অহংকাৰী কুকুৰা
- Published on 30 Jun 2023
এখন গাঁৱৰ মানুহ এঘৰত এটা মতা কুকুৰা আছিল৷ চুবুৰিৰ কুকুৰাজাকৰ মাজত সি অঘোষিত মাতব্বৰ আছিল৷ সি কাকো পৰোৱা নকৰিছিল৷ আন আন মতা কুকুৰা আছিল যদিও তাতকৈ সৰু আছিল৷ চুবুৰিটোৰ প্ৰ্ৰায়ভাগ পোৱালি কুকুৰাৰ সি দেউতাক আছিল৷ প্ৰত্যেক দিনা সি চুবুৰিৰ একোটা একোটা পৰিয়ালৰ বেলেগ বেলেগ কুকুৰাৰ সৈতে চুবুৰিটোত খাদ্য বিচাৰি ঘুটমুটাই ফুৰে৷ বেলেগ কুকুৰা তাৰ সন্মুখত পৰিলে সি যুঁজ কৰি আনটোক ধৰাশায়ী কৰে৷ পৰাপক্ষত তাৰ আগলৈ কোনো নাহে৷ এইবোৰে তাক অহংকাৰী কৰি তুলিছিল৷
মইনাহঁত, তোমালোকে নিশ্চয় ৰাতিপুৱা কুকুৰাই ডাক দিয়া শুনিছা৷ এই অহংকাৰী কুকুৰাটোৱে ভাবি লৈছিল যে সি ডাক দিয়াৰ পাছতহে ৰাতি পুৱায় অৰ্থাৎ সূৰ্য ওলায়৷ সি ডাক নিদিলে সূৰ্য নোলাব আৰু পৃথিৱীত দিন বুলি কোনো কথা নাথাকিব৷ এই লৈ তাৰ অহংকাৰৰ সীমা নাছিল৷ সি নিজকে ভগৱান বুলি ভাবিবলৈ লৈছিল৷
এদিন কুকুৰাটোৱে থিৰাং কৰিলে যে সি পৃথিৱীখন এদিনৰ বাবে অন্ধকাৰত ৰাখিব৷ সি ডাক দি ৰাতি নুপুৱায়৷ সেইমতে সি এদিনাখন ডাক নিদি চকু মুদি গঁৰালতে পৰি থাকিল৷ ঘৰৰ গিৰিহঁতে সিদিনা তাক বাহিৰত নেদেখি বিচাৰ-খোচাৰ কৰি গঁৰালত পাই তাৰ পৰা উলিয়াই দিলে৷ সি ভাবিলে— কি হ’ল, মই ডাক নিদিয়াকৈয়ে দেখোন সূৰ্যৰ পোহৰে চৌদিশ পোহৰাই তুলিছে! মনতে সি গুণাগঁথা কৰিলে, হয়তো সি আজি ভুলতে ক’ব নোৱৰাকৈয়ে ডাক দিলে৷
কেইদিনমানৰ পাছত সি এদিন আকৌ পৃথিৱীখন অন্ধকাৰত ৰাখিব বুলি ৰাতিপুৱা ডাক নিদিয়াকৈ চকু মুদি পৰি থাকিল৷ তাৰ মনৰ ভাব— আজি সকলো অন্ধকাৰত পৰি থাকক! হায় তাৰ অহংকাৰ, অলপ পাছত গঁৰালৰ দুৱাৰ খুলি দিয়াত পোহৰে তাৰ চকু চাৎ মাৰি ধৰাত সি কক্ কক্ কৰি ধৰমৰাই উঠি বাহিৰলৈ লৰ মাৰিলে৷
সি এঠাইত জুপুকা মাৰি বহি ভাবিবলৈ ধৰিলে— তাৰমানে প্ৰকৃতিৰ নিয়মতহে ৰাতি-দিন হয়৷ মোৰ ডাকত ৰাতি নুপুৱায়৷ মই মিছাতে গপত ওফন্দি আছিলোঁ৷ মই কোনো ভগৱান নহওঁ, মই এটা সাধাৰণ কুকুৰাহে৷ গৃহস্থই মন গ’লে যেতিয়াই তেতিয়াই মোক মাৰি ৰান্ধি খাব পাৰে৷
কুকুৰাটোৰ অহংকাৰ নিমিষতে মাৰ গ’ল৷ সেয়ে, মিছা গপত ওফন্দি থাকিব নালাগে৷ আনতকৈ নিজকে কেতিয়াও উচ্চ বুলি ভাবিব নালাগে৷
শব্দাৰ্থ:
- অঘোষিত: ঘোষণা নকৰা
- মাতব্বৰ: মুখিয়াল, ক্ষমতাবান লোক
- ধৰাশায়ী: যুঁজত পৰাস্ত কৰা, হৰুৱাই মাটিত শুৱাই দিয়া
- থিৰাং: নিশ্চিত কৰা
- গঁৰাল: জন্তু, চৰাই আদি ৰাখিবৰ বাবে বেৰা দি লোৱা ঠাই, পিঞ্জৰা
লেখকৰ ঠিকনা: মঞ্জু দত্ত, গৌৰী মেনশ্যন, ভি আই পি ৰোড, ছয়মাইল, গুৱাহাটী-২২