বোন্দাকাইৰ কথা

  • Published on 01 Jul 2023
বোন্দাকাইৰ কথা

গি ৰিহঁতনীয়ে পুঠিমাছ দুটামান চৌকাত সুমুৱাই থৈ গৈছে। অঙঠাকেইটা খুচৰি ছাইৰ মাজত সুমুৱাই দিয়া মাছকেইটা এতেপৰে সিজিল। জুই নথকাত ডেই যোৱাও নাই। পোৰামাছৰ মলমলীয়া গোন্ধটোৱে বোন্দাক পাকঘৰলৈ টানি আনিলে।

বোন্দাই ইফালে-সিফালে চাই কোৱাৰি চেলেকিলে। দুই-এবাৰ হাতোৰাৰে ছাইখিনি খুচৰি চাবলৈও চেষ্টা কৰিলে। নোৱাৰি, বৰ গৰম। কিছুদিনৰ আগতে লোভৰ বাবেই হাতোৰা পুৰিছিল। তাৰ মনত আছে। গতিকে সি সাহ নকৰিলে।

শালিকাকেইটাৰ সকলোতে অবাধ গতি। কেবল দুৱাৰ-খিৰিকী খোলা পালেই হ’ল। বোন্দা অহা বাটটোৱেদি শালিকা এহালো সোমাই আহিল।

‘কি কৰিছা বোন্দাকাই?’— শালিকাই সুধিলে।
‘দেখা নাই কি কৰিছোঁ? মাছ ৰখিছোঁ।’— বোন্দাই উত্তৰ দিলে।
‘মাছ ৰখিছা? মেকুৰীয়ে মাছ ৰখে? কোনে ৰখীয়া পাতিলে, গিৰিহঁতনীয়ে?’
‘ওলা, ওলা বুলিছোঁ, সাহ পাই গৈছে।’— বোন্দা খেংখেঙাই উঠিল।

‘উদক ভেটাৰখীয়া’— কৈ কৈ শালিকাকেইটাই লচ্পচ্‌কৈ গৈ টেবুলৰ তলত পৰি থকা চিৰাকেইটা বুটলি খাবলৈ ধৰিলে।

হঠাৎ গিৰিহঁতনী সোমাই আহি পোনে পোনে চৰুৰ কাষলৈ গ’ল। তেওঁ মাছ পোৰাৰ কথা পাহৰিয়ে গৈছিল। বোন্দাক দেখি ‘নগলিনে এইপাত’ বুলি ডোখৰা খৰি এডাল তাৰ গালৈ দলিয়াই দি ছাইখিনি খুচৰি মাছকেইটা উলিয়ালে। খেদা খাই বোন্দাই ইফালে-সিফালে চালে— শালিকাই দেখিলে নেকি? নিজৰ ভাষাতে কিচিৰ মিচিৰ কৰি শালিকাহালে সিঞাৰি দিলে। বোন্দা একেজাপে শালিকাৰ ওচৰ পালে— ‘নেলুটোহঁত ছিঙি থওঁ ৰ।’ ভুৰুংকৈ উৰি গৈ শালিকাহাল বাৰীত দিবলৈ আনি থোৱা গোবৰৰ দমটোৰ ওচৰত পৰিলগৈ আৰু গোবৰ খুচৰিবলৈ লাগিল ।

বোন্দাই গিৰিহঁতনীৰ সাতপুৰুষ উদ্ধাৰি মনে মনে গালি পাৰি থাকিল— নির্বংশ হওক, সকলো মৰক, তেতিয়া সকলো খাম।

মেকুৰীটো পাকঘৰত সোমোৱা স্বভাৱটো ভলুকাই ভাল নাপায়। ভলুকা ভিতৰ সোমোৱাহে নালাগে, বাৰাণ্ডাখনতে নুঠে। ই বোন্দাই কথা নাই, কাণ্ড নাই— সুবিধা পালেই পাকঘৰ সোমায়। লাজ-বিজৰ সঁচ নাই। সিদিনা সেয়া গাখীৰৰ চচ্‌পেনত মুখ দিছিলেই। ভাগ্যে গিৰিহঁতনীয়ে দেখিলে। নহ’লে সেই গাখীৰকে মাইনাক খুৱালেহেঁতেন। সেইদিনা পোৱা ফলা খৰিৰ মাৰ বোন্দাই পাহৰিলেই।

‘নিজে কষ্ট কৰি নিগনি-চিগনি এটা ধৰি খাব নোৱাৰে। এনে নিলাজ!’— ভলুকা গৰ্গৰাই উঠিল।

বোন্দাই তভক মাৰি অকণ ৰৈ ভলুকালৈ চালে। এনেয়ো বোন্দা আৰু ভলুকাৰ চকুৱে চকুৱেই নপৰে। তাতে এতিয়া ভলুকাই বোন্দাক কথা শুনাবলৈ আহিছে।

‘তোৰ খাইছোঁনে কিবা, মনে মনে থাক’ বুলি ভেকাহি এটা মাৰি বোন্দাই ফেপেৰি পাতি ধৰিলে। ‘নিজে গিৰিহঁতে দিয়া ভাতকেইটালৈকে আশা পালি থাক, চৰাই-চিৰিকটি এটাও ধৰি খাব নোৱাৰ। কেৱল চুৱাপাত চেলেক। তাৰ আকৌ বৰ কথা কিনো নুশুনিবা?’— কথাকেইটা কৈ কৈ বোন্দাই খৰ খোজেৰে গৈ জাপ মাৰি ভঁৰালত উঠিলগৈ।

ভঁৰালটোত কঠালগুটীয়া নিগনিৰ অবাধ ৰাজত্ব। ডালশলীয়াও নথকা নহয়। দিনত অলপ তাপ মাৰি থাকে। কিন্তু গধূলি হ'লেই সিহঁতৰ ব্যস্ততা বাঢ়ে। বোন্দাই এনেয়ে সিহঁতলৈ বৰকৈ কাণসাৰ নিদিয়ে। আগেদি পাৰ হৈ গ’লেও থাপ এটা মাৰি ধৰিবলৈকো এলাহ কৰে। কেতিয়াবা বৰকৈ ভোক লাগিলে আৰু উপায় নাপালেহে সিহঁতক বিচাৰি যায়। নহ’লে গিৰিহঁতৰ ঘৰত মাছ-গাখীৰৰ অভাৱ নাই। খাব জানিলেই হ’ল। আজি পিছে বোন্দাৰ বৰ খং উঠিছে। গিৰিহঁতনীয়ে তালৈ খৰিডাল দঙাতে শালিকা আৰু ভলুকাই পাই তাক বৰ লাজ দিলে। ইমান অপমান সহি কোনে লোকৰ খায়? বোন্দাই কিছুপৰ জোপ লৈ থাকি খপ্‌কৈ কঁঠালগুটীয়া নিগনি এটা ধৰি পেলালে।

‘কি কষ্ট কৰি খাব নোৱাৰোঁ বুলি ভাবিছ? তইহে লোকে নিদিলে একো এটা কৰি খাব নোৱাৰ। কটা ভতুৱা!’— ভলুকাক উদ্দেশ্যি কথাকেইটা কৈ কৈ বোন্দাই খিৰিকীৰ ওপৰৰ চালখনলৈ জাঁপ মাৰি উঠিল আৰু ভলুকাক দেখুৱাই নিগনিটো খাবলৈ ধৰিলে।

শব্দাৰ্থ:

  • এতেপৰে: ইমান পৰে, ইমান সময়ে
  • মলমলীয়া: সুগন্ধ নিৰ্গত হোৱা, খাবলৈ লোভ লগোৱা গোন্ধ যুক্ত
  • হাতোৰা: চিকাৰী জন্তুৰ আগ ঠেং
  • নিৰ্বংশ: বংশ নাশ হোৱা

লেখকৰ ঠিকনা: আভা বৰা, নগাঁও