কাউৰী আৰু হাইঠা

  • Published on 16 Jul 2023
কাউৰী আৰু হাইঠা

খন নৈৰ পাৰত এজোপা ডাঙৰ আহঁত গছ আছিল। গছজোপাত এহাল কাউৰীয়ে বহু বছৰ ধৰি বাহ সাজি বাস কৰি আছিল। গছজোপাৰ পকা পকা গুটি খাবলৈ বিভিন্ন চৰাই আহে। ৰং-বিৰঙৰ চৰায়ে গছজোপা মুখৰিত কৰি ৰাখে।

পূৰঠ গুটি খাবলৈ এই গছজোপালৈ পাহাৰৰ পৰা মাজে মাজে এহাল হাইঠা চৰাইও আহে। এনেদৰে আহি থাকোঁতে থাকোঁতে কাউৰী দুটাৰ লগত হাইঠা দুটাৰ বন্ধুত্ব হ’ল।

কাউৰী আৰু হাইঠা

আগতে হাইঠা চৰাই দুটা গছজোপালৈ মাজে মাজেহে আহিছিল। কিন্তু কাউৰীহালৰ লগত বন্ধুত্ব হোৱাৰ পাছত সদায়ে অহা হ’ল। ৰাতিপুৱা আহি কাউৰীহালৰ লগত হাঁহি-ধেমালি কৰি গছৰ গুটি খাই ফুৰি-চাকি পাহাৰলৈ গুচি যায়গৈ।

কেতিয়াবা কিবা কাৰণত হাইঠা দুটা অহা পলম হ’লে কাউৰী দুটাই ছট্‌ফটাই থাকে। সিহঁতৰ কিবা হ’ল নেকি, চিন্তা কৰে। ভয়ো কৰে। কাৰণ মানুহ নামৰ প্ৰাণীবিধ যে সিহঁতৰ শত্ৰু, কাউৰীয়ে ভালকৈ জানে। সিহঁতকো ফৰ্মূটি মাৰি খেদে। কেতিয়াবা গুলটি লৈ সিহঁতক মাৰে। কেইদিনমানৰ পৰা কাউৰীহালে মানুহ এটাক এইফালে অহা-যোৱা কৰা দেখিছে।

মানুহটো গছজোপাৰ তললৈকে আহি অলপ সময় ৰৈ ইফাল-সিফাল কৰি যায়গৈ। তাৰ হাতত অৱশ্যে একো অস্ত্র-শস্ত্ৰ সিহঁতে দেখা নাছিল। কিন্তু ঠিকতো নাই! সি বা কি মতলব লৈ গছজোপাৰ তললৈ আহিছে!

মানুহটোক দেখি মাইকী কাউৰীজনীয়ে মতা কাউৰীটোক সুধিলে— “চিকাৰী নহয়তো?”
“হ’বও পাৰে! মানুহটোৱে যেনেকৈহে চায়! মোৰ সন্দেহ হয়, সি হাইঠা দুটাক চাবলৈ আহে নেকি।”— মতা কাউৰীটোৱে ক’লে।
“এৰা, মানুহটো আহিলে আমি তাক লক্ষ্য কৰি থাকিব লাগিব।”— মাইকী কাউৰীজনীয়ে ক’লে আৰু সেইদিনাৰ পৰা সিহঁতে মানুহটো অহা দেখিলেই পাতৰ আঁৰৰ পৰা তাক লক্ষ্য কৰি থাকে।

আচলতে মানুহজনে হাইঠা চৰাই দুটা দেখিছিল। সেই কাৰণে হাইঠাহালৰ গতি-বিধি চাবলৈ আহে। চৰাই দুটা কিমান সময়ত গছজোপালৈ আহে আৰু কিমান সময় থাকে, তাকে নিৰীক্ষণ কৰে।

মানুহজন কেইবাদিনো নহাকৈ আছিল। কাউৰীহালে মানুহজনক মিছাকৈয়ে সন্দেহ কৰা বুলি ভাবি হাইঠা দুটাৰ আগত মানুহজনৰ কথা ক’লে।

কাউৰী আৰু হাইঠা

হাইঠা দুটাই মানুহৰ নাম শুনিয়েই ভয় খালে আৰু মানুহে যে মাংসৰ লোভতে সিহঁতক মাৰে, তাকো ক’লে। লগতে সিহঁতৰ মাক-দেউতাকক মানুহেই মাৰিলে বুলি দুখ কৰিলে। সিহঁত দুটা তেতিয়া সৰু আছিল। হাইঠাৰ গোটেই জাকটো আঁহতৰ পূৰঠ গুটি খাবলৈ আহোঁতে মানুহে কেইবাটাও হাইঠা গুলীয়াই মাৰিছিল। সেই হাইঠাকেইটাৰ মাজত সিহঁতৰ মাক-দেউতাকো আছিল আৰু তেতিয়াৰ পৰাই সিহঁত জাকৰ লগত নাথাকি অকলে থাকে।

এদিন কাউৰী দুটাৰ সৈতে হাইঠা চৰাই দুটা ওচৰতে থকা হাবিখনলৈ ফুৰিবলৈ গ’ল। হাবিখন আকৌ নৈ এখনৰ পাৰত। নৈৰ পাৰে পাৰে ঘূৰি ঘূৰি আহোঁতে কাউৰী দুটাই অমিতা এটা লৈ আনিলে। যাওঁতে সিহঁতে সেই দুটা মানুহ এঘৰৰ বাৰীত দেখি গৈছিল। হাইঠা দুটাই কেতিয়াও পকা অমিতা খাই পোৱা নাছিল। প্রথমবাৰৰ বাবে অমিতা খাই সিহঁতে বৰ ভাল পালে। পকা অমিতা খাই খাই সিহঁত চাৰিওটা কথা পতাত ব্যস্ত হৈ পৰিল।

হাইঠা চৰাইটোৱে ক’লে— “এদিন তোমালোকক আমি থকা পাহাৰটোলৈ লৈ যাম। যাবানে?”
“যাম যাম, নিশ্চয় যাম। দূৰৈৰ পৰাহে দেখিছোঁ।”— কাউৰীটোৱে ক’লে।
“মোৰো বৰ মন যায়। পাহাৰত কিমান যে গছ আছে! গছে গছে জঁপিয়াই ফুৰিবলৈ বৰ ভাল লাগিব।”— কাউৰীজনীয়ে ক’লে।
“ধনেশ পক্ষীকো বহুত দিন দেখা নাই। পাহাৰলৈ গ’লেই লগ ধৰি আহিম।”— কাউৰীটোৱে ক’লে।

এনেদৰেই সিহঁত কথা পতাত মচগুল হৈ পৰিল। ইমান মিঠা ফল খুওৱাৰ বাবে হাইঠা দুটাই কাউৰী দুটাক ধন্যবাদ দিলে।

সিহঁত চাৰিওটাই হাঁহি-ধেমালি কৰি অমিতা খাই থাকোঁতে গছজোপাৰ তলত যে দুজন মানুহ আহি উপস্থিত হ’ল, সিহঁতে গমেই পোৱা নাছিল। আগতে অহা মানুহজনে আৰু এজন মানুহ লৈ আহি এনেদৰে লুকাই আছিল যাতে সহজতে কাৰো চকুত নপৰে।

কাউৰী আৰু হাইঠা

অমিতা খাই থাকোঁতে কাউৰীজনীৰ মুখৰ পৰা অকণমান অমিতা সৰি পৰিল। তাই তেতিয়া তললৈ চালে। তলত দুটা মানুহ দেখি তাইৰ বুকু কঁপি উঠিল। মানুহ এটাই ইতিমধ্যে বন্দুক টোঁৱাইছিল হাইঠালৈ বুলি। কাউৰীজনীৰ বুজিবলৈ আৰু বাকী নাথাকিল।

তাই ‘পলোৱা সখী, পলোৱা’ বুলি কৈ হাইঠা দুটাৰ আগত পাখি দুখন মেলি ধৰিলে। হাইঠা দুটাই একো বুজি নাপালে যদিও উৰি গৈ দূৰৈৰ গছ এজোপাত পৰিল। তেতিয়াহে হাইঠা দুটাই মানুহ দুটাক দেখিলে। কাউৰীহালো উৰি গৈ হাইঠা দুটাৰ ওচৰ পালেগৈ।

কাউৰীটোৱে হাইঠাহালক সদায় আহিবলৈ হাক দিলে। হাইঠা দুটাই সিহঁতক বচোৱাৰ বাবে কৃতজ্ঞতা জনাই জীৱনত নাপাহৰাৰ প্রতিশ্রুতি দি পাহাৰলৈ বুলি উৰা মাৰিলে। কাউৰী দুটাই সিহঁত উৰি যোৱাৰ ফালে ৰ লাগি চাই থাকিল।

শব্দাৰ্থ:

  • পূৰঠ: পৈণত, পকা
  • মতলব: উদ্দেশ্য, অভিপ্ৰায়
  • মচগুল: কিবা কথাত ব্যস্ত হৈ আন সকলো পাহৰি যোৱা

লেখকৰ ঠিকনা: মাতু হাজৰিকা, সূৰ্যপুৰ তিনিআলি, পাভৈ পথ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬