শিয়াল আৰু নেউল কিয় গাঁতত থাকে

  • Published on 18 Feb 2024
শিয়াল আৰু নেউল কিয় গাঁতত থাকে

ৰমৰ অকণিহঁত, তোমালোকে নিশ্চয় জানা যে শিয়াল আৰু নেউল গাঁতত থাকে। কিয় থাকে বাৰু? আহাঁ, এই বিষয়ে এটা বিদেশী সাধু শুনো।

পূৰ্বতে পশুৰাজ সিংহৰ বাহিৰে আন কোনো জন্তুৰ নেজ নাছিল। নেজ নথকাৰ বাবে সিহঁতৰ মহ-মাখি খেদোৱাত অসুবিধা হয়, ফলত টোপনিত ব্যাঘাত জন্মে।

শিয়াল আৰু নেউল

পশুৰাজে নেজেৰে মহ-মাখি খেদাই নিচিন্ত মনে শুই থকা দেখি জন্তুবোৰে গৈ পশুৰাজক জনালে যে সিহঁতকো নেজ লাগে। পশুৰাজ সিংহই ভাবিলে, কথাটো মিছা নহয়। সকলো জন্তুক নেজ দিবৰ বাবে সিংহই ভগৱানক প্ৰাৰ্থনা জনালে। ভগৱানেও সিংহৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ বিভিন্ন ধৰণৰ নেজ পশুৰাজৰ ওচৰলৈ পঠাই দিলে। নেজবোৰৰ কোনোবাডাল নোমাল, কোনোডাল লাঠীৰ দৰে টান আৰু মূৰত এটা নোমৰ মুঠা। সিংহই ভাবিলে জন্তুবোৰে নিজে নেজ বাছি ল’লে কাৰোঁ আপত্তি নাথাকিব। সেয়ে জন্তুবোৰৰ যাক যেনে নেজ লাগে লৈ যাবলৈ পশুৰাজে খবৰ পঠালে।

নেজৰ খবৰ পাই জন্তুবোৰৰ মাজত দৌৰাদৌৰি লাগিল। নেজ নিবলৈ শিয়াল আৰু ঘোঁৰা প্ৰথমেই পালেহি। শিয়ালে পশুৰাজক সেৱা কৰি ক’লে— “মহাৰাজ, আমি প্ৰথমে আহিছোঁ। আপোনাৰ অনুমতি পালে আমি নেজ বাছি ল’ব পাৰিম।” শিয়ালৰ কথা শুনি পশুৰাজে অনুমতি দিলে। ৰজাৰ অনুমতি পাই শিয়াল আৰু ঘোঁৰাই নিজৰ পচন্দৰ নেজ বাছি ল’লে।

শিয়াল আৰু নেউল

শিয়ালৰ পাছত কেৰ্কেটুৱা আহিল। সি নেজবোৰৰ মাজৰ পৰা নোমাল নেজ এডাল বাছি ল’লে। এইদৰে পহু, নিগনি, জহামাল আদিয়েও নিজৰ নিজৰ পচন্দমতে নেজ নিলেহি। সকলো জন্তু আহিল। বাকী থাকিল ভালুক। ৰজাই জাননী পঠাওঁতে ভালুক শুই আছিল। জাননী দিয়াজনে ভালুকক জগাই ৰজাৰ ওচৰৰ পৰা নেজ আনিবলৈ ক’লে। ভালুকে ভাবিলে— ৰজাৰ ঘৰ বহুত দূৰত, ভালকৈ খাই নগ’লে ভোক লাগিব। সি এখোজ-দুখোজকৈ গৈ থাকোঁতে গছ এজোপাৰ ধোন্দত মৌবাহ থকা বুলি গম পালে। ভালুকে আনন্দ মনে মৌ খোৱাত লাগিল। মৌ খাওঁতে গাত মৌৰস পৰি গাতো এঠাএঠি হ’ল। ভালুকে চেলেকি চেলেকি গাৰ পৰা মৌৰ এঠা গুচালে যদিও ৰজাৰ ওচৰলৈ যাব পৰাকৈ চফা নহ’ল। সেয়ে ভালকৈ চফা হ’বলৈ নদীত গা ধুবলৈ গ’ল। গা ধোৱাৰ লগতে সি দুটামান মাছো খালে।

শিয়াল আৰু নেউল

নদীৰ পৰা উঠি ভালুকে গা শুকাবলৈ ৰ’দতে দীঘল দি পৰিল। গা শুকাই মানে ভালুকৰ আহিল নহয় টোপনি! টোপনিৰ পৰা সাৰ পায় মানে বেলি পৰিল। সি ৰজাৰ ওচৰ পোৱালৈ নেজ শেষ হৈ থাকিল। ভালুকে কাৰোবাৰ পৰা নেজ এডাল কাঢ়িবলৈ এখোজ-দুখোজকৈ গৈ থাকোঁতে নেউলে তাৰ ধুনীয়া নেজডাল চাই বহি থকা দেখিলে।

শিয়াল আৰু নেউল

ভালুকে নেউলৰ ওচৰলৈ গৈ ক’লে— “বোপাই, তোমাকনো ইমান দীঘল নেজডাল কেলৈ, সেইডাল মোকেই দিয়া।” কথা শুনি নেউল জাপ মাৰি পলাব খুজিলে যদিও ভালুকে থাপ মাৰি নেউলৰ নেজডাল ছিঙি পেলালে। নেউল ভয়তে ছিঙা নেজ লৈ গাঁতত সোমাল। ইফালে শিয়ালে দূৰৰ পৰা ভালুকৰ কাণ্ড চাই আছিল। সিয়ো নিজৰ নেজডাল হেৰুৱাব লগা হয় বুলি ওচৰৰে গাত এটাত সোমাল। সেই দিন ধৰি নেউল আৰু শিয়ালে গাঁতত থাকিবলৈ ল’লে।

লেখকৰ ঠিকনা: জ্যোতিস্মিতা গোস্বামী শৰ্মা, নিবেদিতা গোস্বামী মেম’ৰিয়েল ইনষ্টিটিউট, সুৰ-সংগম, ৰৰৈয়া, যোৰহাট-৪