শহাপহু আৰু ঘোঁৰা
- Published on 11 Nov 2023
কি ছুদিনৰ আগৰ কথা। এঘৰ মানুহৰ এটা ঘোঁৰা আছিল। এদিন হাবিত ঘাঁহ খাই থাকোঁতে ঘোঁৰাটোৰ এটা শহাপহুৰ সৈতে চিনাকি হ’ল। কেৱল চিনাকি হোৱাই নহয়, শহাপহু আৰু ঘোঁৰা লাহে লাহে ভাল বন্ধু হৈয়ো পৰিল। কিন্তু লাহে লাহে ঘোঁৰাৰ কামৰ বোজা বাঢ়িল, ফলত হাবিলৈ আহিব নোৱৰা হ’ল। গৃহস্থই কাটি দিয়া ঘাঁহ খাই পেট ভৰাবলগীয়া হ’ল আৰু বন্ধু শহাকো লগ নোপোৱা হ’ল। অৱশ্যে মাজে মাজে শহাই আহি লগ ধৰেহি।
শহা অহাৰ কথাটো মানুহ কেইজনমানে গম পাই শহাটোক মাৰিবলৈ জাল পাতি চোপ লৈ থাকিল। ঘোঁৰাটোৱে সকলো দেখি আছিল। শহাক অহা দেখিয়েই ঘোঁৰাই যেনেতেনে শহাক বিপদৰ আগজাননী দিলে। শহা কোনোমতে বাচিল আৰু সেইদিনাৰ পৰা শহাই ঘোঁৰাক লগ কৰিবলৈ নহা হ’ল। ঘোঁৰাটোৱেও যাবলৈ সুবিধা পোৱা নাছিল।
হঠাৎ মানৱ জাতিৰ মাজত এটা ভয়ংকৰ ৰোগৰ আগমন ঘটিল। মানুহবোৰে সকলো কাম-কাজ এৰি ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ বাধ্য হ’ল। গৃহস্থই ঘোঁৰাক হাবিত ঘাঁহ খাবলৈ এৰি দিলে। সেই সুযোগতে ঘোঁৰাই শহাক বিচাৰি গ’ল। শহাই কিন্তু ঘোঁৰাই বিচাৰি অহা কথাৰ উমান পোৱা নাছিল। সি একান্তমনে দূবৰি বন বিচাৰি খাই আছিল।
দূৰৰ পৰাই শহাক দেখি ঘোঁৰা আৱেগিক হৈ পৰিল। কোনোমতে নিজক সম্বৰণ কৰি ঘোঁৰাই শহাক মাত লগালে— “বন্ধু, ভালে আছানে?”
তেতিয়াহে শহাই ঘোঁৰাক দেখিলে আৰু ক’লে— “অ’ বন্ধু, বহুত দিনৰ মূৰত তোমাক দেখি বৰ ভাল লগিছে। আছোঁ আছোঁ, ভালে আছোঁ। তোমাৰ খবৰ কোৱা।” ইমান দিনৰ মূৰত ঘোঁৰাক দেখি শহাপহুটোও আৱেগিক হ’ল।
“মোৰো ভাল বন্ধু। আজি ভালেমান দিন হ’ল বৰ সুখেৰে আছোঁ, গৃহস্থৰ একো কাম কৰিব লগা হোৱা নাই। মোক ঘাঁহ খাবলৈ এৰি দি তেওঁলোক ঘৰৰ ভিতৰতে সোমাই থাকে।”
ঘোঁৰাৰ কথা শুনি শহাই ক’লে— “বন্ধু, মানুহ কাম-বন বাদ দি ঘৰৰ ভিতৰত সোমাই থকা ভকত নহয়। নিশ্চয় কিবা কাৰণ থাকিব লাগিব।”
“আছে আছে, ডাঙৰ কাৰণ আছে। এটা বেমাৰৰ ভাইৰাছ ওলাইছে। মানুহে নাম দিছে— কোভিড-১৯ অৰ্থাৎ ক’ৰোনা ভাইৰাছ ডিজিজ-২০১৯। গোটেই বিশ্বতে ই মহামাৰীৰ ৰূপ লৈছে। বৰ সাংঘাতিক এই ভাইৰাছটো। এজনৰ পৰা আন এজনৰ গালৈ বিয়পে। আমাৰ ইয়াতো হৈছে। ক’ৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ গোটেই মানুহবোৰ তলাবদ্ধ হৈ ঘৰতে সোমাই আছে।”
“এ হয় নেকি? সেয়েহে বাটে-পথে মানুহ দেখা নাই। যি হয়, ভালেই হয় দিয়া। কেইদিনমান আমি শান্তিৰে থাকিব পাৰিম।”
তেনেকৈ ক’লে যদিও শহাই পেটে পেটে বৰ ভয় খালে। সঁচাকৈয়ে যদি মানুহ পৃথিৱীৰ পৰা নোহোৱা হৈ যায়?
“এৰা। পৃথিৱীৰ আন জীৱক মৃত্যুৰ ভয় দেখুওৱা মানুহে নিজেই মৃত্যুৰ ভয়ত ঘৰত সোমাই থাকিবলগীয়া হৈছে। এইটো কম দুখৰ কথানে?”
এনেদৰে বহু সময় দুয়োটাই কথা পাতিলে। ইমান দিনে ক’বলৈ জমা হৈ থকা কথাবোৰ এফালৰ পৰা কৈ গ’ল পৰস্পৰক। এনেকৈ প্ৰায় গোটেই দিনটো ঘূৰি-ফুৰি কোমল কোমল ঘাঁহ খাই খাই কথা পাতিলে।
ঘোঁৰাই তাৰ মাজতে ক’লে— “অৰণ্যৰ আন আন জীৱবোৰকো মানৱ জাতিৰ বিপদৰ খবৰটো দিবা। সকলোৱে কিছুদিন মুকলিকৈ থাকিব পাৰিব। পিছে এটা কথা মনত ৰাখিবা আকৌ,— মানুহ নামৰ প্ৰাণীবিধৰ বিশ্বাস নাই। কেতিয়া আহি অৰণ্যত সোমাবহি, তাৰো ঠিক নাই। গতিকে সদায় চকু কাণ সজাগ কৰি ৰাখিবা।”
বেলি ডুবিবৰ হ’ল। ঘোঁৰাই শহাৰ পৰা বিদায় ল’লে। শহাইও নিজৰ গৃহ অভিমুখে খোজ দিলে। মনতে ভাবিলে— মানুহৰ মাজলৈ পুনৰ স্বাভাবিক পৰিৱেশ ঘূৰি আহক।
কৰোঁতে মানুহে বহু ভুলেই কৰিছে। কিন্তু সেইবুলি শহাই মানুহ জাতিৰ ধ্বংস হোৱাটো কামনা নকৰে। মানুহে প্ৰকৃতিক শত্ৰুজ্ঞান কৰিলেও প্ৰকৃতিয়ে মানুহক শত্ৰুজ্ঞান নকৰে। কথাটো মানুহে বুজিলেই ৰক্ষা।
কথাবোৰ ভাবি ভাবি শহাই নিজৰ খোজৰ গতি বঢ়াই দিলে।
লেখকৰ ঠিকনা: মাতু হাজৰিকা, সূৰ্যপুৰ তিনিআলি, পাভৈ পথ, বিশ্বনাথ চাৰিআলি-৭৮৪১৭৬