গাহৰি আৰু কুকুৰ

  • Published on 28 Jun 2023
গাহৰি আৰু কুকুৰ

মি চিং লোকসকলে গাহৰি পোহে আৰু গাহৰিবোৰক পূজা-পাতলতো ব্যৱহাৰ কৰে। অৰ্থাৎ তেওঁলোকে গাহৰিৰ মঙহ খায়ো। তেওঁলোকে কুকুৰো পোহে, কিন্তু কুকুৰৰ মঙহ নাখায়। নিশা গাহৰিবোৰ তেওঁলোকৰ চাংঘৰবোৰৰ তলত থাকে আৰু কুকুৰবোৰ থাকে ঘৰবোৰৰ বাৰাণ্ডাত।

অতীত কালত এই গাহৰি আৰু কুকুৰবোৰ একেজন পিতৃৰেই সন্তান আছিল৷ এদিন দেউতাকে সিহঁতক ক’লে, “তহঁতৰ যিটোৱেই আধা দিনত এবিঘা মাটি চহাব পাৰিবি, সেইটোৱেই মোৰ লগত থাকিব পাৰিবি।”

পাছদিনা ৰাতিপুৱা সোনকালে গাহৰি আৰু কুকুৰ দুয়োটা পথাৰ পালেগৈ আৰু মাটি চহ কৰাত লাগিল। গাহৰিটোৱে আধা দিনতে এবিঘা মাটি চহ কৰি উলিয়ালে। কাম শেষ হোৱাত সি ঘৰলৈ উভতি আহিল। কিন্তু কুকুৰটোৱে গাহৰিৰ দৰে মাটিখিনি চহ কৰিব নোৱাৰিলে। সি ভাবি ভাবি বুদ্ধি এটা উলিয়ালে। গাহৰিটোৱে চহাই থোৱা মাটিখিনিত সি কেইবাবাৰো অহা-যোৱা কৰি তাৰ ভৰিৰ চিন মাটিখিনিত এৰি থৈ গুচি আহিল।

ঘৰ পাই কুকুৰটোৱে দেউতাকক ক’লে,— সি তাৰ কাম সুন্দৰকৈ কৰি আহিছে।

তেতিয়া গাহৰিটোৱে দেউতাকক বুজালে, “কুকুৰটোৱে যিখিনি মাটি চহ কৰি আহিছোঁ বুলি কৈছে, সেইখিনি মাটি আচলতে মইহে চহ কৰি আহিছোঁ।”

কুকুৰটোৱে এইবাৰ দেউতাকক ক’লে, “গাহৰিয়ে যে মাটিখিনি চহ কৰি আহিছে তাৰ কোনো প্রমাণ নাই। তুমি পথাৰলৈ গৈ চাই আহাঁগৈ। গোটেই মাটিবিঘাতে মোৰ ভৰিব চিনহে দেখিবলৈ পাবা।”

প্ৰমাণ চাবৰ কাৰণে দেউতাক পথাৰ পালেগৈ আৰু সঁচাকৈয়ে চহ কৰি যোৱা মাটিডৰাত কুকুৰটোৰ ভৰিৰ চিনহে দেখিবলৈ পালে।

ঘৰলৈ ঘূৰি আহি দেউতাকে কুকুৰটোক তেওঁৰ ঘৰৰ বাৰাণ্ডাত শুবলৈ হুকুম দিলে আৰু গাহৰিটোক চাংঘৰৰ তলত থাকিবলৈ দিলে।

কিন্তু কিছুদিনৰ পাছত দেউতাকে যেতিয়া সঁচা কথাটো জানিব পাৰিলে, তেতিয়া কুকুৰটোৰ ওপৰত তেওঁৰ বৰ খং উঠিল। তেওঁ কুকুৰটোক ক’লে, “তই মিছা কথা কোৱা কাৰণে শাস্তি হিচাপে গোটেই নিশা সাৰে থাকি মোৰ ঘৰ-দুৱাৰ পহৰা দি থাকিব লাগিব আৰু তোৰ মঙহ কোনেও নাখাব।”

তাৰ পাছত গাহৰিটোলৈ মৰমেৰে চাই তেওঁ ক’লে, “তুমি চাংঘৰৰ তলত থাকিলেও মানুহে তোমাৰ মঙহ খাব আৰু তোমাক পূজা-পাতলতো উচৰ্গা কৰিব।”

ড° প্রফুল্ল দত্ত গোস্বামীৰ Tales of Assam নামৰ কিতাপৰ সাধুৰ আধাৰত।

শব্দাৰ্থ:

  • বিঘা: মাটিৰ এক হিচাপ (পাঁচ কঠাত এবিঘা)
  • হুকুম: আদেশ, নিৰ্দেশ

লেখকৰ ঠিকনা: ধ্ৰুৱজ্যোতি শৰ্মা, ভলাগুৰি সত্ৰ, কলিয়াবৰ, নগাঁও