বজ্ৰপাত আৰু ঢেৰেকনি

  • Published on 05 Jul 2023
বজ্ৰপাত আৰু ঢেৰেকনি

(নাইজেৰিয়াৰ সাধু)

পু ৰণি কালত ঢেৰেকনি আৰু বজ্ৰপাতে মানুহৰ সৈতে একেলগে পৃথিৱীত বাস কৰিছিল৷ ৰজাই তেওঁলোকক গাঁৱৰ এমূৰত মানুহৰ ঘৰবোৰৰপৰা আঁতৰত বাস কৰিবলৈ দিছিল৷

ঢেৰেকনি আছিল এজনী বুঢ়ী ভেড়ী আৰু বজ্ৰপাত আছিল তাইৰ পুতেক,— এটা ভেড়া৷ ভেড়াৰ যেতিয়াই খং উঠে, সি বাহিৰলৈ ওলাই গৈ মানুহৰ ঘৰ-দুৱাৰবোৰ পুৰি পেলায় আৰু গছবোৰ বগৰাই দিয়ে৷ সি আনকি খেতিবোৰো নষ্ট কৰে আৰু কেতিয়াবা মানুহো মাৰি পেলায়৷ পুতেকে যেতিয়াই এই কামবোৰ কৰে, মাকে এক ডাঙৰ মাতেৰে চিঞৰি চিঞৰি পুতেকক সেয়া বন্ধ কৰিবলৈ কয়৷ কিন্তু বজ্ৰপাতে মাকৰ কথালৈ কাণ নিদিয়ে৷ তাৰ মন বেয়া হৈ থাকিলে সি বেছিকৈ ক্ষতি কৰিছিল৷ মানুহে সেয়া বেছি দিনলৈ সহ্য কৰি নাথাকিল আৰু এদিন গৈ ৰজাক অভিযোগ দিলে৷

ৰজাই ভেড়া আৰু ভেড়ীক গাঁও এৰি গৈ ওচৰৰে হাবিখনত বাস কৰিবলৈ নিৰ্দেশ দিলে৷ কিন্তু তেতিয়াও লাভ নহ’ল৷ ভেড়াৰ খং উঠিলে সি হাবিত জুই লগাই দিছিল। সেই জুই বিয়পি গৈ মানুহৰ খাত-পামবোৰো পুৰি পেলাইছিল৷

সেয়ে মানুহবোৰে আকৌ অভিযোগ দিলে আৰু ৰজাই বজ্ৰপাত আৰু ঢেৰেকনি দুয়োকে পৃথিৱীৰপৰা খেদি পঠিয়ালে৷ তেতিয়া সিহঁত গৈ আকাশত থাকিবলৈ লোৱাত বজ্ৰপাত ভেড়াই মানুহৰ বেছি ক্ষতি কৰিব নোৱৰা হ’ল৷ তেতিয়াৰপৰা যেতিয়াই বজ্ৰপাতৰ খং উঠে, সি আগৰ দৰেই ক্ষতি কৰিব বিচাৰে, কিন্তু তাৰ মাক ঢেৰেকনিয়ে তাক তেনে নকৰিবলৈ চিঞৰি চিঞৰি বাধা দিয়ে৷

শব্দাৰ্থ:

  • খাত-পাম: ঘৰৰপৰা আঁতৰত থাকি খেতি-বাতি কৰা মাটি বা ঠাই
  • অভিযোগ: আপত্তি, দোষ দি গোচৰ দিয়া

লেখকৰ ঠিকনা: প্ৰকল্প ৰঞ্জন ভাগৱতী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়