰিক্ত হ’লে স্বাস্থ্যৰ অপকাৰ কৰে। অতিভোজন ৰোগৰ মূল, এই এটা নীতিবচন। অতিভোজনৰ কাৰণে লোভ। লুভীয়া মানুহে ভাল বস্ত পালে ঠিহাই খায়, জিভাৰ জুতিত স্বাস্থ্যলৈ একেবাৰে পাহৰে।”

মুঠতে ক’ব পাৰি, ‘সাৰথি’ গ্ৰন্থখনি কেৱল এখনি গ্ৰন্থ নহয়, এইখনি মানৱ জীৱনৰ উদ্গতিৰ লগৰী, জীৱনৰ সাৰথি যিয়ে আমাক জীৱনৰ হেজাৰ বিপদ-বিঘিনি, ঘাত-প্ৰতিঘাত দূৰ কৰি সফল হোৱাত সহায় কৰে।

সম্পাদকৰ টোকা:

মইনাহঁত, ‘সাৰথি’ কিতাপখনৰ কপিৰাইট ইতিমধ্যে উকলি গৈছে (কপিৰাইট মানে হৈছে লেখক বা প্ৰকাশকৰ কিতাপখনৰ ওপৰত থকা স্বত্ব। ভাৰতত লেখকৰ মৃত্যৰ ষাঠি বছৰ পাৰ হ’লে কপিৰাইট উকলি যায়, তেতিয়া কিতাপখন সকলোৱে মুকলিভাৱে ব্যৱহাৰ কৰিব পাৰে। কপিৰাইট সম্পৰ্কে বিতংভাৱে এদিন আলোচনা কৰিম।), সেয়েহে কিতাপখন বৰ্তমান ইণ্টাৰনেটত উপলব্ধ হৈ আছে। তোমালোকে বা অভিভাৱকে ইচ্ছা কৰিলে ৱিকিমিডিয়া কমন্সৰ পৰা ডাউনলোড কৰি কিতাপখন পঢ়িব পাৰা।

লেখকৰ ঠিকনা: দিগন্ত বৈশ্য, গাওঁ/ ডাক: শুৱালকুছি, পদ্মৰাম কাকতি পথ, কামৰূপ