মুনুমণিৰ পণ

  • Published on 13 Jul 2023
মুনুমণিৰ পণ

চাওঁতে চাওঁতেই মুনুমণিৰ
গ্ৰীষ্মৰ বন্ধ আহিল,
তাকে গম পাই মুনুমণিৰ
নথৈ আনন্দ লাগিল।

গৰমৰ বন্ধত মইনাহঁত
ঠাই ফুৰিবলৈ যাব,
নানান ঠাইত ঘূৰি ফুৰি
ৰং-ধেমালি কৰিব।

মুনুমণিৰ সেইবোৰলৈ পিছে
নাই মন-কাণ,
পঢ়া-শুনাত ভাল হ’লেহে
পাব পাৰি সুনাম।

গ্ৰীষ্ম বন্ধত কি কৰিব সি—
নানা কথা ভাবিলে,
অধ্যয়ন বেছিকৈ কৰিব বুলি
মনতে পণ ল’লে।

মিছা কথা কেতিয়াও নকয়
ল’লে ভাবি-গুণি,
মিছা কথাই কৰে আমাৰ
অনেক অনেক ক্ষতি।

মোবাইল চাই আহাৰ খোৱাৰ
অভ্যাস যি আছে,
সেয়া এৰাৰো মুনুমণিয়ে
পণ ল’লে পিছে।

মুনুমণিৰ পণ

সময় হেনো অমূল্য সম্পদ
ডাঙৰ মানুহে কয়,
সময়ৰ সৎ ব্যৱহাৰ কৰিলে
জীৱন ৰঙীন হয়।

পৰোপকাৰ কৰাৰ পণ
মুনুমণিয়ে ল’লে,
আনৰ উপকাৰ কৰিলে হেনো
জীৱন যায় ভালে।

পিতৃ-মাতৃৰ সকলো কথা
সদায়েই শুনিব,
তেতিয়াহে পিতৃ-মাতৃৰ
মৰম সদায় পাব।

গণিত তাৰ বাবে টান বিষয়
মুনুমণিয়ে টং কৰে,
গৰমৰ বন্ধৰ কালছোৱাত
শিকি ল’ব ভালদৰে।

গ্ৰীষ্ম বন্ধ বুলি মুনুমণিয়ে
নানা কথা আলচিলে,
উৎসাহেৰে জীৱন গঢ়াৰ
ন সপোন ৰচিলে।

শব্দাৰ্থ:

  • পৰোপকাৰ: আনৰ উপকাৰ কৰা
  • টং কৰে: মন কৰে, ভালকৈ ভাবি চায়

লেখকৰ ঠিকনা: দিগন্ত বৈশ্য, গাওঁ/ ডাক: শুৱালকুছি, পদ্মৰাম কাকতি পথ, কামৰূপ